Friday 26 April 2013

কবিতা


:মহানগৰৰ দুটা স্তৱক:


(১)



কৃষ্ণচুড়াৰ দেশলৈ গৈছিলো 
সপোন এটা বন্ধকীত থ’বলৈ ৷
বৰষুণজাক আহিল,
তিতিলো ৷
তোমাক আকৌ লগ পাম
সময় ৰৈ যাব
মই ওভতি আহিম৷



(২)

নিশা হ’লে ব্যস্ত পথটো

নিসংগ হৈ পৰে

আৰু 

ষ্ট্ৰীটলাইটবোৰ ৰখীয়া

বেশ্যাজনী ৰৈ থাকে বেনামী ঠিকনাটোলৈ ৷ 


Wednesday 10 April 2013

অনুভৱৰ অৱকাশ কথাৰে


মৌন ওঁঠ!! মৌনতাই কেতিয়াবা বহু কথা কয় !!

আধৰুৱা চিঠি !!

কেতিয়াবা বগা কাগজ এখিলাত আঁক বাক কৰোঁ

ভুল বুজিছা !! সেইয়া কবিতা নহয়
অথচ !!

সাঁচি ৰাখো আকাৰ দিবলৈ
শূন্য সময়ৰ !!

Tuesday 9 April 2013

কবিতা


:অৰুন্ধতী তোমালৈ :


সপোন এটা আছিল

তোমাৰ সৈতে

ওৰেটো জীৱন

বাট বুলাৰ কথা আছিল !!

 হৃদয় হেৰায় !!

 ঠিকনা... ?

 হুমুনিয়াহ এটি হৈ বাগৰ

    সলায়।

পৰিশিষ্ট:- কাল্পনিক চিত্ৰকল্প

Monday 1 April 2013

কবিতা


:স্পৰ্শ:


স্পন্দনবোৰ  নিস্তেজ হৈ পৰিল



 নিৰ্জনতাত



স্পৰ্শ কৰিব খুজিও স্পৰ্শিত হোৱা নাছিল

মৌনতাৰ ক্ষণবোৰ

পুনঃ

ব্যথিত হৃদয়ত

বন্ধ্যা সময়ৰ উষ্ম আলিংগন।