Friday 7 February 2014

নতুন অসমীয়া বোলছবি "চিঞৰ" ৰ কথাৰে:-

নতুন অসমীয়া বোলছবি "চিঞৰ" ৰ কথাৰে:-

" A True Story Is based on The Gobin Khaund’s Sayelikar Diary"

ঈষৎ হাঁহি এটাৰে
সুহুৰি মাৰি গুচি গ
তাই হেনো 
বেশ্যা

------------------------------------------

দাপোন এখন প্ৰতিচ্ছবি, যিয়ে অলংকৃত কৰে আপোনাক, মোক, আৰু সকলোকেই, লুকাই থাকে ভাগ্য, দুৰ্ভাগ্যৰ, হাজাৰটা বন্দীত্বৰ প্ৰশ্ন... 

নিশা গভীৰ হৈ পৰাৰ লগে লগেই সকলোবোৰ নীৰৱ হৈ পৰে, জনশূন্য বাট পথত মাথো নিজম হৈ পৰি ৰয় নিয়ন লাইটৰ এচমকা সোণালী পোহৰ| সেই পোহৰতেই কাৰোবাৰ জীৱন যুদ্ধ, উশাহ হেৰুৱাই জীয়াই থকাৰ অবুজ বেদনাৰ সিক্ত আঁচল|

কিমানজন আভিজাত্যই তৃপ্তি লভে গোপন অভিসাৰী নিশাবোৰত, ঠিকনা, পৰিচয়ৰ প্ৰয়োজন নাথাকে মাথো দলিয়াই দিয়ে টকাৰ বান্দোল|


সঁচাকৈয়ে এইয়াও জীৱন|

সেই বাটটোৰে তাইৰ যোৱাৰ কথা নাছিল কাহানিও কিন্তু সময় আৰু দুৰ্ভাগ্যই এনে এটি পৰিস্থিতিত দলিয়াই পেলাই যে তাইৰ নিজৰ শৰীৰটোক ঘৃণ কৰিবলৈ আৰম্ভ কৰে| 

এয়াই হৈছে বোলছবিখনৰ এটি কৰুণ পৰিসমাপ্তি।

সঞ্জীৱ নাৰায়নৰ প্ৰযোজনা আৰু কংকন ৰাজখোৱাৰ পৰিচালনাৰে বৰ্তমান সময়ৰ প্ৰেক্ষাপতক লৈ প্ৰায়ে দেখি থকা কিছুমান বাস্তৱধৰ্মী সমস্যাক ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে অতি সুন্দৰ ভাবে উপস্থাপন কৰিছে।

চৰিত্ৰসমূহৰ ক্ষেত্ৰত পৰিচালকে অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি বোলছবিখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।

এই সুযোগতে সঞ্জীৱ নাৰায়ন, কংকন ৰাজখোৱাৰ লগতে বোলছবিখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ|

-
ইন্দ্ৰনীল গায়ন
১৮/১/২০১৪

No comments:

Post a Comment