Friday 7 February 2014

নতুন অসমীয়া বোলছবি ...ৰাগ... The Rhytham Of Love….. ৰ কথাৰে....


ইকবাল:- তুমি কি বিচৰা ৰাধিকা? প্ৰেম, সৌন্দৰ্য, নে সত্য...
ৰাধিকা:- জীৱন বিচাৰো মই



এই সংলাপটি আজি সদ্যমুক্তিপ্ৰাপ্ত ৰাগ.. The Rhytham Of Love….. ৰ এটি অন্তৰংগ মুহূৰ্তৰ।

অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু দিল্লীৰ মান্না ফিল্মছে যুটীয়াভাৱে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ৰজনী বসুমতাৰী, অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমাৰ সকলোৰে পৰিচিত অসমৰ আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী বসুমতাৰী, আৰু কপিল বৰা আদিয়ে।

ছবিখনৰ কাহিনী আৰু বিষয়বস্তু জীৱন ভিত্তিক, প্ৰতিটো চৰিত্ৰৰ অন্তৰালত এক গভীৰ বাস্তৱবোধ সোমাই আছে, সেইবাবেই হয়তো চৰিত্ৰসমূহৰ সংলাপ, অভিনয়ে মনত বাৰুকৈয়ে সাঁচ বহুৱাই থৈ গল। বৰ্তমান সময়ৰ প্ৰেক্ষাপত্ৰত কৰ্পৰেট খণ্ডত চাকৰি কৰা প্ৰতিযোগিতাৰ দৌৰত দৌৰি ফুৰা, এজন উচ্চাকাংক্ষী স্বামী আৰু আনফালে পত্নী শাস্ত্ৰীয় সংগীতৰ শিল্পী| এই দুই চৰিত্ৰৰে প্ৰথমে ছবিখন আৰম্ভ হয়। নগৰীয়া সভ্যাতাৰে সুসজ্জিত ঘৰটোত সকলো ধৰণৰ সুবিধা থকাৰ পিছতো যেন ৰাধিকাক অহৰহ নিঃসগতাৰ আৱৰি থাকে। সেইবাবেই সংগীতক পুনৰবাৰ সংগী হিচাপে লোৱাৰ পিছতেই প্ৰতিবেশী চিত্ৰশীল্পী আৰু সংগীতৰ অনুৰাগী ইকবালৰ সৈতে চিনাকি হয়, সেই ইকবালেই ৰাধিকাৰ জীৱনলৈ যেন নতুন হেঁপাহ আৰু প্ৰেৰণা আনি দিয়ে।


এইয়া ছবিখনৰ কাহিনীৰ কিছু অংশহে মাথো।

চৰিত্ৰসমূহৰ ক্ষেত্ৰত পৰিচালকে অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। বিশেষকৈ আদিল হুছেইন আৰু জেৰিফা ৱাহিদৰ অভিনয়ে সকলো দৰ্শককেই মুগ্ধ কৰিব পাৰিছে। 
সংগীতৰ ক্ষেত্ৰত কন্ঠশিল্পী অনিন্দিতা পাল, মূৰ্ছনা বৰকাকতি, দিক্ষুৰ লগতে গীতিকাৰ শৰৎ বৰকাকতী, ৰাজদ্বীপ আদিকে ধৰি সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছো সুন্দৰ, লঘু শাস্ত্ৰীয় সংগীতসমূহ আমাক উপহাৰ দিয়াৰ বাবে। 
মোৰ মন মগজুত কিয়নো নুবুজা” “এ জোন জিলমিল সন্ধিয়া” “ টোপ টোপ সৰে আন্ধাৰ” “আকৌ এবাৰশীৰ্ষক গীতৰ ধ্বনি এতিয়াও ঝংকাৰিত হৈ আছে। 

তাৰোপৰি বোলছবিখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।


-
ইন্দ্ৰনীল গায়ন
   নগাঁও
৭/২/২০১৪


No comments:

Post a Comment