Saturday 12 March 2016

এ ডে ৱিথ কাফকা






বহুবছৰৰ আগেয়ে তেওঁ মোৰ চহৰলৈ আহিছিল গ্ৰেগৰ ছামচা৷ কাফকাৰ মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰটো৷
প্ৰাগ চহৰৰ কফী হাউচৰ সমুখখিনি সেইদিনা বৰফৰে ভৰি পৰিছিল৷
হঠাতে তেওঁ কৈছিল ” আপুনি বৰফৰঙী”
মোৰ উত্তৰ আছিল আইম নট’
আমি কিছু সময় ইটো সিটো কথাৰে আড্ডাটো জমাই ল’লো৷
আড্ডা জমাব পৰাটোও এটা কলা…
কোনে ক’লে??
ক’ৰপৰা জানো উফৰি আহিছিল
হেই হিয়েৰ আইম কাফকা
লগ পাই গ’লো
এশবছৰৰ পিছত!!
মই কাফকাক দেখি শিল পৰা কপৌৰ দৰে হৈ পৰিলোঁ৷ কি আচৰিত সেইজন মানুহেই এইজন৷ এতিয়া বয়সৰ চাপ পৰিছে৷ অভাৰকোটটোৰ ভিতৰত এটা জীৰ্ণ দুৰ্বল শৰীৰ৷
মই তেওঁক সুধিলোঁ আপোনাৰ মুখখনত অসুখৰ ছাঁ পৰিছে৷ তেওঁ ক’লে হয় মই যক্ষ্মা ৰোগী৷
চিকিৎসা কৰোৱা নাই??
কৰাইছো৷ এতিয়া বহুত পলম হ’ল৷ বিকল্প একো নাই মৃত্যুৰ বাহিৰে৷
আপুনি অকলশৰীয়া??
হয় বৰ্তমান মোৰ কোনো নাই৷ আজিৰ পৰা বহু বছৰৰ আগতে ফেলিচ নামৰ এগৰাকী প্ৰেয়সী আছিল৷
এতিয়া
নাই৷
মৃত্যু হৈছে৷
অহ্
আই এম ছৰী৷৷
ইটছ ওকে৷ এইখন পৃথিৱীত কোনো মানুহ জীয়াই নাথাকে৷ এদিন আগত আৰু এদিন পিছত, শাশ্বত ৷
হয়, আপুনি ঠিকেই কৈছে৷৷ কফী খাব?? আপোনাৰ নামতেই আছে কফী হাউচটো ‘কেফে কাফকা”
ভাল লাগিব যদি মোৰ অনুৰোধটো ৰক্ষা কৰে৷
নিশ্চয়৷ মোৰ পিয়াহ লাগিছে৷ আনিবলৈ দিব পাৰে৷
এনেদৰেই কথা চলি থাকে৷ মাজে মাজে তেওঁ টেবুলৰ পৰা উঠি যায়৷ মই জানো তাৰ কাৰণ৷ তেওঁৰ হাতত বেছি সময় নাই৷
” A great mouthful of water”
তেওঁৰ পিয়াহ লাগিছে৷ মাত্ৰ ৪২ টা বছৰ৷ ৰৈ গ’ল তেওঁৰ আধৰুৱা উপন্যাসখন দী ক্যাছল৷
হঠাতে মোৰ সমুখৰ পৰা চহৰখন নোহোৱা হৈ গ’ল৷ আৰু সম্বিত ঘূৰাই মই নিজক আৱিষ্কাৰ কৰিছিলোঁ সৰু কোঠাটোৰ ভিতৰত৷
আঃ
কাফকা….

(টোকা: কাফকা হৈছে কুৰি শতিকাৰ এজন অতিকৈ প্ৰখ্যাত লেখক৷ মেটামৰফ’চিছ হৈছে তেওঁৰ সাহিত্য জীৱনৰ অন্যতম কৃতি, প্ৰাগ হৈছে তেওঁৰ জন্মস্থান৷ গ্ৰেগৰ ছামচা হৈছে মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰ৷)

Sunday 17 August 2014

:আছিফ:


জেপত এটা সৰু কবিতা
আছিল
আধালেখা
প্ৰেমৰ
বিশ্বাস কৰক
মই পঢ়ি চোৱা নাছিলো
মাথোঁ দেখিছিলো
দুটা আখৰ
তেজৰ চেঁকুৰ লগা
সূৰ্যাস্ত
আৰু
সূৰ্যোদয়ৰ
ঠিক
যিদৰে আপুনি প্ৰেয়সীৰ চকুহালত দেখিছিল
শেষবাৰৰ বাবে !!
পুনঃ
দীঘল বাট এটাৰ মূৰত
মানুহবোৰ ৰৈ আছিল
বিষাদৰ তান এটাৰ দৰেই
তেওঁলোকে কৈছিল:-
বেদৰ্দী দুনিয়াত
আছিফহঁতৰ দৰে ক’ত ল’ৰা স্বহীদ হৈ গৈছে !!
খবৰ জানো কোনোবাই ৰাখিছে ।।

( টোকা:- বিশিষ্ট কবি, গল্পকাৰ অতনু ভট্টাচাৰ্যৰ " বৰষুণ আৰু সূৰ্যোদয়ৰ ঠিকনা" শীৰ্ষক গল্পটো পঢ়ি হোৱা অনুভৱখিনি কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিলো, আৰু"আছিফ" হৈছে গল্পটোৰ মূল চৰিত্ৰ)

:১৫ আগষ্ট:



তামস আকাশখনত

এজাক ধোঁৱাবৰণীয়া

 সপোনৰ কিৰিলী

অতনু হৃদয়ত
তেজৰ তুমৰলি
  নৈ
বৈ যায়.. বৈ যায়...

কেওদিশে

স্বাধীনতাৰ উৎসৱ

কোনোবা মাতৃৰ বুকুত
কান্দোন এটা জ্বলি জ্ব্লি
শেষ হয়
সমাধি হবলৈ !!


 (ধেমাজিৰ বোমা-বিম্ফোৰণত নিহত হোৱা কণ কণ শিশুসকলৰ পৰিয়ালবৰ্গৰ হাতত সহৃদয়তাৰে)

Friday 1 August 2014

: নিৰ্জনতাৰ সৈতে পাৰ কৰা সময়:


নিৰ্জনতাৰ বা নিসংগতাৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ’ল এয়ে যে ই তোমাক কিতাপ পঢ়াৰ আনন্দ দিয়ে
-      হেৰল্ড ব্লুম

এই প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে কোৱা উক্তি শাৰী আখৰে আখৰে পালন কৰি আহিছোনিৰ্জনতাৰ বা নিসংগতাৰ মাজত ডুবি থকা জনে হয়তো ভালদৰেই উপলব্ধি কৰিব পাৰে ইয়াৰ ভাবাৰ্থ আচলতে আমি যদিওবা সংগৰ মাজত থাকো, কেতিয়াবা নিজকে খুব অকলশৰীয়া যেন অনুভৱ হয় কাৰণবোৰ অহেতুকে বিশ্লেষণ কৰাৰ প্ৰয়োজন হয়তো নাথাকে, কিম্বা এই প্ৰশ্নৰ উত্তৰো কাৰো হাততেই পোৱা নাযায় কিন্তু সঁচা কথা নিসংগতাত সংগও কেতিয়াবা বিৰক্তিকৰ হৈ পৰে

 সেইবাবে নিসংগতায়ে যেতিয়া মোক গ্ৰাস কৰি ধৰে, তেতিয়াই মোৰ ভাললগা এখন  কিতাপ পঢ়িবলৈ উলিয়াই লওঁ আৰু সেই কিতাপখনৰ গভীৰতাৰ সৈতে একাত্ম হৈ পৰো যদিওবা দিনটোৰ কৰ্ম ব্যস্ততাৰ মাজত অকলশৰে থকাৰ খুব কম সময়হে পাওঁ, তথাপি ঘৰলৈ ওভতি অহাৰ পিছত মা, দেউতা, দাদাৰ সৈতে দিনটোৰ অভিজ্ঞতাৰ সুখ দুখৰ কথাবোৰ আমি ইজনে সিজনৰ সৈতে ভাগ বতৰা কৰি লওঁ, ইও আমাৰ মনত এক অনাবিল প্ৰশান্তি দিয়ে

   


  নিসংগতা হৈছে নিৰৱতাৰ একান্ত উপাসক সৃষ্টিশীলতাৰ পৃথিৱীত নিৰ্জনতাৰ কিমান প্ৰয়োজন সেই কথা সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত থকা প্ৰতিজন ব্যক্তিয়ে  মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে

এইখিনিতে প্ৰখ্যাত কথাশিল্পী হোমেন বৰগোহাঞিয়ে কোৱা এষাৰ কথা মনলৈ আহিছে:-
    “ জীৱনৰ দীঘলীয়া বাটৰ দুয়োকাষে সিঁচৰিত হৈ আছে অলেখ সহজ সুখৰ সুধা যাৰ বাবে জীৱনত সুখী নোহোৱাকৈ থকাটো প্ৰায় অসম্ভৱ”

   সঁচাকৈয়ে জীৱনৰ দীঘলীয়া বাটটোৰ একাষে এৰি থৈ অহা সময়ৰ পদচিহ্নয়ে সুখ দুখৰ কথাবোৰ সোঁৱৰাই দিয়ে আমিও এদিন সেই বাটেৰে  গুচি যাম  কাহানিও ওভতি নহাৰ প্ৰতিশ্ৰুতিৰেমাথো লিপিবদ্ধ হৈ ৰ’ব এছোৱা বৰ্ণিল অনুভূতিৰ কিছু নিদাৰুণ অধ্যায়
 
সেয়ে ভবো, নিসংগতা বা নিৰ্জনতাৰ সময়ছোৱাত কিতাপতকৈ হয়তো প্ৰিয়তম সংগী আনএকোৱে হ’ব নোৱাৰে




ইন্দ্ৰনীল গায়ন

:দৈনন্দিন:



আন্ধাৰ ফালি ফালি
পোহৰ নামে,
জলঙাৰে
কোঠাটোত ওলমি থাকে
ৰাতিপুৱাটো
দিনবোৰ
আহে আৰু যায়
আহে আৰু যায়
কাগজৰ টুকুৰাত
বিদ্ৰোহ, নিবনুৱা, ধৰ্ষণ,
খবৰবোৰ
বেখবৰ হয়
প্ৰাত্যহিকতাৰ দৌৰত..

- ইন্দ্ৰনীল গায়ন

:এমুঠি অনুভৱ:


(১)
বিষাদ:-
বিবৰ্ণ আকাশৰ
বুকুত মেঘমল্লাৰ
মেঘমল্লাৰ
আহাচোন
কাণপাতি শুনো
স্বপ্নময় হৃদয়ৰ বিষাদগাঁথা!!
(২)
:যন্ত্ৰণা:
এয়া চোৱা
মোৰ দেহৰ
সিৰায়ে সিৰায়ে
প্ৰগলভ ভালপোৱাৰ আৰক্ত যন্ত্ৰণা!!
(৩)
নিঃসংগতা
শুনিছো
নিঃসংগতা হেনো
নিৰৱতাৰ প্ৰিয়তম সংগী
যদি  কওঁ
মই তেনেকৈয়ে সুখী??
তুমি কি ক’বা!!
(৪)
:সান্নিধ্য:-
গধুৰ শব্দ এটাৰ দৰে
বুকুত ওলমি থাকে
এতিয়া ব্যস্ততা তাৰ আন এটি নাম!!

(৫)
সম্পৰ্ক:-
ইচ্ছা অনিচ্ছাৰ মাজত
“বান্ধোন”
আজিকালি কৃত্ৰিম

(৬)
মিলন:-
প্ৰাপ্তি- অপ্ৰাপ্তিৰ
দোমোজাত
ৰুক্ষ দুৱাৰ
হয়তো
অক্ষমতা !!

(৭)
বিছ্ছেদ:-
ঘৰমুখী হোৱাৰ কথা আছিল
কিন্তু...
তুমি নক’লা- “ এবাৰলৈ হ’লেও ৰৈ যোৱা”

(৮)
খবৰ:-
বিয়পি পৰিল
চৌদিশে...

নামৰ আগত এটা নতুন সম্বোধন:-
বদনাম..
বদনাম।।


ইন্দ্ৰনীল গায়ন

: তিনিটা কবিতা:


()
:খোজ:
নিশাবোৰ
কুমজেলেকুৱা 
এটাৰ দৰে কিলবিলায় কিলবিলায়
ঘূৰি ফুৰে
মোৰ আশে- পাশে
ধূসৰ আন্ধাৰত
ছোঁ মাৰি গু যায়
কোনোবা অচিন ঘাতক
সেয়া কোন??
সৰ্পিল গতিৰে
আগবাঢ়ে সময়ৰ খোজ
()
:হত্যা:
ৰোগাৰ্ত শৰীৰৰ
নিভৃত কোণত
যন্ত্ৰণাৰ
অবাধ
অহা-যোৱা
আঃ
এটি কাতৰ হুমুনিয়াহ
ক্ৰমাৎ
বগুৱা বাই আহে
প্ৰসাৰিত দুখন সৰীসৃপ হাত
এয়া
মই নিজক হত্যা কৰিছো
()
:বাট:
নিজানে নিজানে 
ৰাতিটো বহি থাকে
হাত মেলিয়েই
চুই চাব নোৱাৰো
প্ৰত্যহ সময়ক
চিনো-নিচোনকৈ
গৈ থকা
এটি বাট 
দুখৰ সমাধিলৈ ।।

- ইন্দ্ৰনীল গায়ন