Saturday, 12 March 2016

এ ডে ৱিথ কাফকা






বহুবছৰৰ আগেয়ে তেওঁ মোৰ চহৰলৈ আহিছিল গ্ৰেগৰ ছামচা৷ কাফকাৰ মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰটো৷
প্ৰাগ চহৰৰ কফী হাউচৰ সমুখখিনি সেইদিনা বৰফৰে ভৰি পৰিছিল৷
হঠাতে তেওঁ কৈছিল ” আপুনি বৰফৰঙী”
মোৰ উত্তৰ আছিল আইম নট’
আমি কিছু সময় ইটো সিটো কথাৰে আড্ডাটো জমাই ল’লো৷
আড্ডা জমাব পৰাটোও এটা কলা…
কোনে ক’লে??
ক’ৰপৰা জানো উফৰি আহিছিল
হেই হিয়েৰ আইম কাফকা
লগ পাই গ’লো
এশবছৰৰ পিছত!!
মই কাফকাক দেখি শিল পৰা কপৌৰ দৰে হৈ পৰিলোঁ৷ কি আচৰিত সেইজন মানুহেই এইজন৷ এতিয়া বয়সৰ চাপ পৰিছে৷ অভাৰকোটটোৰ ভিতৰত এটা জীৰ্ণ দুৰ্বল শৰীৰ৷
মই তেওঁক সুধিলোঁ আপোনাৰ মুখখনত অসুখৰ ছাঁ পৰিছে৷ তেওঁ ক’লে হয় মই যক্ষ্মা ৰোগী৷
চিকিৎসা কৰোৱা নাই??
কৰাইছো৷ এতিয়া বহুত পলম হ’ল৷ বিকল্প একো নাই মৃত্যুৰ বাহিৰে৷
আপুনি অকলশৰীয়া??
হয় বৰ্তমান মোৰ কোনো নাই৷ আজিৰ পৰা বহু বছৰৰ আগতে ফেলিচ নামৰ এগৰাকী প্ৰেয়সী আছিল৷
এতিয়া
নাই৷
মৃত্যু হৈছে৷
অহ্
আই এম ছৰী৷৷
ইটছ ওকে৷ এইখন পৃথিৱীত কোনো মানুহ জীয়াই নাথাকে৷ এদিন আগত আৰু এদিন পিছত, শাশ্বত ৷
হয়, আপুনি ঠিকেই কৈছে৷৷ কফী খাব?? আপোনাৰ নামতেই আছে কফী হাউচটো ‘কেফে কাফকা”
ভাল লাগিব যদি মোৰ অনুৰোধটো ৰক্ষা কৰে৷
নিশ্চয়৷ মোৰ পিয়াহ লাগিছে৷ আনিবলৈ দিব পাৰে৷
এনেদৰেই কথা চলি থাকে৷ মাজে মাজে তেওঁ টেবুলৰ পৰা উঠি যায়৷ মই জানো তাৰ কাৰণ৷ তেওঁৰ হাতত বেছি সময় নাই৷
” A great mouthful of water”
তেওঁৰ পিয়াহ লাগিছে৷ মাত্ৰ ৪২ টা বছৰ৷ ৰৈ গ’ল তেওঁৰ আধৰুৱা উপন্যাসখন দী ক্যাছল৷
হঠাতে মোৰ সমুখৰ পৰা চহৰখন নোহোৱা হৈ গ’ল৷ আৰু সম্বিত ঘূৰাই মই নিজক আৱিষ্কাৰ কৰিছিলোঁ সৰু কোঠাটোৰ ভিতৰত৷
আঃ
কাফকা….

(টোকা: কাফকা হৈছে কুৰি শতিকাৰ এজন অতিকৈ প্ৰখ্যাত লেখক৷ মেটামৰফ’চিছ হৈছে তেওঁৰ সাহিত্য জীৱনৰ অন্যতম কৃতি, প্ৰাগ হৈছে তেওঁৰ জন্মস্থান৷ গ্ৰেগৰ ছামচা হৈছে মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰ৷)

Sunday, 17 August 2014

:আছিফ:


জেপত এটা সৰু কবিতা
আছিল
আধালেখা
প্ৰেমৰ
বিশ্বাস কৰক
মই পঢ়ি চোৱা নাছিলো
মাথোঁ দেখিছিলো
দুটা আখৰ
তেজৰ চেঁকুৰ লগা
সূৰ্যাস্ত
আৰু
সূৰ্যোদয়ৰ
ঠিক
যিদৰে আপুনি প্ৰেয়সীৰ চকুহালত দেখিছিল
শেষবাৰৰ বাবে !!
পুনঃ
দীঘল বাট এটাৰ মূৰত
মানুহবোৰ ৰৈ আছিল
বিষাদৰ তান এটাৰ দৰেই
তেওঁলোকে কৈছিল:-
বেদৰ্দী দুনিয়াত
আছিফহঁতৰ দৰে ক’ত ল’ৰা স্বহীদ হৈ গৈছে !!
খবৰ জানো কোনোবাই ৰাখিছে ।।

( টোকা:- বিশিষ্ট কবি, গল্পকাৰ অতনু ভট্টাচাৰ্যৰ " বৰষুণ আৰু সূৰ্যোদয়ৰ ঠিকনা" শীৰ্ষক গল্পটো পঢ়ি হোৱা অনুভৱখিনি কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিলো, আৰু"আছিফ" হৈছে গল্পটোৰ মূল চৰিত্ৰ)

:১৫ আগষ্ট:



তামস আকাশখনত

এজাক ধোঁৱাবৰণীয়া

 সপোনৰ কিৰিলী

অতনু হৃদয়ত
তেজৰ তুমৰলি
  নৈ
বৈ যায়.. বৈ যায়...

কেওদিশে

স্বাধীনতাৰ উৎসৱ

কোনোবা মাতৃৰ বুকুত
কান্দোন এটা জ্বলি জ্ব্লি
শেষ হয়
সমাধি হ’বলৈ !!


 (ধেমাজিৰ বোমা-বিম্ফোৰণত নিহত হোৱা কণ কণ শিশুসকলৰ পৰিয়ালবৰ্গৰ হাতত সহৃদয়তাৰে)

Friday, 1 August 2014

: নিৰ্জনতাৰ সৈতে পাৰ কৰা সময়:


নিৰ্জনতাৰ বা নিসংগতাৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ’ল এয়ে যে ই তোমাক কিতাপ পঢ়াৰ আনন্দ দিয়ে।
-      হেৰল্ড ব্লুম

এই প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে কোৱা উক্তি শাৰী আখৰে আখৰে পালন কৰি আহিছো। নিৰ্জনতাৰ বা নিসংগতাৰ মাজত ডুবি থকা জনে হয়তো ভালদৰেই উপলব্ধি কৰিব পাৰে ইয়াৰ ভাবাৰ্থ। আচলতে আমি যদিওবা সংগৰ মাজত থাকো, কেতিয়াবা নিজকে খুব অকলশৰীয়া যেন অনুভৱ হয়। কাৰণবোৰ অহেতুকে বিশ্লেষণ কৰাৰ প্ৰয়োজন হয়তো নাথাকে, কিম্বা এই প্ৰশ্নৰ উত্তৰো কাৰো হাততেই পোৱা নাযায়। কিন্তু সঁচা কথা নিসংগতাত সংগও কেতিয়াবা বিৰক্তিকৰ হৈ পৰে।

 সেইবাবে নিসংগতায়ে যেতিয়া মোক গ্ৰাস কৰি ধৰে, তেতিয়াই মোৰ ভাললগা এখন  কিতাপ পঢ়িবলৈ উলিয়াই লওঁ। আৰু সেই কিতাপখনৰ গভীৰতাৰ সৈতে একাত্ম হৈ পৰো। যদিওবা দিনটোৰ কৰ্ম ব্যস্ততাৰ মাজত অকলশৰে থকাৰ খুব কম সময়হে পাওঁ, তথাপি ঘৰলৈ ওভতি অহাৰ পিছত মা, দেউতা, দাদাৰ সৈতে দিনটোৰ অভিজ্ঞতাৰ সুখ দুখৰ কথাবোৰ আমি ইজনে সিজনৰ সৈতে ভাগ বতৰা কৰি লওঁ, ইও আমাৰ মনত এক অনাবিল প্ৰশান্তি দিয়ে।

   


  নিসংগতা হৈছে নিৰৱতাৰ একান্ত উপাসক। সৃষ্টিশীলতাৰ পৃথিৱীত নিৰ্জনতাৰ কিমান প্ৰয়োজন সেই কথা সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত থকা প্ৰতিজন ব্যক্তিয়ে  মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে।

এইখিনিতে প্ৰখ্যাত কথাশিল্পী হোমেন বৰগোহাঞিয়ে কোৱা এষাৰ কথা মনলৈ আহিছে:-
    “ জীৱনৰ দীঘলীয়া বাটৰ দুয়োকাষে সিঁচৰিত হৈ আছে অলেখ সহজ সুখৰ সুধা যাৰ বাবে জীৱনত সুখী নোহোৱাকৈ থকাটো প্ৰায় অসম্ভৱ”

   সঁচাকৈয়ে জীৱনৰ দীঘলীয়া বাটটোৰ একাষে এৰি থৈ অহা সময়ৰ পদচিহ্নয়ে সুখ দুখৰ কথাবোৰ সোঁৱৰাই দিয়ে। আমিও এদিন সেই বাটেৰে  গুচি যাম  কাহানিও ওভতি নহাৰ প্ৰতিশ্ৰুতিৰে।মাথো লিপিবদ্ধ হৈ ৰ’ব এছোৱা বৰ্ণিল অনুভূতিৰ কিছু নিদাৰুণ অধ্যায়।
 
সেয়ে ভবো, নিসংগতা বা নিৰ্জনতাৰ সময়ছোৱাত কিতাপতকৈ হয়তো প্ৰিয়তম সংগী আনএকোৱে হ’ব নোৱাৰে।




ইন্দ্ৰনীল গায়ন

:দৈনন্দিন:



আন্ধাৰ ফালি ফালি
পোহৰ নামে,
জলঙাৰে
কোঠাটোত ওলমি থাকে
ৰাতিপুৱাটো
দিনবোৰ
আহে আৰু যায়
আহে আৰু যায়
কাগজৰ টুকুৰাত
বিদ্ৰোহ, নিবনুৱা, ধৰ্ষণ,
খবৰবোৰ
বেখবৰ হয়
প্ৰাত্যহিকতাৰ দৌৰত..

- ইন্দ্ৰনীল গায়ন

:এমুঠি অনুভৱ:


(১)
বিষাদ:-
বিবৰ্ণ আকাশৰ
বুকুত মেঘমল্লাৰ
মেঘমল্লাৰ
আহাচোন
কাণপাতি শুনো
স্বপ্নময় হৃদয়ৰ বিষাদগাঁথা!!
(২)
:যন্ত্ৰণা:
এয়া চোৱা
মোৰ দেহৰ
সিৰায়ে সিৰায়ে
প্ৰগলভ ভালপোৱাৰ আৰক্ত যন্ত্ৰণা!!
(৩)
নিঃসংগতা
শুনিছো
নিঃসংগতা হেনো
নিৰৱতাৰ প্ৰিয়তম সংগী
যদি  কওঁ
মই তেনেকৈয়ে সুখী??
তুমি কি ক’বা!!
(৪)
:সান্নিধ্য:-
গধুৰ শব্দ এটাৰ দৰে
বুকুত ওলমি থাকে
এতিয়া ব্যস্ততা তাৰ আন এটি নাম!!

(৫)
সম্পৰ্ক:-
ইচ্ছা অনিচ্ছাৰ মাজত
“বান্ধোন”
আজিকালি কৃত্ৰিম

(৬)
মিলন:-
প্ৰাপ্তি- অপ্ৰাপ্তিৰ
দোমোজাত
ৰুক্ষ দুৱাৰ
হয়তো
অক্ষমতা !!

(৭)
বিছ্ছেদ:-
ঘৰমুখী হোৱাৰ কথা আছিল
কিন্তু...
তুমি নক’লা- “ এবাৰলৈ হ’লেও ৰৈ যোৱা”

(৮)
খবৰ:-
বিয়পি পৰিল
চৌদিশে...

নামৰ আগত এটা নতুন সম্বোধন:-
বদনাম..
বদনাম।।


ইন্দ্ৰনীল গায়ন

: তিনিটা কবিতা:


(১)
:খোজ:
নিশাবোৰ
কুমজেলেকুৱা 
এটাৰ দৰে কিলবিলায় কিলবিলায়
ঘূৰি ফুৰে
মোৰ আশে- পাশে
ধূসৰ আন্ধাৰত
ছোঁ মাৰি গু যায়
কোনোবা অচিন ঘাতক
সেয়া কোন??
সৰ্পিল গতিৰে
আগবাঢ়ে সময়ৰ খোজ
(২)
:হত্যা:
ৰোগাৰ্ত শৰীৰৰ
নিভৃত কোণত
যন্ত্ৰণাৰ
অবাধ
অহা-যোৱা
আঃ
এটি কাতৰ হুমুনিয়াহ
ক্ৰমাৎ
বগুৱা বাই আহে
প্ৰসাৰিত দুখন সৰীসৃপ হাত
এয়া
মই নিজক হত্যা কৰিছো
(৩)
:বাট:
নিজানে নিজানে 
ৰাতিটো বহি থাকে
হাত মেলিয়েই
চুই চাব নোৱাৰো
প্ৰত্যহ সময়ক
চিনো-নিচোনকৈ
গৈ থকা
এটি বাট 
দুখৰ সমাধিলৈ ।।

- ইন্দ্ৰনীল গায়ন

: সন্ধ্যালগ্নৰ কবিতা:

||এক||

উদাস আকাশখনৰ তলত বহি
আমি কথা পাতো
গুণগুণাওঁ
চিনাকি
অচিনাকি
এতিয়া অচিনাকি
দুয়ো দুয়োৰ পৰা নিলগত

গৰখীয়া বাঁহীৰ সুৰটো  আহি নীৰৱে উচুপে
চকুলোবোৰ নিগৰে
মোৰ বুকুত
ধীৰে ধীৰে


||দুই||
আমি ৰৈ থাকো
শীৰ্ণ নদীখনৰ পাৰত
সন্ধ্যাৰ চুফিয়ানা বতাহজাকে
আহি চুই যায়
আৰু
কয়:-
আজি আকৌ আহিলা
দুখত দুখী হ’বলৈ !!

-ইন্দ্ৰনীল গায়ন

:দুখৰ সমাধিত:

সকলো কথা
লিখিব নোৱাৰি
 অ’ মোৰ সুহৃদ

যিদৰে কাহানিও ওভতি নহা
আপোনজনৰ কথা
পাহৰিব নোৱাৰি,

সিৰিককৈ সৰি পৰা
নিথৰ গছৰ পাতত
লিখিব পাৰি জানো
মৃত্যুৰ ঠিকনা ???
ওহোঁ
নোৱাৰি
যিদৰে প্ৰতিৰাতি
মই
বহি থাকো
   উচুপি উচুপি ।।
১৯/৫/২০১৪

 -ইন্দ্ৰনীল গায়ন.

:আকৌ এবাৰ ৰৈ যাওক সময়:

কেতিয়াবা ব্যস্ততাৰ পোছাকযোৰ সলাই গুচি যাওঁ যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত !!
উশাহ লওঁ মুকলি আকাশৰ তলত
লক্ষ্যহীন যাত্ৰা !! যেন গৈ থাকিম.. গৈ থাকিম, কেৱল গৈ থাকিম
ওন্দোলাই অহা মেঘে আগজাননী দিছিল এজাক মুষুলধাৰ বৰষুণ অহাৰ, ঠিক প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰোৱা আৱাহনী দুখন হৃদয়ৰ দৰেই, তথাপি এই যাত্ৰা আছিল ৰোমাঞ্চকৰ, দীঘলীয়া পথৰ দুয়োকাষে শাৰী শাৰী সেউজীয়াই হাতবাউলি মাতে, আহা !! আহা !! এয়া চোৱা তিতিছো, জীপাল হৈছো কেৱল তোমাৰ বাবেই.....
সঁচাকৈয়ে, কি আছিল তাত, মই নাজানিছিলো, মাথো খিৰিকীৰ ফাঁকেৰে সোমাই অহা টোপালবোৰে ইছাৰা দিছিল....
-কি ভাবিছা-
ওহোঁ একো ভবা নাই !!
-কিবা লিখাৰ কথা-
-হম্ম, এখন উপন্যাস, কিয় জানো এই ঠাইখিনিৰ পৰিৱেশে মোক বাৰে বাৰে কৈছে-
তুমি পাৰিবা, তুমি পাৰিবা
তেন্তে আৰম্ভ কৰাচোন !!


এখন অখ্যাত গাঁও, পখীৰ কলৰৱৰ সৈতে পুৱাৰ কোমল ৰ’দজাকে এঙামূৰি দিয়ে, পিছে পিছে সেউজীয়াৰ সৈতে অৱগাহন কৰি ভালপোৱা এজাক স্বপ্নাতুৰ মানুহ, তেওঁলোকে নাজানে অন্য এখন পৃথিৱীৰ কথা। সৰু মানুহ, সৰু পৰিচয়।
আৰু নিজাকৈ গঢ়ি লোৱা এখন নিজস্ব পৃথিৱী।
সেই পৃথিৱীখনত কোনো কলুষতা নাই, যিদৰে  কেনভাছ এখনত ৰঙবোৰ ছটিয়াই দিও, ঠিক যেন সেই ৰঙবোৰৰ দৰেই মানুহৰ মনবোৰ !! তেওঁলোকে নাজানে বিজ্ঞান প্ৰযুক্তিবিদ্যা্ৰ সূত্ৰ, কিম্বা অৰ্থনীতি, ৰাজনীতিৰ জটিল তত্ত্ব, মাথো জানে সহজ জীৱন যাপনৰ মূলমন্ত্ৰ।
                                                                         
তেন্তে আমি বাৰু  এনেকৈয়ো ক’ব পাৰো নেকি:-
“Are we all searching for something that has been always their”
নিশ্চয়কৈ পাৰো.....
মই বিচাৰি ফুৰা এখন সপোনৰ ঠাই, “Green smiled at me, all that compassion in his eyes, and he cupped my face in his hands, as though it were delicate, and precious. "You must never leave me never leave me,”
সকলোৰে ওঁঠত স্মিত হাঁহিবোৰ বিয়পি থাকে,  যেন আমি বহুবছৰৰ চিনাকি !! দিনবোৰ গৈ আছিল সময়ৰ সৈতে, প্ৰতিটো মুহূৰ্তয়ে অভিজ্ঞতাৰ সঁফুৰা। যেন একো একোটা স্নেপশ্বট।
ক্লিক...... ক্লিক.........
জীৱনে আমাক বহু কথায়ে শিকায় !!
নজনাকৈয়ে !!
বিদায় বেলাত, প্ৰত্যেকেই সুখ-দুখৰ মুহূৰ্তবোৰ  জোলোঙাটোত ভৰাই লৈ  গুচি গৈছিল নেদেখা দূৰলৈ, মাথো সাক্ষী হৈ ৰৈছিল ফটোফ্ৰেমতো।
তোমাৰ দুখ লাগিছে??
দুখ, মোৰ সহোদৰ !! হয়তো হয় !!
এটি দীঘলীয়া পৰিক্ৰমাৰ অন্তত আমি পুনৰাই লগ হ’ম, হেৰোৱা দিনৰ সুবাস বিচাৰি। কথা পাতিম, জীৱনৰ !!
সুখ দুখৰ !!
yes........
Life brings Tears
Smiles & memories
The Tears Dry
The Smiles Fade
But…..
The Memories Forever……..

যেন চিঞৰি চিঞৰি পুনৰাই ক’ম:-
.... আকৌ এবাৰ ৰৈ যাওক সময়.........
.... আকৌ এবাৰ ৰৈ যাওক সময়........


ইন্দ্ৰনীল গায়ন

Wednesday, 23 July 2014

গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে



     

ময়ূৰ বৰা সাম্প্ৰতিক সময়ৰ সকলোৰে অতি পৰিচিত নাম|  বৰ্তমানলৈকে অসমীয়া গদ্য সাহিত্যলৈ তেওঁ  আগবঢ়োৱা অৰিহণা উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে, হয়তো সেইবাবেই তেওঁৰ কিছু স্পৰ্শকাতৰ বিষয়ক লৈ ৰচনা কৰা গ্ৰন্থই পঢ়ুৱৈ সমাজত কিছু বিৰ্তকৰ সূত্ৰপাতো কৰিছে| বৰ্তমানলৈকে  তেখেতে ৰচনা কৰা প্ৰবন্ধসমূহ একত্ৰিত কৰি  ২০১১ চনত আঁক-বাঁক প্ৰকাশনৰ দ্বাৰা পৰিৱেশিত সংকলন “ অনুভৱৰ প্ৰতিধ্বনি” ২০১২ চনত ক্ৰমে সমালোচনামূলক গ্ৰন্থ “পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ” এই গ্ৰন্থখনিৰ বাবে তেওঁ বহুলভাৱে চৰ্চিত হোৱাৰ লগতে বিৰ্তকৰ মাজতো সোমাই পৰিব লগা হৈছিল| ২০১২ চনত এপাকোছৰ দ্বাৰা পৰিৱেশিত All Those Yearings শীৰ্ষক অনুবাদ গ্ৰন্থখনিত দিলীপ বৰা দেৱৰ গল্পসমূহ ইংৰাজীলৈ অনুবাদ কৰিছিল| ঠিক সেইদৰে ২০১২ চনত ক্ৰমে প্ৰবন্ধ সংকলন প্ৰত্যাশাৰ প্ৰতিলিপি, আৰু ইতিহাসমূলক গ্ৰন্থ ব্ৰাক্ষণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম, এই গ্ৰন্থখনিৰ বাবেও কিছু পৰিমাণে বাতৰি কাকত আৰু বৈদুতিন মাধ্যামৰ লগতে পাঠকসমাজত বিৰ্তকৰ সৃষ্টি হৈছিল| এককথাত তেখেত  এগৰাকী  যুক্তিবাদী, আৰু স্পষ্টবাদী লেখক|



  শেহতীয়াকৈ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰকাশিত প্ৰবন্ধসমূহ একগোট কৰি  ২০১৩ চনৰ অক্টোবৰ মাহত আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে আৱেগৰ কুঁৱলী ফালি শীৰ্ষক এখনি প্ৰবন্ধ সংকলন|  এই সংকলখনিত তেখেতে সাময়িক ভাৱে সমাজৰ বিভিন্ন দিশৰ লগতে, তেওঁৰ নিজা অভিজ্ঞতা আদিৰ বিষয়বস্তুক আধাৰ হিচাপে লৈ প্ৰবন্ধসমূহ ৰচনা কৰিছে, তাৰে ভিতৰত ধৰ্ম, ঈশ্বৰবিশ্বাস আৰু ছহিদ ভগৎ সিং, নাৰী-পুৰুষৰ সম্পৰ্ক আৰু যৌনতা, চৌদিশে সাংস্কৃতিক সন্ত্ৰাসবাদৰ ছাঁবোৰ দেখি, সাম্যবাদ আৰু আমাৰ মনৰ স্বাৰ্থবোৰ, বাতৰি কাকতৰ ভৱিষ্যৎ, পৰিৱৰ্তনৰ ঢৌত সততা আৰু দক্ষতা আদিৰ দৰে প্ৰবন্ধসমূহত তেওঁৰ যুক্তিবাদী আৰু স্পষ্টবাদী মনটোৰ কথা পাঠকসকলে নিশ্চয়কৈ হৃদয়ংগম কৰিব পাৰিব|
তাৰ পৰিৱৰ্তে  এশ দহ টকীয়া ব্ৰেডৰ সোৱাদ, এখন ব্যতিক্ৰমী ছেমিনাৰ আৰু ডঃ সন্দীপ পাণ্ডে আদি শীৰ্ষক প্ৰবন্ধত তেখেতে চাকৰি জীৱনত লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে  সমাজৰ গুৰুত্বপূৰ্ণ দিশ কিছুমানৰ বিষয়ে সুন্দৰভাৱে অৱগত কৰিছে|
শেষত, মই এষাৰ কথাৰেই লেখাটোৰ সামৰণি মাৰিব খুজিছো -  ময়ূৰ বৰাৰ দৰে এজন গভীৰ অধ্যায়নপুষ্ট, ভাৱদৰ্শী, যুক্তিবাদী লেখকৰ লেখনিসমূহৰ জৰিয়তে পাঠকসকল নিশ্চিতভাৱে উপকৃত হ’ব  পাৰিব|
      
ইন্দ্ৰনীল গায়ন

গ্ৰন্থ....পাঠকৰ দৃষ্টিৰে

     (১)
_______________________
কবিতা হৈছে কবিয়ে মনৰ অনুভৱক স্বতঃফূতভাৱে ব্যক্ত কৰা, অৰ্থাৎ কবিয়ে কবিতাক নিৰ্মাণ নকৰে, শব্দৰ জৰিয়তে প্ৰকাশ কৰে। কবিসকলে কবিতাৰ মাজেৰে অনুসন্ধান কৰে জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিষাদ, নিঃসংগতা, সমাজ বিষয়ক একোখন ছবি, আৰু সেই ছবিবোৰৰ মাজেৰেই প্ৰকাশ কৰে মনৰ অনুভৱবোৰ।
আজি আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছো আশীৰ দশকতে আত্মপ্ৰকাশ কৰা আৰু সেইসময়তে প্ৰতিস্থা লাভ কৰা কবি হিৰণ্য কুমাৰ গায়নৰ “সহজাত বিৰোধৰ মাজত” শীৰ্ষক কাব্য সংকলনখনি।
এই কাব্য সংকলনখনত মুঠ ৬৪টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। কবিয়ে জনাইছে সংকলনখনিত সন্নিৱিষ্ট হোৱা কবিতাসমূহৰ ৰচনাকাল;”৮৮ ৰ ’ পৰা ৯২ চনৰ সাম্প্ৰতিক সংঘাত আৰু বোধৰ পটভূমিত সৃষ্টি হোৱা বিৰোধৰ ফলশ্ৰুতিয়েই। 
লগতে সংকলখনিৰ আগকথাত প্ৰতিথশা কবি সাহিত্যিক নৱকান্ত বৰুৱাদেৱে কবিৰ বিষয়ে লিখিছে যে:- শ্ৰীমান হিৰণ্য কুমাৰ গায়নৰ কবিতা আগৰ পৰায়ে বিভিন্ন আলোচনী, বাতৰি কাকত আদিত পঢ়ি আহিছিলো যদিও সংকলনটো হাতত লৈ মোৰ মনলৈ অহা ভাবটো হ’ল “ প্ৰত্যেকেই সুকীয়া সুকীয়া অথচ প্ৰত্যেকৰে লগতে প্ৰত্যেকেই জড়িত। আৰু এই সংকলনখনিৰ প্ৰথম পক্তিটোৰেই কবিয়ে নিজক সাব্যস্ত কৰিছে-“তেওঁ যে কবি”-
এতিয়া আহো কবিতাৰ মাজলৈ, ব্যক্তিগতভাৱে সংকলনখনিৰ প্ৰতিটো কবিতায়ে মোক বাৰুকৈয়ে মুগ্ধ কৰে। কিন্তু কবিতাসমূহ যথেষ্ট দীঘল হোৱাৰ হেতুকে মোৰ অতিকৈ প্ৰিয় তিনিটা কবিতাৰ পক্তিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো :-
   (১)

: সাম্প্ৰতিক:

নিজক সাবস্ত্য কৰিবলৈ যোৱাৰ আগতে
মই মোক টানি আনোঁ নৈপথ্যৰ পৰা
স্পৰ্শ কৰিছোঁ যাক সেয়া অসময়
যাক নুচুলেও নহয় সেয়া মোৰ নহয়
ঠিক এনে এক প্ৰাত্যহিক মানসিকতাৰে
পৰিচৰ্যা কৰিছো মোৰ অবাধ্য শিশুটোক
সি হাঁহিলেই মোৰ অৰ্থহীন হাঁহি
দুখ অথবা যাতনাত উচুপিলেই অসহায়বোধ
কবিয়ে এই কবিতাটোৰ জৰিয়তে সেই সময়ৰ জটিল সময়ৰ কথা বুজাইছে, অৰ্থাৎ মনৰ মাজত চলি থকা বিদ্ৰোহক সুন্দৰ ব্যঞ্জন, আৰু আংগিকৰ জৰিয়তে প্ৰকাশ কৰিছে। এককথাত এটি সাৱলীল আৰু সুখপাঠ্য কবিতা।


(২)

:উপত্যকাটোলৈ আহিব ধৰা:

প্ৰতিটো দিনৰ হাততে একোপাত মাৰণাস্ত্ৰ
ইখোজৰ পিছত সিখোজ
মানুহৰ চকুত গভীৰ নিৰন্ধ্ৰ ছাঁ
পৰস্পৰৰ চকুত প্ৰাচীন মুখবোৰ ছঁয়াময়া
বুকুৰ পৰা বুকুলৈ প্ৰত্যয়ৰ সাঁকো দোদুল্যমান

আজিকালি শুবলৈকে ভয় লাগে
অবাঞ্ছিত মৃত পৃথিৱী সপোনৰ চকুত নিথৰ
মানুহৰ মঙেহেৰে শগুণৰ ঠোঁটত এখন আকাশ”
কবিয়ে সংকলখনিৰ প্ৰথমতেই উল্লেখ কৰিছিল যে প্ৰায়বোৰ কবিতাৰ ৰচনাকাল;”৮৮ ৰ ’ পৰা ৯২ চনৰ সাম্প্ৰতিক সংঘাত আৰু বোধৰ পটভূমিত সৃষ্টি হোৱা বিৰোধৰ ফলশ্ৰুতিয়েই। সেইবাবেই এই কবিতাটোত সেই সময়ৰ কবিৰ মনৰ দোদুল্যমান অৱস্থা সুন্দৰ ৰূপত ফুটি উঠা দেখা গৈছে।

(৩)
:দুখ:

আন্ধাৰৰ ডেউকা কোবাই
চৰাইটো উৰি আহে
ৰাতিৰ পথেৰে

মোৰ লগতে
সমস্ত পৃথিৱীৰ বুকু
অনুভূতিৰে শীতল হয়

কোনোবাই যেন
সংগোপনে সী দিয়ে
নৈ এখনিৰ ওঁঠ

গছবোৰৰ সৈতে নৈখনে 
আৰু পাহাৰ উপত্যকাই
আজুৰি পিন্ধে
নিৰ্মম ক’লা সাজ

আন্ধাৰতে
মই উলংগ হৈ পৰোঁ
নিজৰ কাষৰত !!
এই কবিতাটোত নিজা উপলব্ধিৰে গভীৰভাৱে মনৰ বেদনাখিনি ব্যক্ত কৰিছে। যেন হাঁহিব নোৱাৰা দুখত কবিয়ে উচুপিছে।
শেষত, এজন পাঠক হিচাপে ক’বলৈ বিচাৰো যে হিৰণ্য কুমাৰ গায়নৰ প্ৰত্যেকটো কবিতায়ে হৈছে গভীৰ ভাবাৰ্থৰ, সংবেদনশীল, হয়তো সেয়ে তেখেতৰ কবিতায়ে পাঠকসকলৰ মনত এক গভীৰভাৱে সাঁচ বহুৱাই থৈ যায় ।
আচলতে কবিয়ে কবিতাৰ জৰিয়তে নিজক সাবস্ত্য কৰে।
সেয়ে হয়তো কবিয়ে কয়:- মানুহে নিজৰ বাবে এখন কাৰাগাৰ সাজে, নিজৰ মাজত, মুক্ততাক মানুহে যিদৰে ভালপায়, বন্দীত্বকো সংগোপনে।

- ইন্দ্ৰনীল গায়ন