Saturday 9 February 2013

কবিতা


  
:ফাগুন:

 আহিব বুলিয়ে 

বাট চাই আছোঁ 

পদূলি মুখত 

 তোৰ বাবে 

 সেউজীয়া সপোন এটা পুহি ৰাখিছোঁ
  
মোৰ বুকুত

তোৰ কষ্ট  সহিব নোৱাৰোঁ অ’

এইবেলিও তই উদং হাতেৰেই আহিলি ?

সৌ সিদিনা পুখুৰীৰ পাৰৰ

শিমলু জোপাই সুখ অলপ আনিবি বুলিয়ে

বতৰা দিছিল

 মোৰ হিয়াখনত উলাহে নধৰা হৈছিল অ’

তই আনিলি

কুৰুকি খোৱা দুখবোৰ হে !!

মোৰো মন যায়

বিদায় পৰত

সুখ এটাৰ সৈতে ওমলিবলৈ

সকলো জানিও যে তই একোকে নুবুজ ফাগুন। 

No comments:

Post a Comment