Saturday 9 February 2013

প্ৰত্যাশা অপ্ৰত্যাশাৰ দোমোজাত কিছু মনৰ অনুভৱ



সময়ৰ এটি পৰিধিত
সু্খ দুখ, হাঁহি, কান্দোন 
 প্ৰতিবাৰেই দি থৈ যায় ,
কিছু প্ৰাপ্তি অ-প্ৰাপ্তিৰ বেষ্টনিত
সাঁচি ৰখা কিছু মধুৰ স্মৃতি।

সময়বোৰ গৈ আছে দিন ,সপ্তাহ , মাহ , আৰু শেষত এটি বছৰৰ পৰিসমাপ্তি। আমিবোৰ ৰৈ গৈছোঁ নেকি .. ? প্ৰতিদিনেই ভাবো আজি এটি নতুন দিনৰ আৰম্ভণি কৰিম আৰু দিনটোৰ শেষত ভাবো আজি কি পালো বাৰু... ? মই ভবাৰ দৰে হ’লনে কামবোৰ। হয়তো কেতিয়াবা মই ভবাৰ দৰেই কামবোৰ হয় আৰু কেতিয়াবা নহয় । এইয়া জীৱন যি অহৰ্নিশে কঢ়িয়াই লৈ ফুৰে আশা , স্বপ্ন, আৰু এখন কল্পনাৰ ছবি। আমিবোৰ মাথো এটি পুতলাৰ দৰে সময়ৰ কাটাবোৰ যেন এটা চাবি আমাৰ বাবে , যেতিয়াই মন যায় নিজ ইচ্ছাৰে আমাক ব্যৱহাৰ কৰে ।

" Years End Is neither An End Nor A Beginning,
But A Going on,
with All the Wisdom
That experiance can instill in us "

এতিয়া এই যে পাৰ হৈ যোৱা সময়ৰ মুহূৰ্তবোৰ আমাৰ বাবে কেতিয়াও পুৰণি নহয়, হয়তো মোৰ ডায়েৰীৰ পৃষ্ঠাবোৰ যে এতিয়াও নতুনৰ দৰেই। প্ৰতিটো পৃষ্ঠাত মোৰ অনুভৱৰ অপৈনত শব্দ আৰু ছন্দবোৰ সজাই ৰখা হৈছে , আৰু কি ক’ম মোৰ সুখ দুখৰ ছবিবোৰ যে সেই পৃষ্ঠাবোৰৰ মাজতেই আৱদ্ধ । সেইয়া মোৰ বাবে আজিৰ দৰেই , প্ৰতিটো পলতেই মোৰ ছাঁৰ দৰে লাগি আছে ।

কিছু সজীৱ স্মৃতি

অনুৰণিত স্পন্দন

কেতিয়াবা উশাহত , নিঃশব্দত

জীৱনৰ ক্ষণ , আশা , আৱেগ

অসম্পূৰ্ণ

অনুলিখিত ।


হয়তো এনেদৰেই ৰৈ যায় কিছু কথা অনুলিখিত ভাৱে .....

মোৰ মনটোৱে অহৰ্নিশে বিচাৰি ফুৰে বৰ্ণময় জীৱনৰ সৰু সৰু সুখ, দুখৰ ছবি এখন আৰু ভ্ৰমি ফুৰো এখন নদীত , সেই নদীখন যে মোৰ খুবেই প্ৰিয় , কাৰণ মোৰ যেতিয়াই মন যায় তেতিয়াই সাঁতুৰিব পাৰো মোৰ স্বপ্নৰ সন্ধানত ।


" keep Your Heart Open to Dreams For As Long..?
As there's A Dream, There is Hope, And As Long....?
As there Is Hope,
There Is Joy In Living..... "

প্ৰয়োজন এখনি মুকলি আকাশ, য’ত কণমানি সপোন এটাই উশাহ ল’ব পাৰে ।

প্ৰতিবাৰেই ভাবো হৃদয়ৰ কথা কি লিখো বাৰু......
তথাপি ........

উভতি যাম
অনুভৱৰ বাটত
সপোনটিয়ে পোখা মেলিব
তুমি ( এতিয়াও নামবিহীন )

আঁকোৱালি ল’বা আলফুলে
নযহা নপমা
হৃদয়ৰ এটি কোণত । 

স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদ’ৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন আৰু একোটি অদ্বিতীয় প্ৰেমৰো হ’ব পাৰে ভিন ভিন নাম"

সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।

জীৱন এখনি বোঁৱতী নদীৰ দৰে, যি বৈ যায় অবিৰত ভাৱে কেৱল দি থৈ যায় সময়ৰ এটি চিনাকি নাম। এতিয়া মাথো প্ৰয়াস কৰো সময়ৰ প্ৰতিটো পলত বিচাৰিবলৈ জীৱনৰ নিৰ্বাক স্তব্ধতাৰ মাজত পোৱা নোপোৱাৰ হিচাপবোৰ।

জীৱন গঢ়াৰ বাটত লোৱা সংকল্পবোৰ, কিমানদূৰ আগুৱাই যাব পাৰিম নাজানো, মাথো

চেষ্টা অব্যাহত ৰাখিম ।

( আমি অসমীয়া ই-আলোচনীত প্ৰকাশিত প্ৰবন্ধ)

No comments:

Post a Comment