Saturday 9 February 2013

প্ৰেম ভালপোৱা আৰু কিছু অনুভূতি:-



    (১)


প্ৰেম হৃদয়ৰ ভাষা:-

মোক এখন হৃদয় লাগে
যি মোৰ সুখ-দুখৰ সমভাগী 
কেৱল হাঁহিবলৈ ওঁঠজুৰি নহয় ( অনিন্দিতা কলিতা)

সঁচাকৈয়ে প্ৰেম হৈছে এক আকাংক্ষা জীৱনৰ, মিলন হয় দুখন হৃদয় ই চিৰপ্ৰৱাহমান সাগৰৰ ঢৌৰ দৰে, নতুন অনুভৱ, নতুন সপোন এটাই পোখা মেলে, আৰু বাট চাই ৰয় প্ৰাপ্তিৰ আৱেশত।

    (২)

 হৃদয়ৰ ঠিকনা:- 

  এটি ঠিকনা অনাহূত পৰিচয়, হৃদয় যে এনেকুৱাই, মিঠা সপোন এটাই গুণ-গুণাই অনুৰণিত হয় স্পন্দন, এই যে ক’ব খোজা কথাবোৰ গুপুতে ৰয়, বুকুত সাঁচি  ৰখা সাৰহীন আশাবোৰ 
যদিওবা আকুল হৈ পৰে গাঁথি লৈ ফুৰা হৃদয়ৰ ভাষাবোৰ, কিনো ক’ম জানাই দেখোন 

নামবিহীন ঠিকনাটো !! 

কিয় জানো মন যায় এনেকৈয়ে ভাবি থকা কথাবোৰ তোমাক ক’বলৈ।

   (৩)

নিঃশব্দে বুকুৰ ভিতৰলৈ সোঁমাই অহা এজাক বৰষুণ:- 

এই বাটটিৰে তুমি যেতিয়া অহা মোৰ হৃদয়ত জানো কি হয়... এইজাকেই যে প্ৰথমজাক বৰষুণ হৃদয়ৰ তিতিছিল আৱৰণ খুলি কেৱল তোমাৰ বাবেই.....
    
    " The Moment you have in your Heart This extraordinary Things Called Love And Fell    The   depth, The Delight, The Ecstasy of it, You will Discover 
                       That For You               
              The World Is Transformed"   
     
সঁচা ভালপোৱা জীৱনৰ এটি নাম, কঢ়িয়াই লৈ ফুৰে  এক অনুৰাগ... 

প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।
  
নজনাকৈয়ে, 

প্ৰেম নিশ্চয় এনেকুৱাই 
আৱৰণ খুলি হৃদয় জুৰায় ( হীৰু দা)

  (৪)

বিষাদভৰা হৃদয়:-  

ভালপোৱাৰ ছবিখনে কেতিয়াবা কষ্ট দিয়ে , অবিশ্বাসৰ মাজত গঢ় লৈ উঠা এটি সম্পৰ্কই কেতিয়াও 

সুখী কৰিব নোৱাৰে, প্ৰেম হৈছে এক বিশ্বাসৰ সাঁকো,

আজি আকৌ এজাক বৰষুণ বিষাদভৰা হৃদয়ৰ
ভাগৰুৱা দুচকুৱে কান্দো বুলিও কান্দিব পৰা নাই

কিয় জানো....

অশ্ৰুও আজি নিৰ্বাক দুচকুতে কেৱল...?

 সেই ছবিখন এতিয়া অৰ্থহীন পোহৰৰ মাজত...

 সকলোৱে কয় প্ৰেম হেনো স্বৰ্গীয় অনুভূতি, মই সেই অনুভূতিৰ এটি নগন্য ধূলি কণাহে মাথো।

   
ক্ৰমশঃ


উপলব্ধিৰ বাটত.............

গুণ-গুণাই অহা এটি পখীৰ মাত 

সাৰ পাই উঠা এটি সপোন
    আৰু 
কিছু আৱেগ।  


No comments:

Post a Comment