কেতিয়াবা ব্যস্ততাৰ পোছাকযোৰ
সলাই গুচি যাওঁ যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত !!
উশাহ লওঁ মুকলি আকাশৰ তলত
লক্ষ্যহীন যাত্ৰা !! যেন গৈ
থাকিম.. গৈ থাকিম, কেৱল গৈ থাকিম
ওন্দোলাই অহা মেঘে আগজাননী
দিছিল এজাক মুষুলধাৰ বৰষুণ অহাৰ, ঠিক প্ৰতিশ্ৰুতিবদ্ধ
হৈ ৰোৱা আৱাহনী দুখন হৃদয়ৰ দৰেই, তথাপি এই যাত্ৰা আছিল
ৰোমাঞ্চকৰ, দীঘলীয়া পথৰ দুয়োকাষে শাৰী
শাৰী সেউজীয়াই হাতবাউলি মাতে, আহা !! আহা !! এয়া
চোৱা তিতিছো, জীপাল হৈছো কেৱল তোমাৰ
বাবেই.....
সঁচাকৈয়ে, কি আছিল তাত, মই নাজানিছিলো, মাথো খিৰিকীৰ ফাঁকেৰে সোমাই অহা টোপালবোৰে ইছাৰা দিছিল....
-কি ভাবিছা-
ওহোঁ একো ভবা নাই !!
-কিবা লিখাৰ কথা-
-হম্ম, এখন উপন্যাস, কিয় জানো এই ঠাইখিনিৰ পৰিৱেশে মোক বাৰে বাৰে কৈছে-
তুমি পাৰিবা, তুমি পাৰিবা
তেন্তে আৰম্ভ কৰাচোন !!
এখন অখ্যাত গাঁও, পখীৰ কলৰৱৰ সৈতে পুৱাৰ কোমল ৰ’দজাকে এঙামূৰি দিয়ে,
পিছে
পিছে সেউজীয়াৰ সৈতে অৱগাহন কৰি ভালপোৱা এজাক স্বপ্নাতুৰ মানুহ, তেওঁলোকে নাজানে অন্য এখন পৃথিৱীৰ কথা। সৰু মানুহ, সৰু পৰিচয়।
আৰু নিজাকৈ গঢ়ি লোৱা এখন
নিজস্ব পৃথিৱী।
সেই পৃথিৱীখনত কোনো কলুষতা
নাই, যিদৰে কেনভাছ এখনত ৰঙবোৰ ছটিয়াই দিও, ঠিক যেন সেই ৰঙবোৰৰ দৰেই মানুহৰ মনবোৰ !! তেওঁলোকে নাজানে
বিজ্ঞান প্ৰযুক্তিবিদ্যা্ৰ সূত্ৰ, কিম্বা অৰ্থনীতি, ৰাজনীতিৰ জটিল তত্ত্ব,
মাথো
জানে সহজ জীৱন যাপনৰ মূলমন্ত্ৰ।
তেন্তে আমি বাৰু এনেকৈয়ো ক’ব পাৰো নেকি:-
“Are we all searching for something that has been
always their”
নিশ্চয়কৈ পাৰো.....
মই বিচাৰি ফুৰা এখন সপোনৰ ঠাই, “Green smiled at me, all that compassion in his
eyes, and he cupped my face in his hands, as though it were delicate, and
precious. "You must never leave me never leave me,”
সকলোৰে ওঁঠত স্মিত হাঁহিবোৰ বিয়পি
থাকে, যেন আমি বহুবছৰৰ চিনাকি !! দিনবোৰ গৈ আছিল সময়ৰ সৈতে, প্ৰতিটো মুহূৰ্তয়ে অভিজ্ঞতাৰ সঁফুৰা। যেন একো একোটা স্নেপশ্বট।
ক্লিক...... ক্লিক.........
জীৱনে আমাক বহু কথায়ে শিকায়
!!
নজনাকৈয়ে !!
বিদায় বেলাত, প্ৰত্যেকেই সুখ-দুখৰ মুহূৰ্তবোৰ জোলোঙাটোত ভৰাই লৈ গুচি গৈছিল নেদেখা দূৰলৈ, মাথো সাক্ষী হৈ ৰৈছিল ফটোফ্ৰেমতো।
তোমাৰ দুখ লাগিছে??
দুখ, মোৰ সহোদৰ !! হয়তো হয় !!
এটি দীঘলীয়া পৰিক্ৰমাৰ অন্তত
আমি পুনৰাই লগ হ’ম, হেৰোৱা দিনৰ সুবাস বিচাৰি। কথা পাতিম, জীৱনৰ !!
সুখ দুখৰ !!
yes........
Life brings Tears
Smiles & memories
The Tears Dry
The Smiles Fade
But…..
The Memories Forever……..
যেন চিঞৰি চিঞৰি পুনৰাই ক’ম:-
.... আকৌ এবাৰ ৰৈ যাওক সময়.........
.... আকৌ এবাৰ ৰৈ যাওক সময়........
ইন্দ্ৰনীল গায়ন
No comments:
Post a Comment