Saturday 23 November 2013

:গল্প:





:গল্প:
:২৪ ঘন্টাৰ কাহিনী:
মৰমবোৰ আজুৰি অনাৰ কথা নাছিল, সকলোবোৰ যেন হঠাতেই হৈ গৈছিল
কিয় জানো কেইদিনমানৰ পৰা  নিজৰ মনটোক বুজাব পৰা নাই,
সদায়ে কেৱল মইয়ে কিয়..??

 এই যে “মই” চৰিত্ৰটো বৰ জটিল!! কি ভাবত জানো বিভোৰ হৈ থাকে, গল্পটোৰ ঠিক নায়ক বুলিও ক’ব   নোৱাৰি...
  বাৰু.. থাককচোন....
  হিচাপ নিকাচবোৰ পিছতো কৰিব পাৰিম মানে গল্পটোত “ মই” চৰিত্ৰটোৰ ভূমিকা কিমান।  
    “এভিৰিথিং ইজ ফেয়াৰ এন লাভ এন ৱাৰ”
   ৱাহ.... কি হ’ল অ’ বেলেগ দেখোন
ধেই.. কি বেলেগ দেখিলি তই....
  (গল্পটোত সিহঁতৰ আড্ডা দিয়া ঠাইৰ  চৰিত্ৰ “ মই” আৰু “তই” ৰ মাজত হোৱা কথোপকথনৰ কিছু অংশ)
  আৰে বেতা তোৰ লাভ ষ্টৰী কিমানদূৰ পালেগৈ অ’ আমাকো ক’চোন অলপ
ঐ.. এইবোৰ কথা  সুধি থাকি মোৰ মূৰটো গৰম কৰি নল’বি কিন্তু কৈ দিছো
হ্ম্ম... মানে তোৰ মূৰত এতিয়া ৱাৰ চলি আছে......
 ( চৰিত্ৰ “ তই” য়ে “মই” চৰিত্ৰটোক অলপমান ইতিকিং সুৰত কৈছে এই কথাখিনি)
   
  বাৰু হব হমোক ইতিকিং কৰি লাজ দিব নালাগে, চাম নহয় তহঁতৰ ষ্টৰীবোৰো !!
  গল্পটোৰ বিষয়বস্তু গভীৰ নহয়,   আজিকালি অ’ত ত’ত আড্ডা দি থকা পাতলীয়া বয়সৰ ল’ৰাবোৰৰ মাজতেই  কেতিয়াবা প্লট বিচাৰি পোৱা যায়
পাঠক সকলে চাগৈ ভাবিছে এইটো কিবা গল্প নেকি.. হাঃ হাঃ সঁচাকৈ কওঁ মোৰো হাঁহিবৰ মন গৈছে গল্পটোৰ নক্সা দেখি.....
তথাপি এপাক ঘূৰি যাওঁ গল্পটোৰ মাজলৈ...

ঐ তহঁত যাবি নে এতিয়া?? আমি যাওঁ
   ( ব্ৰেকগ্ৰাউণ্ডত বাজি আছে বাবা খোৱা উৰি যোৱা, .... !!!....)
চালাঃ উৰি গৈছো বেঃ
( এইবোৰ ল’ৰাক দেখিলে পাঠকে বাৰু কি ভাবে....???)
সঁচাকৈ জীৱনৰ অতিকৈ মূল্যবান সময়বোৰ এনেদৰে অপব্যায় কৰি আছে, দেখিব এটা সময়ত এইবোৰ কথা ভাবিয়েই জীৱনটোক পুনৰাই আৰম্ভ কৰিম বুলি ভাবিলেও আৰম্ভ কৰিব নোৱাৰিব কাৰণ সময় যে তেনেই তাকৰ)
চৰিত্ৰ “ মই” সিহঁতৰ একেবাৰে বিপৰীত, কিন্তু একেলগে একেখন কলেজতে পঢ়ে বাবে টিউচন আদিলৈ যাওঁতে কেতিয়াবা “ তই” নামৰ চৰিত্ৰবোৰৰ লগতো যাব লগা হয়, তাৰ বাইক নাই, আৰু ঘৰৰ পৰা টিউচনলৈও বহুত দূৰ, সেইবাবে যাবলগীয়াত পৰে!!
:::::::::::::::::::::::
সদায়ে কেৱল “ মই” য়ে কিয়......?????
উত্তৰ:- মাজে মাজে..কথাবোৰ নভবাকৈয়ে হৈ যায়, কাৰণবোৰ অহেতুকো বিশ্লেষণ কৰাৰ প্ৰয়োজনবোধ কোনেও নকৰিলে.... চৰিত্ৰ “মই” যেন দুখত ভাগি পৰিছে..... (বেকগ্ৰাউণ্ডত বাজি আছিল.... তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে
 :::::::::::::::
 কি হৈছিল ,কিয় হৈছিল.......  কথাবোৰ আজিলৈ কোনেও নাজানিলে.....
তাৰ মৃত্যুৰ কাৰণ আপোনালোকে জানে নেকি???


-            -ইন্দ্ৰনীল গায়ন



No comments:

Post a Comment