Wednesday 13 November 2013

: অব্যক্ত:



এনেকৈয়ে গুচি যাম, ...
তুমি নাভাবিবা অসুখী বুলি
::::::::

জীৱনৰ কেইবাটাও বসন্ত পাৰ হৈ গৈছিল
সিহঁতৰ অলক্ষিতে....

সাতটা কোঠালীযুক্ত ঘৰটোত তেওঁ এতিয়া অকলশৰীয়া, কাম কৰা ৰা এজন লগত ৰাখিছে ঘৰৰ প্ৰয়োজনীয় কাম-কাজবোৰৰ বাবে, বৰ্তমান সংখ্যাত মানুহ বুলিবলৈ সিমানেই

ভুল..?

কাৰ আছিল...
তেওঁৰ নে মোৰ..?
এই প্ৰশ্নটোৱেই তেওঁক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলে.....
হঠাতে....
কোঠালীটোৰ লগত সংযুক্ত বেলকণিটোলৈ উঠি গৈ সদায়ে বহাৰ দৰে সেই নিৰ্দিষ্ট আৰামী চকীখনত তেওঁ বহি পৰিল !!

ওন্দোলাই অহা মেঘৰ মাজত জোনবাইজনী ক্ৰমশঃ লুকাই পৰিছে.....

চকীখনতেই বহি থাকি বহুপৰ আকাশখনলৈ চাই থাকিল, যেন নিজৰ মাজেতেই বিভোৰ হৈ কিবা ভাবি আছিল.....

এৰা,
অতীতৰ স্মৃতিবোৰে প্ৰায়ে বুকুত খুন্দা মাৰি ধৰে....
তেওঁ যেন ক্ৰমে অসীমতৰ গভীৰৰ পৰা গভীৰতালৈ সোমাই পৰিছে
এটা বৃত্তৰ পৰিধিৰ মাজত।।

ইন্দ্ৰনীল গায়ন

No comments:

Post a Comment