Saturday 9 February 2013

গুণমালা পুথিৰ সংক্ষিপ্ত আভাস



"গুণমালা" পুথি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা "গুণমালা" পুথিখন নিতান্তই গুৰুজনাৰ বিশাল প্ৰতিভাৰ উজ্জ্বল স্মাৰক। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোতে বিচাৰ কথাত বিদ্যামান ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ দিয়া নিৰ্দেশনা ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে অসম্ভৱ বুলি কোৱাৰ বিপৰীতে শঙ্কৰদেৱ গুৰুজনাই ১ ইঞ্চি x ২ ইঞ্চি সাঁচি 

পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা 

কৰি ৰজাক প্ৰদান কৰিছিল। ভাগৱৎ প্ৰেমময় গ্ৰন্থ- "গুণমালা পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক 

গ্ৰন্থ ", এই পুথি খন কলেৱৰত সৰু হলেও শ্ৰীকৃষ্ণৰ মাহাত্ম লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্টপূৰ্ণ 

ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ, নাৰায়ণৰ পূৰ্ণৰূপ অৱতাৰ ভগৱান 

শ্ৰীকৃষ্ণৰ মহত্বময় গুণ প্ৰকাশিসৃষ্ট এই পুথিখন নিতান্তই গুৰুজনাৰএক মহৎ সৃষ্টি।

পুথি খনৰ প্ৰতিটো অধ্যায়ত পদ সমূহৰ আৰম্ভনিতে দিয়া ৬ টা ঘোষাৰ মূল কথাৰ তথ্যই পুথি খনৰ 

আধ্যাত্মিক তাৎপৰ্য্য সহজে বোধগম্য হোৱাত সহায় কৰিছে। প্ৰসংগক্ৰমে তলত উল্লেখিত এই ঘোষা 

 টি অতিকৈ গুৰুত্বপূৰ্ণ :-


(১) ৰাম নিৰঞ্জন ।



পাতক ভঞ্জন।।


(২) হৰি ৰাম ৰাম।



হৰি ৰাম ৰাম।।

(৩) কহ হৰি ৰাম।



নকৰা বিৰাম।।


(৪) ত্ৰাহি ত্ৰাহি ৰাম।



নকৰা বিৰাম।।


(৫) ত্ৰাহি ত্ৰাহি ৰাম।



কৰিলো প্ৰণাম।।

(৬) বোলা ৰাম বোলা ৰাম।



চৰি আন কাম।।

মহাভাগৱতৰ সাৰ্ৰমম সংগ্ৰহ কৰিম বুলি মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰা পুথি খনৰ সাৰংশ এনেধৰণৰ :-

প্ৰথম অ্ধ্যায়:- গুণমালা পুথি খনৰ প্ৰথম অধ্যায় শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বৰ্ণণাৰ উপৰি শংকৰদেৱ 

গুৰুজনাৰ ক্ৰমে মৎস্য, কুৰ্ম, নৰসিংহ, বামণ, পৰশুৰাম, হলিয়াম,বৰাহ, শ্ৰীৰাম, বুদ্ধ, কলকি, নামে 
দশৱতাৰৰ কথা চমুকৈ উল্লেখ কৰিছে।


দ্বিতীয় অধ্যায়:- পুথি খনৰ দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণৰ জন্মৰ চমু বৰ্ণণা দিয়া হৈছে। দ্বিতীয় অধ্যায়ৰ 

শেষৰ ফালে বাসুদেৱে শিশুকৃষ্ণৰ যমুনা পাৰ কৰি গকুলক থৈ অহা ঘটনাৰ লগতে গোপী সকলৰ বস্ত্ৰ 

হৰণ লীলাৰ পৰা পত্নীপ্ৰসাদলৈকে চমুকৈ কৃষ্ণ লীলাৰ কথা উল্লেখ কৰিছে।


তৃতীয় অধ্যায় :- গুণমালা পুথিত তৃতীয় অধ্যায় কিছু দীঘলীয়া । এই অধ্যায়ত শ্ৰীকৃষ্ণ আৰু বলোৰামৰ 

লীলা, ইন্দ্ৰৰ যজ্ঞ ভংগৰ ঘটনাৰ পৰা চানুৰ-মুস্তিক দধৰ কথালৈকে ব্যক্ত কৰিছে।



চতুৰ্থ অধ্যায় :- চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণৰ কেইবাটাও বাল্য লীলাৰ কথা কংস বধলৈকে সাঙুৰি সংক্ষিপ্ত 

বৰ্ণণা কৰিছে।


পঞ্চম অধ্যায় :- গুণমালা পুথিৰ পঞ্চম অধ্যায়ত ভাগৱতৰ দশম স্কন্ধৰ বৰ্ণণা সুন্দৰকৈ প্ৰতিফলিত 

হৈছে। আৰু তাৰ লগতে শংকৰদেৱ গুৰুজনাই ক্ৰমিকভাৱে কৃষ্ণলীলা চমুকৈ উল্লেখ কৰিছে।



ষষ্ঠ অধ্যায় :- ষষ্ঠ অধ্যায়ত শংকৰদেৱ গুৰুজনাই ভগৱন্ত একাদশ স্কন্ধৰ কথা ভক্তিৰ ধাৰণাৰে পদবদ্ধ 

কৰোঁতে শ্ৰীকৃষ্ণই পৰম বান্ধৱ উদ্ধৱক ভক্তি তত্ত্ব আৰু মহত্ব আৰু কথায়ে দিয়া উপদেশ , ভগৱন্ত 

কৃষ্ণৰ ইচ্ছা অনুসৰিয়েই যদুকুল ধ্বংসৰ কথা, ভগৱন্ত কৃষ্ণৰ বৈকুন্ঠ প্ৰয়াণৰ কথা চমুকৈ ব্যক্ত কৰিছে।


আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত ধৰ্ম আৰু ধৰ্মীয় গ্ৰন্থ উতঃপোত ভাৱে জড়িত হৈ আছে। সেইবাবে 

হয়তো ধৰ্ম আৰু ধৰ্মীয় গ্ৰন্থৰ প্ৰাসংগিকতা যুগে যুগে থাকিব। ভাৰতীয় সংস্কৃতিৰ পূৰ্ণ মানৱ শ্ৰীকৃষ্ণৰ 

জীৱন আৰু কৰ্মৰ গুণ-গান কৰি ৰচনা কৰা হৈছিল গুণমালা পুথি খন। বিশাল মহাভাগৱতৰ ক্ষুদ্ৰতম 

সংস্কৰণ গুণমালালৈ ৰূপান্তৰ কৰাটো মহাপুৰুষ গুৰুজনাৰ সাহিত্য প্ৰতিভাৰ অন্যতম নিদৰ্শন। গুণমালা 

পুথি খনৰ ৰচনাৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে অসাধ্য সাধন 

কৰিছে। সেয়েহে ভক্তিতত্ত্বমূলক সাহিত্যত গুণমালা পুথিৰ স্থান নিঃসন্দেহে সকলোৰে উদ্ধৰ্ত। 

( অসমীয়া ৱিকিপিডিয়া আৰু আমি অসমীয়া ই-আলোচনীত প্ৰকাশিত প্ৰবন্ধ এটি আপোনালোকলৈ 

আগবঢ়ালোঁ, আৰু লগতে প্ৰবন্ধটোত ব্যৱহাৰ কৰা আলোকচিত্ৰখন হৈছে বৰদোৱাৰ কীৰ্ত্তন ঘৰৰ 

সমীপত শিল্পীৰ হাতত প্ৰাণ পাই উঠা মহাপুৰুষ জনাৰ এটি স্থায়ী মৃন্ময় মূৰ্ত্তি)



No comments:

Post a Comment