Sunday 9 February 2014

:প্ৰেম ভালপোৱা আৰু কিছু অনুভূতিৰ কথাৰে:



প্ৰস্তাৱনা:-

এই যে বুকুজুৰি বৈ আছা
নৈখনৰ কুলু কুলু শব্দৰ দৰে
সেয়াই  ভালপোৱা

খিৰিকীখনৰে সোমাই অহা বৰষুণৰ টোপালবোৰে তাক স্পৰ্শ কৰিছিল
সি যেন আকৌ অনুভৱ কৰিছে....
সেই শিহৰণ..
বৰষুণজাকৰ সৈতে ফ্লেছ বেক :-
তুমি চিঞৰি চিঞৰি কৈছিলা
“ মই তোমাক ভালপাওঁ”
পাহাৰৰ ইটো-পাৰৰ পৰাও ভাঁহি আহিছিল
সেই একেই কন্ঠস্বৰ: মই................!!

আসঃ
সেইয়া যেন জীৱনৰ এক অনন্য সুখময় সময়
ভালপোৱা.. ভালপোৱা... ভালপোৱা.....

আজি ভালপোৱাৰ দিন..??
হয়তো হ’ব পাৰে,
ভালপোৱা কেৱল এটা দিনৰ বাবে নহয়....
ভালপোৱাৰ সংজ্ঞা :- হৃদয়ৰ পৰা হৃদয়লৈ
অৱধাৰিত এখনি নৈ......
স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন একোটি অদ্বিতীয় প্ৰেমৰো হব পাৰে ভিন ভিন নাম"
সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।



" The Moment you have in your Heart This extraordinary Things Called Love And Fell    The   depth, The Delight, The Ecstasy of it, You will Discover
That For You
The World Is Transformed"

সঁচাকৈয়ে প্ৰেম হৈছে  আকাংক্ষা জীৱনৰ, মিলন হয় দুখন হৃদয় ই চিৰপ্ৰৱাহমান , নতুন অনুভৱ, নতুন সপোনবোৰে  পোখা মেলে, আৰু বাট চাই ৰয় প্ৰাপ্তিৰ আৱেশত।

যদি হীৰু দাৰ কবিতাৰ ভাষাৰে ক’বলৈ যাওঁ তেন্তে:-
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায় ( হীৰেণ ভট্টাচাৰ্য)


উপসংহাৰ:-
মন গ’লেই চুই চাব পাৰা হৃদয়ৰ সমস্ত ৰং 
মাথো অপেক্ষাৰ ক্ষণ গণি গণি ৰৈ যায় সিক্ত সময়

উভতি যাম
অনুভৱৰ বাটত
সপোনটিয়ে পোখা মেলিব
তুমি
আঁকোৱালি ল’বা আলফুলে
হা নপমা
হৃদয়ৰ এটি কোণত ।
                         -ইন্দ্ৰনীল গায়ন ( আমাৰ অসম কাকতত প্ৰকাশিত)


No comments:

Post a Comment