||এক||
উদাস আকাশখনৰ তলত বহি
আমি কথা পাতো
গুণগুণাওঁ
চিনাকি
অচিনাকি
এতিয়া অচিনাকি
দুয়ো দুয়োৰ পৰা নিলগত
গৰখীয়া বাঁহীৰ সুৰটো আহি নীৰৱে উচুপে
চকুলোবোৰ নিগৰে
মোৰ বুকুত
ধীৰে ধীৰে
||দুই||
আমি ৰৈ থাকো
শীৰ্ণ নদীখনৰ পাৰত
সন্ধ্যাৰ চুফিয়ানা বতাহজাকে
আহি চুই যায়
আৰু
কয়:-
আজি আকৌ আহিলা
দুখত দুখী হ’বলৈ !!
-ইন্দ্ৰনীল গায়ন
No comments:
Post a Comment