Tuesday 18 March 2014

:গল্প: : প্ৰতিযোগিতা:




প্ৰতিযোগিতা  কিহৰ বাবে...
প্ৰথমতেই পাঠকসকলক উদ্দেশ্যি এষাৰ কথা সুধিম:-
আপোনালোকে জীৱনত পোৱাবোৰৰ হিচাপ কৰি ভাল পায়নে, নে নোপোৱাবোৰৰ???
উত্তৰ এটা পালো:-

Equlity Of Loved
অহ !!
নতুন Theory

আজিকালিৰ বজাৰত সুলভতে পোৱা এটা নতুন Demand Theory, মানে চাহিদা বৃদ্ধি পাইছে !! বাৰু যি নহওঁক অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ দেশৰ অৱস্থা একেবাৰে তথৰিবচ, কেৱল নিজৰ মাজতে খোৱা কামোৰা !!

Imbalance Of Human Behaviour

পাগল বুলি ক’বও নোৱাৰি

( কাণে কাণে কওঁ সেই মোখাই গম পালে এই গল্পকাৰক  জেল হাযোটত সোমোৱাই থ’ব গৈ )

লাভ, লোকচানৰ যদি খটিয়ানখন মোকোলাই লওঁ মানে দাঙি ধৰো, তেন্তে:- একেবাৰে ঘাটি বাজেট, মানুহক দৈনন্দিন জীৱনত আটাইতকৈ যি কেইপদ সামগ্ৰীৰ অতিকৈ প্ৰয়োজন, সেই বস্তুৰে দাম বঢ়াই  গৈয়ে থাকে গৈয়ে থাকে, আৰু আমাৰ দৰে মিডল ক্লাছ ফেমেলীৰ উশাহবোৰ বন্ধ হৈ গৈয়ে থাকে গৈয়ে থাকে !!
আনসকলৰ কথানো কি ক’ম সেই যে আমাৰ ওচৰ চুবুৰীয়া ছ’ ক্লড হাই ফাই ফেমিলীবোৰ
ৱাও লাইফ ষ্টাইলৰ জবাব নাই
( হেঃ হেঃ মানে তেওঁলোকৰ ভাষাৰে কৈ দিলো আৰু “জবাব নাই” বুলি)

এৰা,
 আৰু সেই ফুটপাথত পৰি থকা ভোকাতুৰ মানুহবোৰৰ ভবিষ্যত কি বাৰু??
   
( প্ৰশ্নটো আপোনালোকলৈ এৰিলো)

পিছে আমি তেওঁলোকৰ দৰে সোণৰ চামুচ মুখত লৈ যে জন্ম নহ’লোতো,
(হাইৰে অজীৱ দুনীয়া)
ঐ কোন অ’ এইটো
মই
মই
অহ, তইহে
আংকল কিবা ভুল ক’লো নেকি বাৰু !!
(এওক আকৌ আংকল বুলি মতাৰ কথা আছে, মানে খুড়াদেউ, খুড়া বুলি যদি মাতো, তেতিয়া মুখৰ পৰা মাত এষাৰো পোৱা নাযায়)
একেবাৰে মস্ত ভুল এটা কৈছ....

( মস্তু ভুল..???? কি শব্দ এইটো)

একোডাল নাজান তই, এনেই পঢ়িলো ইমানকৈ...
আজিকালিতো এইটোৱেই লাইফ ষ্টাইল
মোক চা......
তইয়ো চেষ্টা কৰ, সোণৰ চামুচ মুখত লৈ কেনেকৈ জন্ম হ’ব পাৰি

( চালাঃ এই বুঢ়া কম নহয় দেই, বেয়া বুদ্ধি শিকাইছে)
আংকল

আহিছো....
হম্ম,

যা যা
মইয়ো যাওঁ মোৰ আকৌ সন্ধিয়াটোত এপেগ ন’ললে নচলেই নহয় !!

(তাকেইতো ছ’ ক্লড হাই ফাই ছ’ছাইটিত বাস কৰাৰ লাইফ ষ্টাইলতো সেইবাবেই চাগৈ)
এইয়া কিহৰ প্ৰতিযোগিতা....??
 আপুনি এই প্ৰতিযোগিতাৰ দৌৰত নামিছে নেকি..??
   
মই পিছে উপযুক্ত প্ৰাৰ্থী নহয়

মানে মোৰ সিমানখিনি যোগ্যাতায়ে নাই
যদিও ভাগ লোৱাৰ প্ৰস্তুতি চলাওঁ

নিশ্চিত
প্ৰথমটো বলতে ক্লিন ব্ল’ড হ’ম !!

-ইন্দ্ৰনীল গায়ন !!


No comments:

Post a Comment