Thursday 16 May 2013

কথা-বতৰা শিতান


(১)


কথা-বতৰা:

১৭ মাৰ্চ জনসাধাৰণ কাকতৰ দেওবৰীয়া বিশেষ শিতানত প্ৰকাশিত বিশিষ্ট কবি সাহিত্যিক উদয় কুমাৰ শৰ্মাৰ ‘কবিতাত প্ৰাণ’ শীৰ্ষক লেখনিত লিখিছে:-

কবিতা হৈছে হৃদয়ৰ অনুভূতিৰ ভাষা, প্ৰত্যেকৰে অনুভৱ প্ৰকাশ কৰাৰ এক নিজশ্ব শৈলী থাকে। ভাষাৰ এটা স্বমহিমামণ্ডিত চালিকা শক্তি, এটা আপোন জীৱন বা প্ৰাণৱন্ত চৰিত্ৰ থাকে- যি হাঁহি, বিষাদ বা আৱেগৰ উদ্দীপ্ত আৰু ৰসাল। প্ৰাণৱন্ত কবিতাই পাঠকৰ মনটো টানি নি মগজুত পীড়া দিয়ে আৰু হৃদয় আলোড়িত কৰে আৰু তেতিয়াই কিবা এক অজান আনন্দ, ৰহস্য বা বিষাদবোধত পাঠক আচ্ছন্ন আৰু মুগ্ধ হৈ ৰয় দীৰ্ঘদিন। ইয়েই কবিতাৰ সম্পদ।

লিখনিটো পঢ়ি উপকৃত হ’লো আৰু মোৰ অনুভৱ হ’ল যে কবিতা হৈছে জীৱনৰ এক প্ৰাণোচ্ছল প্ৰতিছবি, যি কবিতাই পাঠকৰ মন আৰু অনুভূতিক জয় কৰিব পাৰে আৰু সেইয়া পাঠকৰ বাবে নিঃসন্দেহে অধিক আকৰ্ষণীয়।


(২)

:কথা-বতৰা:

ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ কথাৰে (এক):

ডাঃ অঞ্জনজ্যোতি চৌধুৰী হয়তো সকলোৰেই এটি চিনাকি নাম মোৰ বোধেৰে, তেখেতে দৈনদ্দিন জীৱনত লাভ কৰা অভিজ্ঞতা সমূহক ৰসালভাৱে বৰ্ণণা কৰি পাঠক সকলক মনোৰঞ্জন দিয়াৰ উপৰিও তেওঁৰ লেখা সমূহে পাঠকৰ মন আকৰ্ষিত কৰে। তেখেতৰ লেখাত আমি জীৱনটোক কি দৰে হাস্যৰসৰ মাজেৰে উপভোগ কৰিব পাৰোঁ সেই কথাবোৰ সোঁৱৰাই দিয়াৰ লগতে জীৱনমুখী হ’বলৈ অনুপ্ৰাণিত কৰে।

তেখেতৰ "চেৰাপুঞ্জী নাপালোঁগৈ" শীৰ্ষক এটি লেখনিত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে এইদৰে লিখিছে :-
মোৰ এটা হেঁপাহ আছে যে মই এদিন পৃথিৱী বিখ্যাত ফটোগ্ৰাফাৰ হ’ম। দলঙৰ পৰা তললৈ চাই দেখিলো এখন নাৱত উঠি কেইজনমান লোকে চিৰা- মুড়ি দলিয়াই আছে। পানীত থকা মাছবোৰে সেইবোৰ খাবলৈ ধৰিছে। খাবলৈ লওঁতে সিহঁতৰ মেল খাই থকা মুখবোৰ দলঙৰ ওপৰৰ পৰা ভালকৈ দেখা পোৱা গৈছিল। মই সেই মাছবোৰে চিৰা- মুড়ি খাই থকা দৃশ্যৰ কেইবাখনো ফটো তুলিলোঁ, কিন্তু ফটোত দেখোন মাছ নে কি একো ধৰিব নোৱাৰি, এইবাৰ কেমেৰাৰ জুম (Zoom) ব্যৱহাৰ কৰি ফটো তুলিবলৈ চেষ্টা কৰিলো যাতে মাছবোৰৰ মুখবোৰ ডাঙৰকৈ কেমেৰাত দেখা পাওঁ, জুম কৰিবলৈ এটা আঙুলিৰে চেষ্টা কৰি আনটো আঙুলিৰে ছুইচটো টিপিবলৈ লওঁতেই হাতৰ পৰা কেমেৰাটো পিছলি তলৰ পানীত পৰিল। কেমেৰাটো পৰি যোৱাৰ পিছত কাষত থকা লোকসকলে নানান মন্তব্য আৰু সান্তনা দিলে । বুকুখন বিষাই গ’ল।


এইদৰেই তেওঁৰ লেখনিবোৰত আমি সহজ সৰল ভাষাৰে বৰ্ণণা কৰা অভিজ্ঞতাসমূহ পঢ়িবলৈ পাওঁ।



  (৩)

:কথা-বতৰা:

ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ কথাৰে (দুই):

ব্যক্তিগত ভাবে অঞ্জন চাৰক মই এতিয়ালৈ দুবাৰ লগ পাইছোঁ, তেওঁ অতিকৈ সহজ সৰল ব্যক্তিত্বৰ, তেখেতৰ সৈতে বহু কথা আলোচনা কৰিছো আলোচনাৰ মাজে মাজে তেখেতৰ স্বভাৱ সুলভ খুহুটীয়া কথা কৈও হাঁহিবলৈ সুযোগ দিয়ে। অঞ্জন চাৰৰ লেখা প্ৰকাশ পালে কেতিয়াবা ফোন কৰি সোঁধে ... " ইন্দ্ৰনীল কেনেকুৱা পালে হে মোৰ লেখাটো" ঠিক সেইদৰেই কালি আমাৰ অসমৰ দেওবৰীয়া শিতানত প্ৰকাশ পোৱা লেখনিটো পঢ়ি অঞ্জন চাৰলৈ ফোন কৰি ক’লো আপোনাৰ লেখাটো পঢ়িলো বৰ ভাল লাগিল, চাৰে হাঁহি মুখৰে ক’লে বৰ ভাল পালো দেই তুমি ফোন কৰিলা, লগতে তেওঁ আমাৰ ঘৰৰ সকলোৰে খবৰ লৈ যেতিয়াই ফোন কৰে মা, দেউতাকে ধৰি দাদা বাইদেউলৈকে, সঁচাকৈয়ে তেখেতৰ দৰে সহজ সৰল ব্যক্তিত্বৰ লোক আমি হয়তো জীৱনত খুব ক’মেই লগ পাওঁ।
কথা-বতৰা:

যোৱা ৮ মাৰ্চ ২০১৩ তাৰিখে জনসাধাৰণ কাকতত গোটৰ অন্যতম সদস্য মাননীয় কুশল হালৈৰ ‘বিশ্ব নাৰী দিৱস আৰু কিছু চিন্তা’ শীৰ্ষক প্ৰকাশিত লেখনিৰ বিষয়ে অলপ কথা:-
প্ৰতিবছৰে ৮ মাৰ্চ তাৰিখে সমগ্ৰ দেশতে " আন্তৰ্জাতিক নাৰী দিৱস" পালন কৰা হয়, এতিয়া কথা হ’ল এই নাৰী দিৱসে আমাৰ সমাজ ব্যৱস্থাত নাৰী সকলৰ সৱলীকৰণৰ ক্ষেত্ৰত কি উপকাৰ সাধন কৰিছে সেইয়া এক প্ৰশ্নবোধক চিন? কিয়নো এই দিৱস আনুষ্ঠানিকতাৰ বাদে একো নহয়| প্ৰতিবছৰে পালন কৰি অহা এই দিৱসৰ অন্তনিৰ্হিত ভাৱে যদি তাপৰ্য আৰু উদ্দেশ্য সমূহৰ বিষয়ে আমি লক্ষ্য কৰো, তেন্তে কুশল হালৈৰ লেখনিত তেখেতে স্পষ্টভাৱে অৱগত কৰিছে যে ‘বিশ্বজুৰি এই দিৱস উদযাপন হৈ আছে যদিও ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য সিদ্ধি হৈছে বুলি দাবী কৰিব পৰা নাযায়, কাৰণ সমাজৰ নিম্নস্তৰৰ মানৱীয় চিন্তাৰ উত্তৰণ যদি নঘটে, তেন্তে ই এক অৰ্থহীন উত্সৱ হিচাপেহে পৰিগণিত হ’বগৈ।’ লিখনিটোত লিখকে অতি সুন্দৰ আৰু সাৱলীল ভাৱে বিশ্লেষণ কৰি কৈছে যে ‘নাৰী দিৱস পালন কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি হোৱা উচিত? স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে নাৰীক উপযুক্ত শিক্ষা, আৰ্থিক স্বাৱলম্বিতাৰ বাবে প্ৰস্তুত কৰাৰ উপৰি সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰ কৰি নাৰীক মানুহ বা ব্যক্তিৰ আসনলৈ উন্নীত কৰিবলৈ দীৰ্ঘম্যাদী আঁচনি, পৰিকল্পনা আদিৰ লগতে প্ৰচেষ্টা হাতত ল’লেহে প্ৰকৃতাৰ্থত নাৰী দিৱস উদযাপন কৰাত সফলতা অৰ্জন কৰিব পাৰিব।’


এইদৰে লিখনিটো পঢ়ি উপকৃত হ’লো আৰু মোৰ অনুভৱ হ’ল যে বহুতেই হয়তো সেই দিনটোত লেডিজ ক্লাৱত নৈশ পাৰ্টীৰ আয়োজন কৰি সু-স্বাদু ব্যঞ্জনৰে আপ্যায়িত কৰিলে তেওঁলোকৰ নিমন্ত্ৰিত অতিথি সকলক| লগতে হাতে হাত ধৰি ক’লে Lets Celebrate our Womens Day... এনে ধৰণে নাৰী দিৱস উদযাপনৰ জৰিয়তে নাৰী জাতিয়ে প্ৰকৃত মৰ্যাদা পাব বুলি ভাবিব পাৰিনে?


(৪)




কেইদিনমানৰ পিছতেই অসমৰ শিক্ষা সংসদৰ ( AHSEC) আৰু (SEBA) দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলসমূহ ঘোষিত হ’ব। প্ৰতিবছৰৰ দৰেই এইবাৰো বহু ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হ’ব। এই স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰতিবছৰেই বৃদ্ধি পাই আহিছে। পৰীক্ষাত অধিক নম্বৰসহ উচ্চস্থান পালেও এনে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত জীৱনত সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰাৰ লগতে তেওঁলোকে কিমান কৃতিত্ব আৰ্জিব পাৰে বা পাৰিছে, সেই সম্পৰ্কেহে প্ৰশ্নবোধক চিহ্নৰ উদয় হয়। কিয়নো বেছি সংখ্যক স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে যেন নিজৰ জীৱন পৰিক্ৰমাত ক’ৰবত যেন হেৰাই গৈছে ঠিক তেনে অনুভৱ হয়। আৰু লগতে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো প্ৰতিবছৰেই পৰীক্ষাৰ ফলাফল উন্নত হোৱা দেখা গৈছে সঁচা, কিন্ত সমাজৰ গুণগত মানদণ্ড উন্নত হৈছনে? আৰু লগতে শিক্ষাৰ্থীসকলৰ সামাজিক প্ৰমূল্যবোধৰ সচেতনতাৰ অভাৱ দেখিবলৈ পোৱা যেন অনুভৱ হয়। লগতে সমাজখনৰৰ প্ৰতি তেওঁলোকৰ দায়িত্বও নিতান্তই কৰণীয় আৰু প্ৰয়োজনীয়।




(৫)

:কথা বতৰা:

হোমেন বৰগোহাঞিৰ জীৱনীমূলক উপন্যাস নিঃসংগতা আজিৰ পৰা বহু বছৰ আগেয়ে পঢ়িছিলো যদিও আজি কেইদিনমানৰ আগতে আলমাৰিৰ কিতাপখিনি ঠিক কৰিম বুলি লওঁতে কিতাপখন চকুত পৰিল আৰু লগে লগেই আকৌ এবাৰ পঢ়ি চাবৰ মন গ’ল, সেয়ে দ্বিতীয় বাৰৰ বাবে কিতাপখন উলিয়াই লৈ আকৌ এবাৰ পঢ়িলো। সঁচাকৈয়ে তেখেতৰ উপন্যাসসমূহত এক স্বকীয় বৈশিষ্ট আৰু উপস্থাপন শৈলী আছে, যিয়ে এবাৰ হ’লেও তেওঁৰ উপন্যাস পঢ়িছে, সেই জনে নিশ্চয় উপলব্ধি কৰিব পাৰিব তেওঁৰ উপন্যাস সমূহৰ গভীৰতা কিমান, চৰিত্ৰ এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত নিখুত পৰ্যবেক্ষন শৈলী তেওঁৰ অতিকৈ আকৰ্ষণীয়। এজন পাঠকক সম্পূৰ্ণৰূপত নিবদ্ধ কৰি ৰাখিব পাৰে কিতাপখনৰ বিষয়বস্তুৰ গভীৰতাৰ মাজত।

এইদৰেই তেওঁ উপন্যাস এখন ৰচনা কৰোতে নতুন বিষয় একোটা অনুসন্ধান কৰি সমাজৰ বিভিন্ন স্তৰৰ ছবি অগানুগতিক ৰূপত পাঠকসকলৰ আগত দাঙি ধৰে।

নিঃসংগতা হৈছে তেওঁৰ জীৱনিমূলক উপন্যাস, এই উপন্যাসখনত তেওঁ অসমৰ এগৰাকী আগশাৰীৰ কবি সাহিত্যিকৰ জীৱনৰ আত্ম কথা প্ৰতিফলিত কৰিছিল। অতি সাৱলীল ভাষাৰে বৰ্ণণা কৰিছিল সেই সাহিত্যিক গৰাকীৰ জীৱনৰ লগত জড়িত থকা প্ৰতিটো কথা। ( ক্ৰমশঃ)

(৬)



কথা - বতৰা
ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ কথাৰে :-



(১)



" মই শব্দবোৰৰ মাজত
শব্দবোৰ মোৰ মাজত
শব্দবোৰৰ মাজত মই



শব্দৰেই মই দেখো
মই চিনি পাওঁ
মই পৰিচয় হওঁ



মই উপলব্ধি কৰো আত্মীয়তা "



(২)



বন্দুকৰ শব্দত ৰাতি পুৱাইনে?



ওহোঁ !



পুৱায়
সেই চৰাইটোৰ মাতত
যি কুটি খায় আন্ধাৰবোৰ
লাহে লাহে !!



ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত কবিতাবোৰৰ মাজত মনোজগত আৰু বৰ্হিজগৰ দুয়োটা চেতনাই 
প্ৰকাশ লাভ কৰে।তেওঁৰ কবিতাত বিশেষকৈ জীৱনবোধ, সামাজিক চেতনা, প্ৰকৃতি, বিষাদ আদিৰ 
অনুভূতি আমি দেখিবলৈ পাওঁ, তাৰোপৰি তেওঁৰ কবিতাৰ আন বৈশিষ্ট্য সমূহ হ’ল:- সু- সংহত শব্দ গাঁথনি, শব্দ ছয়নৰ নৈপুণ্যতা, চিত্ৰকল্প,আৰু উপমা আদিৰ সাৰ্থক প্ৰয়োগ।



সেইবাবেই তেওঁৰ কবিতাবোৰে মোক বাৰুকৈয়ে আকৃষ্ট কৰে।




কথা-বতৰা (৭)



নৱকান্ত বৰুৱাদেৱ একেৰাহে প্ৰথিতযশা কবি, ঔপন্যাসিক, শিশু সাহিত্যক, গীতিকাৰ ৰচোঁতা, চিত্ৰকৰ আৰু শিক্ষাবিদৰূপে জনাজাত | অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ বৰঙণিৰ বাবে জীৱিত কালতে তেওঁ আমাৰ সাহিত্যত প্ৰবাদ পুৰুষ আখ্যায়িত হৈছে|



নৱকান্ত বৰুৱাদেৱে তেওঁৰ এখন বিখ্যাত উপন্যাস আৰু লগতে মোৰ অতিকৈ প্ৰিয় এই গ্ৰন্থখন হৈছে " ককা দেউতাৰ হাড়" ৰ ( ১৯৭৩) বাবে ১৯৭৫ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল|



নৱকান্ত বৰুৱাদেৱৰ আন কেইখনমান জনপ্ৰিয় আৰু বিশেষ ৰীতিৰ উপন্যাস হ’ল:- কপিলীপৰীয়া সাধু (১৯৫৪), মানুহ আটাইবোৰ দ্বীপ (১৯৮১) আৰু অ-পদাৰ্থ (১৯৮২) |
কবিৰূপেওঁ নৱকান্ত বৰুৱা দেৱ সকলোৰে আদৰৰ | তেওঁৰ প্ৰকাশিত কবিতা সংকলন কেইখন মানৰ ভিতৰত হ’ল:- হে অৰণ্য, হে মহানগৰ (১৯৫১), এটি দুটি এঘাৰটি তৰা (১৯৫৭), যতি আৰু কেইটামান স্কেচ্ছ (১৯৬১), সম্ৰাট (১৯৬২), এখন স্বচ্ছ মুখাৰে আদি |



তেওঁ ৰচনা কৰা এটি গীত ড০ ভূপেন হাজৰিকা দেৱৰ কন্ঠৰে নিগৰা "নিয়ৰৰে ফুল" এই গীতটি মোৰ অতিকৈ প্ৰিয়, তেওঁৰ অপূৰ্ৱ কথাৰে লিখা এই গীতটি হয়তো সকলোৰেই ভাল লগা মোৰ বোধেৰে|






কথা- বতৰা (৮)

" ভালপোৱাৰ সুবাসিত 

প্ৰতিখন কিতাপ চিনি পাওঁ মই

লাগি থাকে য’ত

অনেক নিবিড়ি সান্নিধ্যৰ স্মৃতি"

- প্ৰণয় ফুকন

মোৰ এগৰাকী প্ৰিয় কবি, তেখেতে কবিতাৰ মাজেৰে অনুসন্ধান কৰে জীৱন, যৌৱন, প্ৰেম, আনন্দ সমাজ বিষয়ক একোখন ছবি, আৰু সেই ছবিবোৰৰ মাজেৰেই প্ৰকাশ কৰে তেওঁৰ মনৰ অনুভৱবোৰ। 

তেঁওৰ কবিতাৰ সু-সংহত শব্দ গাঁথনিত হৃদয়ৰ ৰমন্যাসিক স্পন্দন অনুভূত হয়, লগতে তেওঁৰ কবিতাৰ আন এক বৈশিষ্ট হ’ল শব্দ চয়নৰ নৈপুণ্যতা, আৰু চিত্ৰকল্পৰ প্ৰতীক ব্যৱহাৰ। 

সেইবাবেই তেখেতৰ কবিতাই পাঠকৰ মন আকৃষ্ট কৰিব পাৰে।

যোৱা ২৮ এপিলৰ আমাৰ অসম কাকতৰ দেওবৰীয়া শিতানত প্ৰকাশিত তেখেতৰ " প্ৰিয় কবি প্ৰিয় কবিতা" শীৰ্ষক লিখনিত তেওঁ এইদৰে লিখিছে:- কবিবোৰ এনেকুৱাই। সাধাৰণ মানুহে দেখাৰ দৰে বস্তুবোৰ নেদেখে, কেতিয়াবা কিছুমান ভাল গান শুনিলে, ভাল ছবি দেখিলে এনে ভাব হয় যেন আৰু কোনোবাই দেখক বা শুনক। 

এই শীৰ্ষক লিখনিটোত তেওঁৰ প্ৰিয় বাংলা কবি সুবোধ চৰকাৰৰ কবিতাৰ বিষয়বস্তুক লৈ এটি গভীৰ পৰ্যবেক্ষনমূলক পৰ্যালোচনা আগবঢ়াইছে। 

২৯/৪/২০১৩

 (১০)

কথা - বতৰা 


জ্যোতিষ ভট্টাচাৰ্য অসমৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী, যিজন শিল্পীৰ গান সৰু থাকোতেই ৰেডিঅ’ ত শুনিছিলো, আৰু ডুব গৈছিলো এবুকু অনুভৱৰ সাগৰত, তেখেতৰ প্ৰতিটো গীতৰ কথা, আৰু সুৰে মোক ক’লৈ লৈ গৈছিল জানো, কেৱল অনুভৱ কৰিছিলো মালাগঁথা শব্দবোৰ আৰু এক যাদুকৰী মৌসনা কন্ঠৰ অনুভূতিবোৰ৷




গাবলৈ চেষ্টা কৰিছিলো প্ৰায়ে তেওঁৰ গান তেখেতৰ প্ৰতিটো গীতেই মোক বাৰুকৈয়ে চুই যায়, তেখেতৰে কন্ঠৰে নিগৰে সেই অপূৰ্ব গীতৰ নিজৰা:- 



(১)



যোৱাৰ পৰত সৰা শেৱালি
যোৱাৰ পৰত 
সৰা শেৱালি বুটলি
কি হ’ব কোৱা ?
নাই যে সময় 
উভটি চোৱাৰ 
এতিয়া বিদায় দিয়াৰ
যোৱাৰ পৰত 
সৰা শেৱালী বুটলি
কি হ’ব কোৱা ?



(২)



কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে
কিয় 
নুশুনিলো সেই কথা 
নুবুজিলো সেই ভাষা.....



(৩)



মই এটি দিনৰ জোনাকী
বহি আছো শুকান ঘাহত 
ৰাতিৰ সপোন দেখি দেখি ৷
মোৰ ৰাতিৰ আকাশ আৰু তৰা
সুৰভি সুখৰ বসুন্ধৰা
দিনৰ আলোত অচিনাকি 



(৪)



কোনে আজি পলাশ ফুলালে বনে বনে
কোনে আজি পলাশ ফুলালে বনে বনে
কোনে আজি অজানিতে হৃদয় ভৰালে গানে গানে
কোনে আজি অজানিতে হৃদয় ভৰালে গানে গানে......



জ্যোতিষ ভট্টাচাৰ্যৰ প্ৰতিটো গীতৰে এক সুকীয়া আমেজ আছে, যিসকলে তেখেতৰ গীত শুনিছে, হয়তো তেওঁলোকেহে অনুভৱ কৰিব পাৰিব তেওঁৰ মৌসনা গীতৰ কন্ঠস্বৰ।



বৰ্তমান নৱপ্ৰজন্মই জ্যোতিষ ভট্টাচাৰ্যৰ নাম জানেনে বাৰু ? তেওঁৰ গীত কিমানজন শিল্পীয়ে অনুষ্ঠানত পৰিৱেশন কৰে ৷ মোৰ বোধেৰে খুব কমেই আছে তেওঁৰ গীত শুনা বা চৰ্চা কৰা ৷



২৬/৪/২০১৩


কথা- বতৰা (১১)


প্ৰতিটো ভাষাৰ প্ৰথিতযশা তথা বৰেণ্য কবি সকলৰ কবিতাই সকলো শ্ৰেণীৰ পাঠকৰ হৃদয় বাৰুকৈয়ে চুই যায়। সেয়ে অসমীয়া কবিতাৰ তেনে কিছু নিৰ্বাচিত কবিতা গোটলৈ সময়ে সময়ে প্ৰেৰণ কৰাৰ জৰিয়তে অসমীয়া কাব্যৰ চহকী পথাৰখন আকৌ এবাৰ জুমি চাব বিচাৰিছো আপোনালোকৰ স'তে। সেই লক্ষ্যত তেনে এলানি কবিতা গোটৰ মজিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছোঁ, যদিহে আপোনালোকে আঁদৰি লয়।



আজিৰ কবিতা : সাগৰ দেখিছা ? কবি : দেৱকান্ত বৰুৱা



সাগৰ দেখিছা? দেখা নাই কেতিয়াও?
ময়ো দেখা নাই, শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা
আছে দূৰ দিগন্ত বিয়াপি |



মোৰ এই অন্তৰ খনি সাগৰৰ দৰে নীলা,
বেদনাৰে – দেখা নাই তুমি ?
উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢৌ
তোমাৰেই স্মৃতি – সীমা চুমি |
শুনা নাই? 
মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত ?
বুজা নাই?



অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু?
বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত
দেখিছানে ৰঙৰ উছৱ ?



মাজনিশা সাৰ পাই শুনিছানে 



কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!



তুমি জানা মাথো
তুমি তুমি, মই মই|
তুমিতো নাজানা-হায়,
কিয় বাৰু কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা?
মিলনৰ কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি?



হৃদয়ৰ ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়?
তুমি নুবুজিবা সখি! কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি?
থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা
তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ|
____________________________________



কবি গৰাকীৰ কন্ঠত কবিতাটোৰ আবৃত্তিৰ এটা লিংক দিলোঁ:

No comments:

Post a Comment