Wednesday 23 July 2014

গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে



     

ময়ূৰ বৰা সাম্প্ৰতিক সময়ৰ সকলোৰে অতি পৰিচিত নাম|  বৰ্তমানলৈকে অসমীয়া গদ্য সাহিত্যলৈ তেওঁ  আগবঢ়োৱা অৰিহণা উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে, হয়তো সেইবাবেই তেওঁৰ কিছু স্পৰ্শকাতৰ বিষয়ক লৈ ৰচনা কৰা গ্ৰন্থই পঢ়ুৱৈ সমাজত কিছু বিৰ্তকৰ সূত্ৰপাতো কৰিছে| বৰ্তমানলৈকে  তেখেতে ৰচনা কৰা প্ৰবন্ধসমূহ একত্ৰিত কৰি  ২০১১ চনত আঁক-বাঁক প্ৰকাশনৰ দ্বাৰা পৰিৱেশিত সংকলন “ অনুভৱৰ প্ৰতিধ্বনি” ২০১২ চনত ক্ৰমে সমালোচনামূলক গ্ৰন্থ “পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ” এই গ্ৰন্থখনিৰ বাবে তেওঁ বহুলভাৱে চৰ্চিত হোৱাৰ লগতে বিৰ্তকৰ মাজতো সোমাই পৰিব লগা হৈছিল| ২০১২ চনত এপাকোছৰ দ্বাৰা পৰিৱেশিত All Those Yearings শীৰ্ষক অনুবাদ গ্ৰন্থখনিত দিলীপ বৰা দেৱৰ গল্পসমূহ ইংৰাজীলৈ অনুবাদ কৰিছিল| ঠিক সেইদৰে ২০১২ চনত ক্ৰমে প্ৰবন্ধ সংকলন প্ৰত্যাশাৰ প্ৰতিলিপি, আৰু ইতিহাসমূলক গ্ৰন্থ ব্ৰাক্ষণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম, এই গ্ৰন্থখনিৰ বাবেও কিছু পৰিমাণে বাতৰি কাকত আৰু বৈদুতিন মাধ্যামৰ লগতে পাঠকসমাজত বিৰ্তকৰ সৃষ্টি হৈছিল| এককথাত তেখেত  এগৰাকী  যুক্তিবাদী, আৰু স্পষ্টবাদী লেখক|



  শেহতীয়াকৈ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰকাশিত প্ৰবন্ধসমূহ একগোট কৰি  ২০১৩ চনৰ অক্টোবৰ মাহত আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে আৱেগৰ কুঁৱলী ফালি শীৰ্ষক এখনি প্ৰবন্ধ সংকলন|  এই সংকলখনিত তেখেতে সাময়িক ভাৱে সমাজৰ বিভিন্ন দিশৰ লগতে, তেওঁৰ নিজা অভিজ্ঞতা আদিৰ বিষয়বস্তুক আধাৰ হিচাপে লৈ প্ৰবন্ধসমূহ ৰচনা কৰিছে, তাৰে ভিতৰত ধৰ্ম, ঈশ্বৰবিশ্বাস আৰু ছহিদ ভগৎ সিং, নাৰী-পুৰুষৰ সম্পৰ্ক আৰু যৌনতা, চৌদিশে সাংস্কৃতিক সন্ত্ৰাসবাদৰ ছাঁবোৰ দেখি, সাম্যবাদ আৰু আমাৰ মনৰ স্বাৰ্থবোৰ, বাতৰি কাকতৰ ভৱিষ্যৎ, পৰিৱৰ্তনৰ ঢৌত সততা আৰু দক্ষতা আদিৰ দৰে প্ৰবন্ধসমূহত তেওঁৰ যুক্তিবাদী আৰু স্পষ্টবাদী মনটোৰ কথা পাঠকসকলে নিশ্চয়কৈ হৃদয়ংগম কৰিব পাৰিব|
তাৰ পৰিৱৰ্তে  এশ দহ টকীয়া ব্ৰেডৰ সোৱাদ, এখন ব্যতিক্ৰমী ছেমিনাৰ আৰু ডঃ সন্দীপ পাণ্ডে আদি শীৰ্ষক প্ৰবন্ধত তেখেতে চাকৰি জীৱনত লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে  সমাজৰ গুৰুত্বপূৰ্ণ দিশ কিছুমানৰ বিষয়ে সুন্দৰভাৱে অৱগত কৰিছে|
শেষত, মই এষাৰ কথাৰেই লেখাটোৰ সামৰণি মাৰিব খুজিছো -  ময়ূৰ বৰাৰ দৰে এজন গভীৰ অধ্যায়নপুষ্ট, ভাৱদৰ্শী, যুক্তিবাদী লেখকৰ লেখনিসমূহৰ জৰিয়তে পাঠকসকল নিশ্চিতভাৱে উপকৃত হ’ব  পাৰিব|
      
ইন্দ্ৰনীল গায়ন

No comments:

Post a Comment