Wednesday 23 July 2014

গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে

     (১)
_______________________
কবিতা হৈছে কবিয়ে মনৰ অনুভৱক স্বতঃফূতভাৱে ব্যক্ত কৰা, অৰ্থাৎ কবিয়ে কবিতাক নিৰ্মাণ নকৰে, শব্দৰ জৰিয়তে প্ৰকাশ কৰে। কবিসকলে কবিতাৰ মাজেৰে অনুসন্ধান কৰে জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিষাদ, নিঃসংগতা, সমাজ বিষয়ক একোখন ছবি, আৰু সেই ছবিবোৰৰ মাজেৰেই প্ৰকাশ কৰে মনৰ অনুভৱবোৰ।
আজি আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছো আশীৰ দশকতে আত্মপ্ৰকাশ কৰা আৰু সেইসময়তে প্ৰতিস্থা লাভ কৰা কবি হিৰণ্য কুমাৰ গায়নৰ সহজাত বিৰোধৰ মাজতশীৰ্ষক কাব্য সংকলনখনি।
এই কাব্য সংকলনখনত মুঠ ৬৪টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। কবিয়ে জনাইছে সংকলনখনিত সন্নিৱিষ্ট হোৱা কবিতাসমূহৰ ৰচনাকাল;”৮৮ ৰ পৰা ৯২ চনৰ সাম্প্ৰতিক সংঘাত আৰু বোধৰ পটভূমিত সৃষ্টি হোৱা বিৰোধৰ ফলশ্ৰুতিয়েই। 
লগতে সংকলখনিৰ আগকথাত প্ৰতিথশা কবি সাহিত্যিক নৱকান্ত বৰুৱাদেৱে কবিৰ বিষয়ে লিখিছে যে:- শ্ৰীমান হিৰণ্য কুমাৰ গায়নৰ কবিতা আগৰ পৰায়ে বিভিন্ন আলোচনী, বাতৰি কাকত আদিত পঢ়ি আহিছিলো যদিও সংকলনটো হাতত লৈ মোৰ মনলৈ অহা ভাবটো হপ্ৰত্যেকেই সুকীয়া সুকীয়া অথচ প্ৰত্যেকৰে লগতে প্ৰত্যেকেই জড়িত। আৰু এই সংকলনখনিৰ প্ৰথম পক্তিটোৰেই কবিয়ে নিজক সাব্যস্ত কৰিছে-তেওঁ যে কবি”-
এতিয়া আহো কবিতাৰ মাজলৈ, ব্যক্তিগতভাৱে সংকলনখনিৰ প্ৰতিটো কবিতায়ে মোক বাৰুকৈয়ে মুগ্ধ কৰে। কিন্তু কবিতাসমূহ যথেষ্ট দীঘল হোৱাৰ হেতুকে মোৰ অতিকৈ প্ৰিয় তিনিটা কবিতাৰ পক্তিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো :-
   (১)

: সাম্প্ৰতিক:

নিজক সাবস্ত্য কৰিবলৈ যোৱাৰ আগতে
মই মোক টানি আনোঁ নৈপথ্যৰ পৰা
স্পৰ্শ কৰিছোঁ যাক সেয়া অসময়
যাক নুচুলেও নহয় সেয়া মোৰ নহয়
ঠিক এনে এক প্ৰাত্যহিক মানসিকতাৰে
পৰিচৰ্যা কৰিছো মোৰ অবাধ্য শিশুটোক
সি হাঁহিলেই মোৰ অৰ্থহীন হাঁহি
দুখ অথবা যাতনাত উচুপিলেই অসহায়বোধ
কবিয়ে এই কবিতাটোৰ জৰিয়তে সেই সময়ৰ জটিল সময়ৰ কথা বুজাইছে, অৰ্থাৎ মনৰ মাজত চলি থকা বিদ্ৰোহক সুন্দৰ ব্যঞ্জন, আৰু আংগিকৰ জৰিয়তে প্ৰকাশ কৰিছে। এককথাত এটি সাৱলীল আৰু সুখপাঠ্য কবিতা।


(২)

:উপত্যকাটোলৈ আহিব ধৰা:

প্ৰতিটো দিনৰ হাততে একোপাত মাৰণাস্ত্ৰ
ইখোজৰ পিছত সিখোজ
মানুহৰ চকুত গভীৰ নিৰন্ধ্ৰ ছাঁ
পৰস্পৰৰ চকুত প্ৰাচীন মুখবোৰ ছঁয়াময়া
বুকুৰ পৰা বুকুলৈ প্ৰত্যয়ৰ সাঁকো দোদুল্যমান

আজিকালি শুবলৈকে ভয় লাগে
অবাঞ্ছিত মৃত পৃথিৱী সপোনৰ চকুত নিথৰ
মানুহৰ মঙেহেৰে শগুণৰ ঠোঁটত এখন আকাশ
কবিয়ে সংকলখনিৰ প্ৰথমতেই উল্লেখ কৰিছিল যে প্ৰায়বোৰ কবিতাৰ ৰচনাকাল;”৮৮ ৰ পৰা ৯২ চনৰ সাম্প্ৰতিক সংঘাত আৰু বোধৰ পটভূমিত সৃষ্টি হোৱা বিৰোধৰ ফলশ্ৰুতিয়েই। সেইবাবেই এই কবিতাটোত সেই সময়ৰ কবিৰ মনৰ দোদুল্যমান অৱস্থা সুন্দৰ ৰূপত ফুটি উঠা দেখা গৈছে।

(৩)
:দুখ:

আন্ধাৰৰ ডেউকা কোবাই
চৰাইটো উৰি আহে
ৰাতিৰ পথেৰে

মোৰ লগতে
সমস্ত পৃথিৱীৰ বুকু
অনুভূতিৰে শীতল হয়

কোনোবাই যেন
সংগোপনে সী দিয়ে
নৈ এখনিৰ ওঁঠ

গছবোৰৰ সৈতে নৈখনে 
আৰু পাহাৰ উপত্যকাই
আজুৰি পিন্ধে
নিৰ্মম কলা সাজ

আন্ধাৰতে
মই উলংগ হৈ পৰোঁ
নিজৰ কাষৰত !!
এই কবিতাটোত নিজা উপলব্ধিৰে গভীৰভাৱে মনৰ বেদনাখিনি ব্যক্ত কৰিছে। যেন হাঁহিব নোৱাৰা দুখত কবিয়ে উচুপিছে।
শেষত, এজন পাঠক হিচাপে কবলৈ বিচাৰো যে হিৰণ্য কুমাৰ গায়নৰ প্ৰত্যেকটো কবিতায়ে হৈছে গভীৰ ভাবাৰ্থৰ, সংবেদনশীল, হয়তো সেয়ে তেখেতৰ কবিতায়ে পাঠকসকলৰ মনত এক গভীৰভাৱে সাঁচ বহুৱাই থৈ যায় ।
আচলতে কবিয়ে কবিতাৰ জৰিয়তে নিজক সাবস্ত্য কৰে।
সেয়ে হয়তো কবিয়ে কয়:- মানুহে নিজৰ বাবে এখন কাৰাগাৰ সাজে, নিজৰ মাজত, মুক্ততাক মানুহে যিদৰে ভালপায়, বন্দীত্বকো সংগোপনে।

- ইন্দ্ৰনীল গায়ন


No comments:

Post a Comment