Monday 27 January 2014

এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী জিতেন হাজৰিকাৰ কথাৰে


                                        

No Great Artist sees things as they look,
If he Ceasses to be an Artist
-      Oscar wilde

শিল্পী সত্ত্বাক আমি কোনো নিৰ্দিষ্ট পৰিসীমাৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰো,  পৰিসীমাৰ সেই জেওৰা নথকাৰ বাবেই কিজানি তেওঁ সৰুৰে পৰাই সৃষ্টিশীলতাৰ প্ৰতি আকৰ্ষিত হৈছিল| আৰু সেই পৰিৱেশ পাইছিল নিজা ঘৰখনৰ পৰাই| শৈশৱতে হাতত তুলিকা তুলি  বৰ্তমানলৈ তেওঁ এক সুকীয়া পৰিচয়ৰে অসমৰ লগতে ভাৰত কিম্বা  বিশ্ৱৰ বিভিন্ন প্ৰান্তত বিভিন্ন চিত্ৰপ্ৰদৰ্শনীৰে উদ্ভাষিত হৈ উঠা এজন বিশিষ্ট চিত্ৰশিল্পীৰূপে পৰিগণিত হৈছে| তেওঁ আন কোনো নহয় আমাৰ অসমৰ আৰু বৰ্তমান দিল্লীৰ নয়দাত স্থায়ীভাৱে বসবাস কৰা প্ৰখ্যাত চিত্ৰশিল্পী জিতেন হাজৰিকা|

এই প্ৰখ্যাত চিত্ৰশিল্পী গৰাকীৰ জন্ম হৈছিল ১৯৩৬ চনত| সৰুৰে পৰাই তেওঁ বিভিন্ন সৃষ্টিশীল কৰ্ম ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি আহিছে| আনুস্থানিক শিক্ষাৰ কথাৰে হাজৰিকা ১৯৬৩ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়(গুৱাহাটী)ৰ পৰা ব্যৱহাৰিক অভিযন্ত্ৰা (Civil Engineering) ৰূপে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল| উল্লেখনীয় যে অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ হিচাপে থাকোতে তেওঁ বিভিন্ন ক্ষেত্ৰত  প্ৰতিভাৰ স্ৱাক্ষৰ দাঙি ধৰিছিল| ইয়াৰ পিছতে ১৯৬৪ চনত সম্প্ৰতি শিল্পীৰূপে খ্যাতি অৰ্জন কৰা হাজৰিকা ভাৰতীয় সেনা বাহিনীত নিযুক্ত হয়, আৰু ১৯৯০ চনত কৰ্ণেলৰূপে চাকৰিৰ পৰা স্বেচ্ছামূলক ভাৱে অৱসৰ গ্ৰহণ কৰে, তেওঁৰ এই স্বেচ্ছামূলক অৱসৰৰ একমাত্ৰ  কাৰণ আছিল তেওঁৰ শিল্পীসুলভ মনটো|
ইয়াৰ পিছৰ পৰাই তেওঁ অধিক সক্ৰিয়তাৰে সৃষ্টিশীল কৰ্মত   মনোনিৱেশ কৰি চিত্ৰশিল্পৰ স’তে একাত্ম হৈ পৰি সম্প্ৰতি ছবি আঁকাটো তেওঁ পেছা হিচাপে গ্ৰহণ কৰিলে, যদিও সেই কাম কৰিবলৈ যাওতে যথেষ্ট পৰিমানে প্ৰত্যহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছিল | তথাপি তেওঁ সেই প্ৰত্যহ্বানক নেওচি একাগ্ৰতাৰে ছবি আঁকা কামত নিজকে সমৰ্পিত কৰিলে|


এইখিনিতে তেখেতৰ সৈতে হোৱা বাৰ্তালাপত  প্ৰশ্ন কৰা হৈছিল  আপুনি অঁকা ছবিসমূহৰ ক্ষেত্ৰত বিষয়স্তুৰ কোনো নিৰ্দিষ্টতা আছেনে? আপুনি আচলতে ছবিবোৰৰ মাজত কি বিচাৰি ফুৰে?
তেওঁ উত্তৰত কৈছিল:-
¡°I have possibilities, I know, but under which stone they lie buried I do not know,- said Albert Camus. 

আমি শিল্পীসকলে বুকুত অহৰ্ণিশে কঢ়িয়াই লৈ ফুৰো সৃষ্টিশীল মনটোক| ধৰি লোৱা শুকান সৰা পাতখিলাৰ পৰা আৰম্ভ কৰি, আমাৰ চৌপাশেই প্ৰকৃতিৰ বৰ্ণময় বিভিন্ন ৰূপ আমি দেখিবলৈ পাওঁ। সেই দেখা পোৱা ৰূপবোৰ আমি  এক বিশেষ ধৰণে চোৱাৰ চেষ্টা কৰোঁ | আৰু সেই চেষ্টাই এটি সুন্দৰ মুহূৰ্তৰ পৰিচয় বহন কৰে।
ঠিক সেই সময়খিনিতে আমাৰ কলাসুলভ মনটোত এই অভিনৱ উন্মেষ ঘটে| হয়তো একেখিনি কথা এজন কবিৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়| কাৰণ এজন চিত্ৰশিল্পীয়ে অনুভৱৰ ৰং তুলিকাৰে অংকিত কৰে আৰু এজন কবিয়ে হৃদয়ৰ অনুভূতিক একো একোটা শব্দৰে তুলি কৰে|




জিতেন হাজৰিকাই অংকিত কৰা ছবিসমূহৰ মাজত গভীৰ বাস্তৱবাদৰ ভাৱ সুন্দৰকৈ ফুটি উঠা দেখা যায়, বিশেষকৈ তেখেতে ছবিৰ মাজেৰে সাম্প্ৰাতিক সময়ৰ প্ৰতিচ্ছবিসমূহ দাঙি ধৰি চিত্ৰশিল্পক  অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে জনসাধৰণৰ দ্বাৰা প্ৰভূত সমাদৃত হৈ আহিছে ।

এইখিনিতে দেশে-বিদেশে বহুলভাৱে চৰ্চিত হোৱা তেওঁ অংকন কৰা ক্ষনচেৰেক চিত্ৰৰ  বিষয়ে উল্লেখ কৰিবলৈ বিচাৰিছো:-
In Seach Of Meaning, Heaven Be Praised,  Love devine, we, Repose, My Mother, অন্যতম|


তাৰ বাহিৰেও দেশৰ আগশাৰীৰ বিভিন্ন বাতৰি-কাকত, আলোচনী আদিতো তেওঁৰ  ছবিৰ বিষয়ে প্ৰশংসিত মন্তব্য আগবঢ়াইছে, তাৰে ভিতৰত   আমাৰ হাতত থাওকতে পৰা গোটখেৰেক আলোচনীৰ
কিয়দাংশ  উল্লেখ কৰিবলৈ বিচাৰিছো

The Hindustan Times নামৰ শীৰ্ষক বাততি কাকতত My Mother নামৰ প্ৰখ্যাত ছবিখনৰ সন্দৰ্ভত এইদৰে লিখিছিল:-
The rases Can be Shown much better on a woman’s face, but it Shringar or hasya.
And woman in the dominant Theme in the Hazarika’s works.” ( মাৰ্চ ৪, ২০০৭)

ঠিক সেইদৰেই The Times Of Indiaত উল্লেখ কৰিছে :-
His canvases assume larger Than life proportions, The simplistic Themes cata-pulted to the limelight Through The Sheer genius of Treatment and balance of subject and style that takes on lyrical proportions. ( অক্টোবৰ ৭, ২০০২)


 সঁচাকৈয়ে জিতেন হাজৰিকাই ছবিসমূহৰ মাজত এক  নিখুঁত পৰিকল্পনা, গভীৰ পৰ্যবেক্ষণ শৈলী, আৰু ছবিসমূহ ফুটাই তুলিবৰ বাবে ৰং তুলিকাৰ সমন্বয়ৰে সামাজিক আৰু মানৱীয় দৃষ্টিৰে আলোকপাত কৰা দেখা যায়|


শিল্পকলাৰ ক্ষেত্ৰখনলৈ ন-ন চিন্তাৰে অনবদ্য অৱদান আগবঢ়াই অহা সৃষ্টিশীল কৰ্মত অহৰহ ব্যস্ত থকা জিতেন হাজৰিকা দেৱ আগুৱাই যাওক, দীৰ্ঘায়ু হওক আমি মন-প্ৰাণে তাকে কামনা কৰো|


ইন্দ্ৰনীল গায়ন

Sunday 5 January 2014

:কবিতা:



:দুখ:


সি মোৰ বুকুত দেও দি দি

নাচি ফুৰে

এয়া.....

কোনো ফূৰ্তি তামাচাৰ সময় নহয়

মোক শুবলৈ দে অ

বহুদিনেই হ

মোৰ চকুত টোপনি নাই

কেৱল

তোৰ বাবে
তোৰ বাবে।।

-ইন্দ্ৰনীল গায়ন
    
                                    দেওবৰীয়া সম্ভাৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত