Saturday 2 February 2013

কবিতা







হৃদয়ৰ দুটা স্নেপশ্ব্ট:-



(১)



এটি ঠিকনা



দূৰ সীমনাত



অনাহূত পৰিচয়



তুমি অহাৰ বাবেই



সন্ধ্যা নামিছে জানা?



তোমাৰ দুচকুৰ উজ্জ্বলতাত



আশাবোৰ 



এতিয়া 



ৰঙীন হৈ পৰিছে।



(২)



উভতি যাম..... 



অনুভৱৰ বাটত



সপোনটিয়ে পোখা মেলিব



তুমি...



আঁকোৱালি ল’বা



আলফুলে নযহা নপমা



হৃদয়ৰ এটি কোণত।



( পৰিশিষ্ট:- কেতিয়াবা মন যায় হৃদয়ৰ কথা লিখিবলৈ)


No comments:

Post a Comment