Sunday 9 June 2013


ৱেলেচলী ষ্ট্ৰীট আৰু ভায়’লিনখন

(১)

ব্যস্ততাৰে ভৰা ৱেলেচলী ষ্ট্ৰীট

আৰু 

ভিৰৰ মাজেৰে পাৰ হৈ যোৱা ট্ৰামখন

প্ৰায়ে অহা যোৱা কৰা এই পথৰে !!

তোমাৰ হাতত ভায়’লিনখন !!

নামটো সোধাঁ নহ’ল !!

(২)

কেতিয়াবা.......

অহামিকা নিশাত ভায়’লিনৰ সুৰবোৰ নিগৰি আহে !!

খিৰিকিমুখত যে

এতিয়া মৌনতাৰ সমদল !!
হেৰুৱা সময়ৰ হেনো কোনো নাম নাথাকে।

পুনশ্চঃ

উজাই অহা আৱেগৰ পদূলিত
সৰি পৰিব খোজা দুটোপাল সিক্ত অশ্ৰু !!

No comments:

Post a Comment