যোৱা ৪ ফ্ৰেব্ৰুৱাৰী
তাৰিখে আশীৰ্বাদ থিয়েটাৰৰ তৃতীয় নিশা মঞ্চস্থ কৰা অভিজিৎ ভট্টাচাৰ্যৰ ৰচিত
নাটক মিছ অনামিকা গোস্বামী নাটখন উপভোগ কৰিলোঁ । সময়ে সময়ে এনে লাগিছিল যেন
কিয় বাৰু
আহিলোঁ এই নাটকখন চাবলৈ, কাহিনী গতানুগতিক, মাজে মাজে হিন্দী চিনেমাৰ দৰে নৃত্য ভংগিমা
নায়ক নায়িকাৰ নিবিড় সান্নিধ্যৰ মুহূৰ্ত আৰু দূৰ্বল চিত্ৰ নাট্য
গোটেইখিনিয়ে যেন মোক বৰ অহস্যকৰ
কৰি তুলিলে অকল মোকেই নহয় প্ৰেক্ষাগৃহত উপস্থিত থকা প্ৰায়বোৰ দৰ্শককেই, তাৰ মাজতেই
কোনোৱে কোনোৱে কোৱা শুনিলোঁ পইচা কেইটা পানীত হে পেলালোঁ। এতিয়া আচল কথালৈ আহোঁ
ভ্ৰাম্যমান নাট্য দল সমূহ হৈছে জনগণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল সেই গতিকে সেই নাট্যদলৰ লোক
সকলেও বুজি পোৱা উচিত যে কি ধৰণৰ নাটক পৰিৱেশন কৰা উচিত বা অনুচিত নাইবা কেনে ধৰণৰ
নাটকে দৰ্শকসকলক আকৃষ্ট কৰিব পাৰে। এইখিনিতে আৰু এটা কথা কওঁ কিছুমান এনে শ্ৰেণীৰ
দৰ্শক
আছে ,
তেওঁলোক ক’বলৈ গ’লে নাট চাবলৈ অহাৰ পৰিৱৰ্তে যেন কেৱল অশ্লীল চিঞৰ, নিকৃষ্ট বাক্য
নিক্ষেপ, আদি কৰিবৰ বাবেই প্ৰেক্ষাগৃহলৈ আহে, কাৰণ সেইসকলৰ অশালীন মন্তব্যয়ে উপস্থিত
দৰ্শকক মানসিক ভাৱে হাৰাশাস্তি দিয়াৰ লগতেই পৰিৱেশো বিনষ্ট কৰে।
তেওঁলোকৰ বাৰু মস্তিষ্কই সেই সাধাৰণ সৌজন্যতাবোধ খিনিৰ কথাও ঢ়ুকি নাপায় নেকি।
No comments:
Post a Comment