Showing posts with label প্ৰবন্ধ. Show all posts
Showing posts with label প্ৰবন্ধ. Show all posts

Monday, 27 January 2014

এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী জিতেন হাজৰিকাৰ কথাৰে


                                        

No Great Artist sees things as they look,
If he Ceasses to be an Artist
-      Oscar wilde

শিল্পী সত্ত্বাক আমি কোনো নিৰ্দিষ্ট পৰিসীমাৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰো,  পৰিসীমাৰ সেই জেওৰা নথকাৰ বাবেই কিজানি তেওঁ সৰুৰে পৰাই সৃষ্টিশীলতাৰ প্ৰতি আকৰ্ষিত হৈছিল| আৰু সেই পৰিৱেশ পাইছিল নিজা ঘৰখনৰ পৰাই| শৈশৱতে হাতত তুলিকা তুলি  বৰ্তমানলৈ তেওঁ এক সুকীয়া পৰিচয়ৰে অসমৰ লগতে ভাৰত কিম্বা  বিশ্ৱৰ বিভিন্ন প্ৰান্তত বিভিন্ন চিত্ৰপ্ৰদৰ্শনীৰে উদ্ভাষিত হৈ উঠা এজন বিশিষ্ট চিত্ৰশিল্পীৰূপে পৰিগণিত হৈছে| তেওঁ আন কোনো নহয় আমাৰ অসমৰ আৰু বৰ্তমান দিল্লীৰ নয়দাত স্থায়ীভাৱে বসবাস কৰা প্ৰখ্যাত চিত্ৰশিল্পী জিতেন হাজৰিকা|

এই প্ৰখ্যাত চিত্ৰশিল্পী গৰাকীৰ জন্ম হৈছিল ১৯৩৬ চনত| সৰুৰে পৰাই তেওঁ বিভিন্ন সৃষ্টিশীল কৰ্ম ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি আহিছে| আনুস্থানিক শিক্ষাৰ কথাৰে হাজৰিকা ১৯৬৩ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়(গুৱাহাটী)ৰ পৰা ব্যৱহাৰিক অভিযন্ত্ৰা (Civil Engineering) ৰূপে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল| উল্লেখনীয় যে অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ হিচাপে থাকোতে তেওঁ বিভিন্ন ক্ষেত্ৰত  প্ৰতিভাৰ স্ৱাক্ষৰ দাঙি ধৰিছিল| ইয়াৰ পিছতে ১৯৬৪ চনত সম্প্ৰতি শিল্পীৰূপে খ্যাতি অৰ্জন কৰা হাজৰিকা ভাৰতীয় সেনা বাহিনীত নিযুক্ত হয়, আৰু ১৯৯০ চনত কৰ্ণেলৰূপে চাকৰিৰ পৰা স্বেচ্ছামূলক ভাৱে অৱসৰ গ্ৰহণ কৰে, তেওঁৰ এই স্বেচ্ছামূলক অৱসৰৰ একমাত্ৰ  কাৰণ আছিল তেওঁৰ শিল্পীসুলভ মনটো|
ইয়াৰ পিছৰ পৰাই তেওঁ অধিক সক্ৰিয়তাৰে সৃষ্টিশীল কৰ্মত   মনোনিৱেশ কৰি চিত্ৰশিল্পৰ স’তে একাত্ম হৈ পৰি সম্প্ৰতি ছবি আঁকাটো তেওঁ পেছা হিচাপে গ্ৰহণ কৰিলে, যদিও সেই কাম কৰিবলৈ যাওতে যথেষ্ট পৰিমানে প্ৰত্যহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছিল | তথাপি তেওঁ সেই প্ৰত্যহ্বানক নেওচি একাগ্ৰতাৰে ছবি আঁকা কামত নিজকে সমৰ্পিত কৰিলে|


এইখিনিতে তেখেতৰ সৈতে হোৱা বাৰ্তালাপত  প্ৰশ্ন কৰা হৈছিল  আপুনি অঁকা ছবিসমূহৰ ক্ষেত্ৰত বিষয়স্তুৰ কোনো নিৰ্দিষ্টতা আছেনে? আপুনি আচলতে ছবিবোৰৰ মাজত কি বিচাৰি ফুৰে?
তেওঁ উত্তৰত কৈছিল:-
¡°I have possibilities, I know, but under which stone they lie buried I do not know,- said Albert Camus. 

আমি শিল্পীসকলে বুকুত অহৰ্ণিশে কঢ়িয়াই লৈ ফুৰো সৃষ্টিশীল মনটোক| ধৰি লোৱা শুকান সৰা পাতখিলাৰ পৰা আৰম্ভ কৰি, আমাৰ চৌপাশেই প্ৰকৃতিৰ বৰ্ণময় বিভিন্ন ৰূপ আমি দেখিবলৈ পাওঁ। সেই দেখা পোৱা ৰূপবোৰ আমি  এক বিশেষ ধৰণে চোৱাৰ চেষ্টা কৰোঁ | আৰু সেই চেষ্টাই এটি সুন্দৰ মুহূৰ্তৰ পৰিচয় বহন কৰে।
ঠিক সেই সময়খিনিতে আমাৰ কলাসুলভ মনটোত এই অভিনৱ উন্মেষ ঘটে| হয়তো একেখিনি কথা এজন কবিৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়| কাৰণ এজন চিত্ৰশিল্পীয়ে অনুভৱৰ ৰং তুলিকাৰে অংকিত কৰে আৰু এজন কবিয়ে হৃদয়ৰ অনুভূতিক একো একোটা শব্দৰে তুলি কৰে|




জিতেন হাজৰিকাই অংকিত কৰা ছবিসমূহৰ মাজত গভীৰ বাস্তৱবাদৰ ভাৱ সুন্দৰকৈ ফুটি উঠা দেখা যায়, বিশেষকৈ তেখেতে ছবিৰ মাজেৰে সাম্প্ৰাতিক সময়ৰ প্ৰতিচ্ছবিসমূহ দাঙি ধৰি চিত্ৰশিল্পক  অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে জনসাধৰণৰ দ্বাৰা প্ৰভূত সমাদৃত হৈ আহিছে ।

এইখিনিতে দেশে-বিদেশে বহুলভাৱে চৰ্চিত হোৱা তেওঁ অংকন কৰা ক্ষনচেৰেক চিত্ৰৰ  বিষয়ে উল্লেখ কৰিবলৈ বিচাৰিছো:-
In Seach Of Meaning, Heaven Be Praised,  Love devine, we, Repose, My Mother, অন্যতম|


তাৰ বাহিৰেও দেশৰ আগশাৰীৰ বিভিন্ন বাতৰি-কাকত, আলোচনী আদিতো তেওঁৰ  ছবিৰ বিষয়ে প্ৰশংসিত মন্তব্য আগবঢ়াইছে, তাৰে ভিতৰত   আমাৰ হাতত থাওকতে পৰা গোটখেৰেক আলোচনীৰ
কিয়দাংশ  উল্লেখ কৰিবলৈ বিচাৰিছো

The Hindustan Times নামৰ শীৰ্ষক বাততি কাকতত My Mother নামৰ প্ৰখ্যাত ছবিখনৰ সন্দৰ্ভত এইদৰে লিখিছিল:-
The rases Can be Shown much better on a woman’s face, but it Shringar or hasya.
And woman in the dominant Theme in the Hazarika’s works.” ( মাৰ্চ ৪, ২০০৭)

ঠিক সেইদৰেই The Times Of Indiaত উল্লেখ কৰিছে :-
His canvases assume larger Than life proportions, The simplistic Themes cata-pulted to the limelight Through The Sheer genius of Treatment and balance of subject and style that takes on lyrical proportions. ( অক্টোবৰ ৭, ২০০২)


 সঁচাকৈয়ে জিতেন হাজৰিকাই ছবিসমূহৰ মাজত এক  নিখুঁত পৰিকল্পনা, গভীৰ পৰ্যবেক্ষণ শৈলী, আৰু ছবিসমূহ ফুটাই তুলিবৰ বাবে ৰং তুলিকাৰ সমন্বয়ৰে সামাজিক আৰু মানৱীয় দৃষ্টিৰে আলোকপাত কৰা দেখা যায়|


শিল্পকলাৰ ক্ষেত্ৰখনলৈ ন-ন চিন্তাৰে অনবদ্য অৱদান আগবঢ়াই অহা সৃষ্টিশীল কৰ্মত অহৰহ ব্যস্ত থকা জিতেন হাজৰিকা দেৱ আগুৱাই যাওক, দীৰ্ঘায়ু হওক আমি মন-প্ৰাণে তাকে কামনা কৰো|


ইন্দ্ৰনীল গায়ন

Tuesday, 3 December 2013

শ্ৰী শ্ৰী আউনি আটী সত্ৰ ( মাজুলী )

  





বিশ্বৰ অন্যতম বৃহৎ নদী-দ্বীপ মাজুলী কেৱল ভৌগিলিক কাৰণতেই নহয় অসমৰ বৈষ্ণৱ ধৰ্ম আৰু প্ৰৱৰ্তকৰ মৌলিক 

উদ্ভাৱক সত্ৰ আৰু ধৰ্ম সংস্কৃতিৰ মিলনতীৰ্থ। নানা জাতি-জনজাতিৰ সমন্বয়ৰ থলীৰ প্ৰাণকেন্দ্ৰস্বৰূপেও সু-বিখ্যাত। 

প্ৰাকৃতিক পৰিৱেশ , ভৌগিলিক অৱস্থিতি, প্ৰত্নতাত্ত্বিক ঐতিহ্যৰ বৈশিষ্টৰাজিয়েও মাজুলীক এক সুকীয়া মৰ্যাদা প্ৰদান 

কৰি আহিছে ।প্ৰকৃতিৰ অপৰূপ সৃষ্টি মাজুলী সাংস্কৃতিক ক্ষেত্ৰৰ লগতে বহু ঐতিহ্য আৰু ঐশ্বৰ্যৰে সমৃদ্ধ। এনে বহু 

বৈশিষ্টৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ উৎসুক পৰ্যটকৰ বাবেও ই এক অনন্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু।অসমৰ বৈষ্ণৱ 

সংস্কৃতিৰ উৎস আৰু বিকাশৰ থলী সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। ভক্তি আন্দোলনৰ প্ৰধান বাহক এই সত্ৰই 

জাতীয় সংহিতলৈ বৰেণ্য অৱদান আগবঢ়াই আহিছে। অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংস্কৃতিৰ 

স্নায়ুকেন্দ্ৰ এই সত্ৰসমূহৰ অন্যতম "শ্ৰী শ্ৰী আউনি আটী সত্ৰ" এই সত্ৰখনি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই 

কুৰুৱাবাহী সত্ৰৰ ভাগৱত পাঠক নিৰঞ্জন দেৱক আনি মাজুলীৰ আউনি আটী নামৰ ঠাইত ১৬৫৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা 

কৰিছিল। আউনি আটী নামৰ ব্যুৎপত্তিলৈ লক্ষ্য কৰিলে আমি দেখো যে, আউনী শব্দাংশটোৱে আউনী পানক বুজাইছে 

আৰু আটী মানে হ’ল ওখ ঠাই, অৰ্থাৎ আউনী পান থকা ওখ ঠাই, ই এই কথা নিশ্চিত কৰে যে, আউনী পানৰ গছ 

থকা ওখ ঠাইত এই সত্ৰ স্থাপন কৰা হৈছিল।সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগহ, ভকতৰ চাৰিহাটী, ধনভঁৰাল, চাউল 

ভঁৰাল, কৰাপাটৰ উপৰিও নিজ বৈশিষ্ট সম্পন্ন কেইবাটাও অংগ আছে, সেই সমূহৰ ভিতৰৰ ৰাঙলী চ’ৰা, পুথিভঁৰাল, 

যাদুঘৰ, আলহীঘৰ, সংস্কত টোল, ছপাশাল, মুকলি ৰংগমঞ্চই প্ৰধান।আউনী আটী সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা 

বৰ্তমানলৈকে ১৬ জনা অধিকাৰ অধিকাৰৰ আসনত অধিষ্ঠিত হৈছে, সেইসকল হ’ল :- 

১) শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী
২) শ্ৰী শ্ৰী কেশৱ দেৱ গোস্বামী
৩) শ্ৰী শ্ৰী ৰামচন্দ্ৰ দেৱ গোস্বামী
৪) শ্ৰী শ্ৰী দামোদৰ দেৱ গোস্বামী
৫) শ্ৰী শ্ৰী হৰি দেৱ গোস্বামী
৬) শ্ৰী শ্ৰী প্ৰাণহৰি দেৱ গোস্বামী
৭) শ্ৰী শ্ৰী লক্ষ্নীনাথ দেৱ গোস্বামী
৮) শ্ৰী শ্ৰী পদ্মপাণি দেৱ গোস্বামী
৯) শ্ৰী শ্ৰী লক্ষ্নীৰাম দেৱ গোস্বামী
১০) শ্ৰী শ্ৰী কুশৰাম দেৱ গোস্বামী
১১) শ্ৰী শ্ৰী দেৱদত্ত দেৱ গোস্বামী
১২) শ্ৰী শ্ৰী কমল চন্দ্ৰ দেৱ গোস্বামী
১৩)শ্ৰী শ্ৰী লীলা কান্ত দেৱ গোস্বামী
১৪) শ্ৰী শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী
১৫) শ্ৰী শ্ৰী বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী

বৰ্তমানৰ সত্ৰাধিকাৰ ডঃ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী, তেওঁৱে সত্ৰখনৰ মূৰব্বী, তেখেতৰ তত্বাৱাধানতেই সত্ৰৰ 

সকলো কাৰ্য পৰিচালনা কৰা হয়।

(তথ্য :- মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক পুতুল মহন্তৰ সৌজন্যত)


 - ইন্দ্ৰনীল গায়ন

Monday, 2 December 2013

:দুখন নাটকৰ কথাৰে:

                   


 (১)


" বিশিষ্ট সাহিত্যিক ঔপন্যাসিকা ৰীতা চৌধুৰীৰ উপন্যাস " পপীয়া তৰাৰ সাধু" ৰ নাট্যৰূপ
_________________________________________________________

উপন্যাসখন বহু বছৰ আগেয়ে এবাৰ নহয় দুবাৰকৈ পঢ়িছিলো, কাৰণ এই উপন্যাসখনৰ বৈশিষ্টই এনেকুৱা যে কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ মাজত প্ৰতিটো চৰিত্ৰৰ গভীৰতাই পাঠকৰ মনটোক প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে নিবদ্ধ কৰি ৰাখে বিষয়বস্তুৰ ওপৰত। কাৰণ এই কিতাপখনে সাহিত্য আৰু সংবাদ জগতৰ এক নিৰ্মম আৰু অন্ধকাৰ সত্যৰ দিশ উন্মোচিত কৰিছিল। 
 ব্যৰ্থ  ব্যৰ্থ বুলিয়ে ক’ব লাগিব !!
 উজ্জ্বল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্ৰাণচঞ্চলা ছোৱালীৰ এই পৰিসমাপ্তিক ব্যৰ্থতা বুলি নকৈ কি কোৱা হয়..... 
 তাইতো -
 এই কথাখিনি যশস্বী ঔপন্যাসিকা ৰীতা চৌধুৰীৰ " পপীয়া তৰাৰ সাধু" নামৰ উপন্যাসখনৰ। 
 যোৱা ৪ জুন ’ৰ সন্ধিয়া ৬-৩০ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা গুৱাহাটীৰ অন্যতম নাট্যগোষ্ঠী পূৰ্বৰংগ আৰু সেই উপন্যাসখনৰ আধাৰত মৃদুল তালুকদাৰৰ দ্বাৰা নাট্যৰূপ লগতে নাটখনৰ পৰিকল্পনা, পৰিচালনা যশস্বী নাট্যকাৰ গুণাকৰ দেৱগোস্বামী আৰু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট "পপীয়া তৰাৰ সাধু" উপভোগ কৰিলো। 
 নাটখনত উপন্যাসখনৰ দৰেই হুবহু প্ৰতিটো চৰিত্ৰ উপস্থাপন কৰা হৈছে। 
 ছোৱালীজনী ডাঙৰ লেখিকা আৰু প্ৰখ্যাত সাংবাদিক হোৱাৰ সপোন এটা লৈ গাঁওৰ পৰা চহৰলৈ আহিছিল, কিন্তু সেই সপোনবোৰৰ পিছত তাই দৌৰোতে নিজৰ লগতে পৰিয়ালৰ সকলোকে হেৰুৱাই পেলাইছিল, সাহিত্য আৰু সংবাদ জগতৰ প্ৰতিষ্ঠিত আৰু যশস্যাৰ উচ্চ আসনত বহি থকা মানুহৰ সৈতে একেলগে থিয় হৈ থকাৰ এক প্ৰবল হেঁপাহ আছিল। কিন্তু তাই নোৱাৰিলে। যিসকলৰ ব্যক্তিত্বক তাই সন্মান কৰিছিল, নিজৰ বাবে ভগৱান বুলি ভাবিছিল সেইসকলেই তাইক নিৰ্মমভাৱে শৰীৰ ব্যৱহাৰ কৰি দলিয়াই পেলাই দিছিল। যেতিয়া তাই নিজক বিচাৰি পাইছিল সকলোবোৰ যেন শেষ হৈ গৈছিল। আকাশৰ উজ্জ্বল নক্ষত্ৰ হ’ব নোৱাৰি অৱশেষত তাই এটা পপীয়া তৰা হৈ খহি পৰিছিল। 
 এয়াই হৈছে নাটখনৰ এটি কৰুণ পৰিসমাপ্তি।
 অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি নাটকখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
 এই সুযোগতে ৰীতা চৌধুৰী, মৃদুল তালুকদাৰ, গুণাকৰ দেৱগোস্বামী আৰু লগতে নাটকখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ

(২)


বিশিষ্ট নাট্যকাৰ নিৰঞ্জন  ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে "অৰ্ধ-সত্য: দ্য হাফ ট্ৰুথ"
___________________________________________________________ 

যোৱা ৭ মে’ৰ সন্ধিয়া ৬-৩০ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা অসমৰ অন্যতম অপেছাদাৰী নাট্যদল গুৱাহাটীৰ অসম ৰংগ কথাৰ শেহতীয়া নাটক বিশিষ্ট নাট্যকাৰ নিৰঞ্জন ভূঞাৰ ৰচনা, পৰিচালনা আৰু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ’অৰ্ধ-সত্য: দ্য হাফ ট্ৰুথ উপভোগ কৰিলো। 
 তেওঁ নাটকখনৰ জৰিয়তে বৰ্তমান সময়ৰ আমাৰ দৈনন্দিন সমাজ জীৱনত প্ৰায়ে দেখি থকা কিছুমান সমস্যাক ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে অতি সুন্দৰ ভাবে উপস্থাপন কৰিছে। প্ৰতিদিনেই মানুহৰ অৱচেতন মনটোৰ লগত হোৱা মানসিক দন্দ্ব আৰু চেতন মনটোৰ লগত হৈ থকা কিছুমান অভিজ্ঞতাৰ জটিল ৰূপটোক লৈ ৰচনা কৰা হৈছে নাটকখনৰ মূল বিষয়বস্তু। নাট্যকাৰে নাটকখনৰ চৰিত্ৰসমূহ অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি নাটকখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
 এই সুযোগতে নিৰঞ্জন ভূঞাৰ লগতে নাটকখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ। 
  - ইন্দ্ৰনীল গায়ন

Friday, 22 March 2013

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ বোলছবিৰ কিছু কথাৰে :-


  ড০ ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতিমান পৰিচালক । তেওঁৰ প্ৰত্যেকখন বোলছবিয়ে ৰুচি আৰু কলাত্মক সম্পন্ন । তেওঁৰ সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, ইতিহাস আৰু সাৰথি আদি চলচ্চিত্ৰ কাহিনীয়ে জনসাধৰণৰ দ্বাৰা প্ৰভূত সমাদৃত হৈছে ।

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ বোলছবি সমূহৰ ভিতৰত:- সন্ধ্যাৰাগ (১৯৭৮), অনিৰ্বাণ ( ১৯৮১), কোলাহল ( ১৯৮৮), সাৰথি 
( ১৯৯২), আৱৰ্তন ( ১৯৯৪), ইতিহাস ( ১৯৯৬), আদি চলচ্চিত্ৰৰ বাবে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল ।

তেওঁ ১৯৮৫ চনত " অগ্নিস্নান " ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছে । তেওঁৰ এই
চলচ্চিত্ৰখন ১৯৮৬ চনত ভাৰতত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল ।

মই বৰ্তমানলৈকে তেওঁৰ সন্ধ্যাৰাগ, অগ্নিস্নান, ইতিহাস, কোলাহল, আৱৰ্তন এই বোলছবি কেইখন চোৱাৰ সৌভাগ্য হৈছে । সঁচাকৈয়ে ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ বোলছবি সমূহৰ ভিতৰত সমাজ আৰু জীৱনৰ বিভিন্ন চৰিত্ৰ তেওঁৰ কাহিনীৰ জৰিয়তে প্ৰতিফলিত হোৱা দেখা যায় । তেখেতৰ বোলছবি সমূহে মোক যথেষ্ট পৰিমানে অনুপ্ৰাণিত কৰে । বিশেষকৈ তেওঁৰ নিখুঁত চৰিত্ৰ সমূহৰ পৰিকল্পনা, গভীৰ পৰ্যবেক্ষণ শৈলী, আৰু কাহিনীসমূহ ফুটাই তুলিবৰ বাবে কাহিনীটোৰ মাজেৰে সামাজিক আৰু মানৱীয় দৃষ্টিৰে আলোকপাত কৰা দেখা যায়, সেইবাবেই হয়তো তেখেতৰ লেখনিয়ে হওঁক বা বোলছবিয়ে প্ৰতিটো চৰিত্ৰৰ সৃষ্টিয়ে মোক বাৰুকৈয়ে চুঁই যায়।




Wednesday, 20 March 2013

আনন্দিৰাম দাস আৰু বনগীতৰ প্রভাৱ



গুৱাহাটীৰ খাৰঘূলি অঞ্চলৰ এজন যুৱক আছিল আনন্দিৰাম দাস, তেৱেই পিচলৈ বনগীত শ্ৰষ্টা বুলি স্বীকৃত হৈ অসমীয়া গীতি সাহিত্যত এক চিৰস্থায়ী আসন লাভ কৰিছিল। তেওঁক বনকোঁৱৰ উপাধিৰে ভূষিত হৈছিল। সেয়েহে, বনগীত বুলিলেই সকলোৱে আনন্দিৰাম দাসক সোঁৱৰে ।বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ আনন্দিৰাম দাসৰ বনগীত সমূহ অতিকৈ প্ৰিয় আছিল। ৰাভাদেৱে উপলব্ধি কৰিছিল যে আনন্দিৰাম দাসে তেওঁৰ উপদেশ "বনগীত সুৰীয়া, বনগীত সুৰীয়া অগোৱা অসমীয়া প্ৰাণ মন ভৰি " আখৰে আখৰে পালন কৰিছিল। সেয়েহে বিষ্ণু প্ৰসাদ ৰাভাদেৱে নিজৰ বিশেষ আগ্ৰহ থকা সত্বেও তেওঁ দুই এটা বনগীত ৰচাৰ পাছত বনগীত ৰচিবলৈ এৰি আনন্দিৰাম দাস দেৱৰ ৰচিত বনগীত সমূহকেই স্বীকৃতি দিয়াৰ লগতে উৎসাহো দিছিল। বিষ্ণু প্ৰসাদ ৰাভাদেৱে নিজৰ উদ্যমৰে আনন্দিৰাম দাস দেৱৰ দুটা বনগীত বাণীৱদ্ব কৰায়। সেই বনগীত কেইটা হৈছে : - কমল নাৰায়ন চৌধুৰীৰ কন্ঠত প্ৰাণ পাই উঠা অতি সুন্দৰকৈ " তুমি কোন বসন্তৰ প্ৰথম পুৱা " আৰু সেই সময়ৰ শিশু শিল্পী সুদক্ষিণা শৰ্মাৰ কন্ঠত " দূৰণিৰ সৌ ৰিণি ৰিণি "

সেই সময়ত এজন শিল্পীৰ আন এজন একে বয়সীয়া শিল্পীৰ প্ৰতি এনে এক সদ্ভাব সচাঁকৈয়ে আদশৰ্নীয় বুলি কব লাগিব আৰু এই মৰম আৰু চেনেহৰ জৰিয়তেই বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মাৰ্ক্স আদৰ্শ কেনেদৰে নিজৰ জীৱনত প্ৰয়োগ কৰিছিল তাৰ প্ৰমান দাঙি ধৰা দেখা গৈছিল। 


Sunday, 17 March 2013

কবি নীলমণি ফুকন দেৱৰ বিষয়ে এক চমু আলোকপাত:-


   কবি নীলমণি ফুকনদেৱে তেওঁৰ স্বনিৰ্বাচিত কাব্যগ্ৰন্থ কবিতা” (১৯৮০)ৰ কাৰণে ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা অৰ্জন কৰি তেওঁৰ কাব্য প্ৰতিভা সৰ্বভাৰতত প্ৰতিষ্ঠা কৰিলে। তেওঁ এই পুৰষ্কাৰ পোৱাৰ সময়ত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এনেদৰে -কাব্যৰ সাধাৰণ পঢ়ুৱৈ হিচাপে মোৰ কাব্যৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। খুব বেছি বাতৰি কাকতত মোৰ নামটো প্ৰচাৰ হব। মানুহে জানিব এই নামেৰে এজন লোক আছে।” “কবিতাতেওঁৰ কবি জীৱনৰ উল্লেখযোগ্য স্বাক্ষৰ। ১৯৭৫ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ৰচনা কৰা কবিতাসমূহ ইয়াত সন্নিৱিষ্ট হৈ আছে। নীলমণি ফুকনদেৱৰ কবিতাত ব্যৱহাৰ হোৱা উপমা, চিত্ৰকল্প আৰু প্ৰতীকৰ ব্যৱহাৰত কবিগৰাকীৰ গভীৰ অধ্যয়নশীল মনৰ নিদৰ্শন পোৱা যায়।
তেখেতৰ কবিতাৰ কেইটিমান নিদৰ্শন তলত উদ্ধৃত কৰা হল:

(১)
ওখ ওখ এজাৰ গছৰ ছাঁত
মূৰ্ছা গৈ পৰি আছে
মোৰ শৈশৱ
……..
মূৰৰ ওপৰৰ সূৰ্য্যলৈ মুখ কৰি
থিয় দি আছে.
এজন নিঃসংগ মানুহ  (তেজ)

(২)
ৰাতিৰ বৃন্দাবনৰ মাজেৰে
গৈ আছোঁ
জোনাকত ছাঁ এটা হৈ তিৰোতা এজনী
মোৰ লগে লগে গৈ আছে
তাই চিঞৰিবলৈ বিচাৰিছে
চিঞৰিব নোৱাৰে
তাই কান্দিবলৈ বিচাৰিছে
তাই তোমালোক প্ৰেমিকবোৰক বিচাৰিছে” (ৰাতিৰ বৃন্দাবনৰ মাজেৰে)

(৩)
শব্দৰ শংখ
সেই ৰহস্য
নিৰ্জন আৰ্তি
সেই ৰহস্য
অহৰহ মই সেই আৱহমান ৰহস্যৰ অনুসন্ধান কৰোঁ” (সেই ৰহস্য নীল ধতুৰা)

(৪)
চৰাইৰ গান
তেজৰ টোপাল
প্ৰতিটো ফুল
নীৰৱ চকুলো (আচ্ছাদিত দুখ)

(৫)
তেওঁৰ গানৰ প্ৰতিটো জোন আৰু বেলি
প্ৰতিজোপা জোপোহা ৰঙা ফলৰ গছ (এটা নীল উপলব্ধি)

কবি নীলমণি ফুকন দেৱৰ কবিতাবোৰৰ আন এটা  বৈশিষ্ট্যপূৰ্ণ দিশ হল গভীৰ পৰ্যবেক্ষণ, সেইবাবে প্ৰায়বোৰ কবিতাতেই প্ৰকৃতিৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হোৱা দেখা যায়, তেওঁ কবিতাৰ মাজেৰে অনুসন্ধান কৰে- জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিশ্বৰ চৰাচৰ ৰহস্য, প্ৰকৃতি, আদিৰ লগতে আৰু বিভিন্ন বিষয় উপস্থাপন কৰে শব্দৰ জৰিয়তে। লগতে তেখেতৰ কবিতাৰ উপমা, চিত্ৰকল্প আৰু প্ৰতীকী ব্যৱহাৰে অসমীয়া কাব্য সাহিত্যত এক সুকীয়া পৰিচয়ৰ লগতে এক নিজা ব্যঞ্জনাৰ সূচনা কৰি আহিছে।

তেখেতৰ কবিতা ইতিমধ্যে গুজৰাটী, উড়িয়া, বাংলা, ইংৰাজী, আৰু জাৰ্মান ভাষালৈ অনূদিত হৈছে। কবি নীলমণি ফুকনদেৱে তেওঁৰ ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালেগ্ৰন্থৰ বাবে অসম সাহিত্য সভা পুৰস্কাৰ আৰু কাঁইটগ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল। তেওঁ সংজ্ঞানামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। ১৯৮২ চনত যুগোশ্লেভিয়াৰ ষ্টুটগাত অনু্ষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনীৰ তেৱেঁই আছিল একমাত্ৰ ভাৰতীয় প্ৰতিনিধি। এই বিষয়ে তেওঁ এক ভ্ৰমণ কাহিনীও প্ৰকাশ কৰিছে। তেওঁৰ গদ্য কবিতাৰদৰেই মননধৰ্মী, স্বচ্ছল আৰু ব্যঞ্জনময়।


Sunday, 24 February 2013

প্ৰবন্ধ: সুকুমাৰ কলাবিদ শ্ৰীমন্ত শংকৰদেৱ




  প্ৰাচীন ভাৰতীয় সংস্কৃত সাহিত্যত ৬৪ বিধ কলাৰ বিৱৰণ পোৱা যায়।পৰৱৰ্তীসময়ত ৬৪ কলাকে কাৰু কলা আৰু সুকুমাৰ বা চাৰু কলা নামেৰে দুটা প্ৰধানভাগত ভাগ কৰা হৈছিল। কাৰু কলাক ব্যৱহাৰিক কলা বুলিও কব পাৰি, যিয়ে মানুহৰ দৈনদ্দিন অভাৱ পূৰণ কৰে।সুকুমাৰ কলাক চাৰু কলা বা ললিত কলা হিচাপেও অভিহিত কৰিব পাৰি, মানুহৰসুকুমাৰ অনুভূতিসমূহক উজ্জীৱিত কৰি মানসিক বা নান্দনিক আনন্দ প্ৰদানকৰাই হল সুকুমাৰ কলা। অৰ্থাৎ সুকুমাৰ কলাৰ উপযোগিতা হৈছে ব্যক্তি বিশেষৰ চিত্ত বিনোদনৰ হকে।একশৰণ নামধৰ্মৰ প্ৰৱৰ্ত্তক শংকৰদেৱ গুৰুজনা বহুমুখী প্ৰতিভাসম্পন্ন আৰুঅসাধাৰণ সামৰ্থ্যৰ পুৰুষ আছিল। গুৰুজনাৰ সৃষ্টিকৰ্মলৈ ভালকৈ মন কৰিলে তেওঁ সমগ্ৰ বিশ্বৰ এজন সুকুমাৰ কলাবিদ হিচাপে আখ্যা দিব পাৰি। লগতে তেওঁ নামঘৰ- সত্ৰৰো উদ্ভাৱক আছিল।গুৰুজনাৰ সৃষ্টি সুকুমাৰ কলাসমূহক নিম্নোক্ত ধৰণে উল্লেখ কৰিব পাৰি:
১) সাহিত্য:- মহাপুৰুষ গুৰুজনাৰ ভক্তি তত্ত্বমূলক কাব্যগ্ৰন্থ, নাট, গীত, পদ নাম, প্ৰসংগ আৰু অনুবাদমূলক সাহিত্যৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা সৃষ্টি সমগ্ৰ সাহিত্যৰ মাজেদি ভাগৱত ভক্তিৰ ৰসধাৰা মানৱ সমাজলৈ দান কৰিছে, কীৰ্ত্তন, দশম, গুণমালা আদি তেখেতৰ সাহিত্য কৰ্মৰ অপূৰ্ব কীৰ্তি। কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰাই তেওঁৰ সাহিত্যৰ মূখ্য উদ্দেশ্য আছিল যদিও সিবোৰ উত্‍কৃষ্ট সাহিত্যকৰ্ম হিচাপেও বন্দিত হৈছে।
২) সংগীত:-  মহাপুৰুষ শংকৰদেৱ আছিল এগৰাকী নিপুণ সংগীতজ্ঞ।একেধাৰে
গীতিকাৰ, সুৰকাৰ, গায়ক, বাদক, আৰু নৰ্ত্তক। তেওঁৰ বৰগীত, ভটিমা, টোটয়
আদিৰ উপৰিও অংকীয়া নাটৰ বাবে লিখি উলিয়াইছিল ভালেমান অংকৰ গীত, এই গীত
সমূহেই আছিল ভাৱ ভাষাৰ সুৰৰ, মাধুৰ্যৰে সমৃদ্ধ উচ্চ নৈতিক ভাৱাদৰ্শপুষ্ট, যজ্ঞভক্তি মাহাত্ম্যসূচক। ৰাগ সম্বলিত উপাসনা প্ৰাৰ্থনা সংগীত হিচাপে ব্যৱহৃত বৰগীতৰ উপৰিও গুৰুজনাৰ দ্বাৰা ৰচিত অন্যান্য গীতসমূহে সাংগীতিক মূল্যৰে উচ্চমান বিশিষ্ট, অংকীয়া নাটৰ গদ্যশৈলীতো পৰিদৃশ্য হৈছে গীতি ধৰ্মিতা, ইয়াৰোপৰি, মহাপুৰুষ জনাই নিজেই নগাঁও কপিলীমুখৰ কুমাৰৰ সহযোগত সাজি উলিয়াইছিল সংগীতৰ অপৰিহাৰ্য খোল বাদ্য, শালমাৰাৰ মূচীৰ হতুঁৱাই চোৱাইছিল সেই খোলৰ চামৰা, নিজ হাতে দিছিল ঘুণ।

অনান্য লোকবাদ্য সমূহকো সংগত কৰি গুৰু জনাই সৃষ্টি কৰিছিল অপূৰ্ব সুৰ সমলয়। অংকীয়া নাটৰ আয়োজনত সৃষ্টি কৰিছিল বিবিধ নৃত্যশৈলীৰ, নৃত্যৰ বাবে প্ৰয়োজনীয় মাটি আখৰাৰ সৃষ্টি কৰিছিল সূত্ৰধাৰী নৃত্যৰ, কৃষ্ণ নৃত্য  বৰ পৰিৱেশৰ নৃত্য, গুণী নৃত্য, চালি নৃত্য, যাদু ভংগী আদি বিবিধ নৃত্য।
৩) চিত্ৰ শিল্প:- সুকুমাৰ কলাৰ আন এবিধ উপাদান চিত্ৰ শিল্পটো আছিল নিপুণ,
চিহ্নযাত্ৰাৰ বাবে আঁকি উলিওৱা চিত্ৰপটতে পৰিস্ফুত হৈছিল তাৰ দক্ষতা, সপ্ত বৈকুন্ঠৰ চিত্ৰ, পাৰিষদসকলৰ চিত্ৰৰ উপৰিও ভগৱান কৃষ্ণৰ জন্মৰ পৰা বৈকুন্ঠ প্ৰয়াণলৈ, অপূৰ্ৱ দক্ষতাৰে অঁকা পটসমূহৰ বিৱৰণচৰিত পুথিত পোৱা যায়। তদুপৰি সিংহাসন, সাঁচি পাতৰ পুথিত চিত্ৰ আদিৰ উপৰিও ভাওনাত ব্যৱহ্যত হোৱা হেঙুল হাইতাল বুলোৱা চিত্ৰসমূহে মহাপুৰুষ জনাৰ অপূৰ্ব চিত্ৰ নিপুণনতা প্ৰমাণ কৰে। এই চিত্ৰ কলাৰ দ্বাৰা নিৰক্ষৰ জনসাধাৰণক সন্মোহিত কৰি কৃষ্ণ চৰিতামৃত পান কৰোৱাত অভূতপূৰ্বৰূপে সফল হৈছিল। আনকি কোঁচৰজা নৰনাৰায়ণেও গুৰুজনাৰ দ্বাৰা একে ৰাতিতে বাতি কাঢ়ি বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰ ভাগৰ অপৰূপ চিত্ৰত মোহিত হৈছিল।

৪) স্থাপত্যবিদ্যা:- স্থাপত্যবিদ্যা হৈছে নিৰ্মাণ বিদ্যা, মঠ, মন্দিৰ, গৃহ আৰু প্ৰাচীৰ আদিৰ নিৰ্মাণ কৌশলসহ  স্থাপত্য বিদ্যাত সুকুমাৰ কলাৰ মৰ্যাদাৰে। ৰাম নামৰ স্মৰণ, বন্দন,শ্ৰৱণ কীৰ্ত্তনৰ বাবে শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিলে নামঘৰ। এই নামঘৰ অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ। সাংস্কৃতিক সম্পদত চহকী অসমীয়া জাতিৰ বাবে
নামঘৰ এক অনন্য সম্পদ। নামঘৰৰ নিৰ্মাণ কাৰ্যই যি স্থাপত্য কৌশল প্ৰয়োগ
কৰিলে সিয়েই মহাপুৰুষজনাক বাস্ত্ৰ, শাস্ত্ৰবিদৰূপে প্ৰতিষ্ঠা কৰে। স্থানীয়ভাবে উপলব্ধ কাঠ,বাঁহ, বেত, খেৰ, ইকৰা, বিৰিণা, নল-খাগৰি আদিকে ব্যৱহাৰ কৰি চালে চকুৰোৱা সৌন্দৰ্যৰে বন্দিত কৰাত গুৰুজনাৰ মাটিৰ ওখ ভেটিৰ ওপৰত কাঠৰ খুটা, কাঠৰ চকী, বাঁহৰ কামী, মাৰলি ব্যৱহাৰ কৰি নল-খাগৰিৰ বেৰা আৰু ধানখেৰৰ চালেৰে নামঘৰ সজাৰ আৰ্হি দেখুৱাইছিল। বেৰবোৰ মাটিৰ ভেটিৰ পৰা ২ হাত মান ওখকৈ দি চালৰ পৰা অধিকাংশ মুকলিকৈ ৰাখিছিল যাতে বাহিৰৰ ৰদ বতাহ ভালদৰে সোমাব পাৰে। তদুপৰি জাত-পাতৰ কোনো ভেদাভেদ নাৰাখি সকলোৰে বাবে নামঘৰৰ দুৱাৰ মুকলি কৰি ৰখাৰ উদ্দেশ্য যেন নিহিত আছিল। বানপনী, ভূমিকম্প, আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগতো এই নামঘৰৰ গাঁথনিগত কাৰণতে সুৰক্ষিত হৈছিল। নামঘৰৰ কেতবোৰ বিশেষত্ব আছে:- তাৰে ভিতৰত প্ৰধান বিশেষত্ব হল:- ধৰ্মীয় উপাসনাস্থলীৰ উপৰিও ই সামজিক ন্যায় আৰু সমতাৰ বিচাৰ মন্ত্ৰ, ধৰ্মীয় অনুষ্ঠান হিচাপে নামঘৰ অসমৰ সাংস্কৃতিক জগতত চতুৰ্দশ- পঞ্চদশ শতিকাৰ পৰা বৰ্তমানলৈকে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে। পুৱাৰ প্ৰাৰ্থনা কৰাৰ পৰা সন্ধিয়াৰ প্ৰাৰ্থনালৈকে নামঘৰৰ সৈতে
অসমীয়া জনসমাজ জড়িত হৈ আছে। এই নামঘৰৰ পৰা আকাশে বতাহে ধ্বনিত হৈছে হৰি নামৰ জয়জয়কাৰ।

৫) ভাস্কৰ্য্:- ভাস্কৰ্য্ শিল্পী হিচাপেও শংকৰদেৱ গুৰুজনাৰ নিপুণতা প্ৰশংসনীয়। গুৰুজনা সৰ্বসাধাৰণৰ মাজত কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্য ভাওনা বা অংকীয়া নাটকক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। সেয়ে অনন্য সা-সংৰঞ্জাম:- গৰুড় , গণেশ, কালিনাগ, আদিৰ মুখা, গদা, তৰোৱাল শঙ্খ আদিবোৰ নিৰ্মাণ কৰিছিল। ভাওনাৰ অপৰিহাৰ্য সঁজুলি যেনে:- সিহাংসন,পুথি, থগা, শৰাই, বন্তি, অগ্নিগড় আদিৰ বিবিধ ভাস্কৰ্য গুৰুজনাই নিজে আৰু শিষ্যসকলৰ সহযোগত কৰাইছিল। এইবোৰৰৰ সুন্দৰ অবয়ৱ, ৰং আদিয়ে দৰ্শকৰ মন আকৰ্ষণ কৰিছিল।
মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অন্তৰত উপলব্ধ ভাগৱত ভক্তি মাহাত্ম্য, সহস্ৰজনৰ
অন্তৰলৈ বোৱাই দিয়াৰ উদ্দেশ্য সুকুমাৰ কলাৰ উপাদানসমূহক তেওঁ যথাযোগ্য
ব্যৱহাৰ কৰিছিল আৰু সফলো হৈছিল। এই  ক্ষেত্ৰত  মহাপুৰুষ গুৰুজনাৰ সৃষ্টি
কৰ্মলৈ চাই তেওঁক পৃথিৱীৰ শ্ৰেষ্ঠতম সুকুমাৰ কলাবিদ সকলৰ মাজত এজন বুলি
কোৱাৰ যথেষ্ট থল আছে।

( প্ৰকাশিত প্ৰবন্ধ, ১০ ফ্ৰেব্ৰুৱাৰী)

Saturday, 9 February 2013

গুণমালা পুথিৰ সংক্ষিপ্ত আভাস



"গুণমালা" পুথি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা "গুণমালা" পুথিখন নিতান্তই গুৰুজনাৰ বিশাল প্ৰতিভাৰ উজ্জ্বল স্মাৰক। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোতে বিচাৰ কথাত বিদ্যামান ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ দিয়া নিৰ্দেশনা ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে অসম্ভৱ বুলি কোৱাৰ বিপৰীতে শঙ্কৰদেৱ গুৰুজনাই ১ ইঞ্চি x ২ ইঞ্চি সাঁচি 

পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা 

কৰি ৰজাক প্ৰদান কৰিছিল। ভাগৱৎ প্ৰেমময় গ্ৰন্থ- "গুণমালা পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক 

গ্ৰন্থ ", এই পুথি খন কলেৱৰত সৰু হলেও শ্ৰীকৃষ্ণৰ মাহাত্ম লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্টপূৰ্ণ 

ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ, নাৰায়ণৰ পূৰ্ণৰূপ অৱতাৰ ভগৱান 

শ্ৰীকৃষ্ণৰ মহত্বময় গুণ প্ৰকাশিসৃষ্ট এই পুথিখন নিতান্তই গুৰুজনাৰএক মহৎ সৃষ্টি।

পুথি খনৰ প্ৰতিটো অধ্যায়ত পদ সমূহৰ আৰম্ভনিতে দিয়া ৬ টা ঘোষাৰ মূল কথাৰ তথ্যই পুথি খনৰ 

আধ্যাত্মিক তাৎপৰ্য্য সহজে বোধগম্য হোৱাত সহায় কৰিছে। প্ৰসংগক্ৰমে তলত উল্লেখিত এই ঘোষা 

 টি অতিকৈ গুৰুত্বপূৰ্ণ :-


(১) ৰাম নিৰঞ্জন ।



পাতক ভঞ্জন।।


(২) হৰি ৰাম ৰাম।



হৰি ৰাম ৰাম।।

(৩) কহ হৰি ৰাম।



নকৰা বিৰাম।।


(৪) ত্ৰাহি ত্ৰাহি ৰাম।



নকৰা বিৰাম।।


(৫) ত্ৰাহি ত্ৰাহি ৰাম।



কৰিলো প্ৰণাম।।

(৬) বোলা ৰাম বোলা ৰাম।



চৰি আন কাম।।

মহাভাগৱতৰ সাৰ্ৰমম সংগ্ৰহ কৰিম বুলি মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰা পুথি খনৰ সাৰংশ এনেধৰণৰ :-

প্ৰথম অ্ধ্যায়:- গুণমালা পুথি খনৰ প্ৰথম অধ্যায় শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বৰ্ণণাৰ উপৰি শংকৰদেৱ 

গুৰুজনাৰ ক্ৰমে মৎস্য, কুৰ্ম, নৰসিংহ, বামণ, পৰশুৰাম, হলিয়াম,বৰাহ, শ্ৰীৰাম, বুদ্ধ, কলকি, নামে 
দশৱতাৰৰ কথা চমুকৈ উল্লেখ কৰিছে।


দ্বিতীয় অধ্যায়:- পুথি খনৰ দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণৰ জন্মৰ চমু বৰ্ণণা দিয়া হৈছে। দ্বিতীয় অধ্যায়ৰ 

শেষৰ ফালে বাসুদেৱে শিশুকৃষ্ণৰ যমুনা পাৰ কৰি গকুলক থৈ অহা ঘটনাৰ লগতে গোপী সকলৰ বস্ত্ৰ 

হৰণ লীলাৰ পৰা পত্নীপ্ৰসাদলৈকে চমুকৈ কৃষ্ণ লীলাৰ কথা উল্লেখ কৰিছে।


তৃতীয় অধ্যায় :- গুণমালা পুথিত তৃতীয় অধ্যায় কিছু দীঘলীয়া । এই অধ্যায়ত শ্ৰীকৃষ্ণ আৰু বলোৰামৰ 

লীলা, ইন্দ্ৰৰ যজ্ঞ ভংগৰ ঘটনাৰ পৰা চানুৰ-মুস্তিক দধৰ কথালৈকে ব্যক্ত কৰিছে।



চতুৰ্থ অধ্যায় :- চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণৰ কেইবাটাও বাল্য লীলাৰ কথা কংস বধলৈকে সাঙুৰি সংক্ষিপ্ত 

বৰ্ণণা কৰিছে।


পঞ্চম অধ্যায় :- গুণমালা পুথিৰ পঞ্চম অধ্যায়ত ভাগৱতৰ দশম স্কন্ধৰ বৰ্ণণা সুন্দৰকৈ প্ৰতিফলিত 

হৈছে। আৰু তাৰ লগতে শংকৰদেৱ গুৰুজনাই ক্ৰমিকভাৱে কৃষ্ণলীলা চমুকৈ উল্লেখ কৰিছে।



ষষ্ঠ অধ্যায় :- ষষ্ঠ অধ্যায়ত শংকৰদেৱ গুৰুজনাই ভগৱন্ত একাদশ স্কন্ধৰ কথা ভক্তিৰ ধাৰণাৰে পদবদ্ধ 

কৰোঁতে শ্ৰীকৃষ্ণই পৰম বান্ধৱ উদ্ধৱক ভক্তি তত্ত্ব আৰু মহত্ব আৰু কথায়ে দিয়া উপদেশ , ভগৱন্ত 

কৃষ্ণৰ ইচ্ছা অনুসৰিয়েই যদুকুল ধ্বংসৰ কথা, ভগৱন্ত কৃষ্ণৰ বৈকুন্ঠ প্ৰয়াণৰ কথা চমুকৈ ব্যক্ত কৰিছে।


আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত ধৰ্ম আৰু ধৰ্মীয় গ্ৰন্থ উতঃপোত ভাৱে জড়িত হৈ আছে। সেইবাবে 

হয়তো ধৰ্ম আৰু ধৰ্মীয় গ্ৰন্থৰ প্ৰাসংগিকতা যুগে যুগে থাকিব। ভাৰতীয় সংস্কৃতিৰ পূৰ্ণ মানৱ শ্ৰীকৃষ্ণৰ 

জীৱন আৰু কৰ্মৰ গুণ-গান কৰি ৰচনা কৰা হৈছিল গুণমালা পুথি খন। বিশাল মহাভাগৱতৰ ক্ষুদ্ৰতম 

সংস্কৰণ গুণমালালৈ ৰূপান্তৰ কৰাটো মহাপুৰুষ গুৰুজনাৰ সাহিত্য প্ৰতিভাৰ অন্যতম নিদৰ্শন। গুণমালা 

পুথি খনৰ ৰচনাৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে অসাধ্য সাধন 

কৰিছে। সেয়েহে ভক্তিতত্ত্বমূলক সাহিত্যত গুণমালা পুথিৰ স্থান নিঃসন্দেহে সকলোৰে উদ্ধৰ্ত। 

( অসমীয়া ৱিকিপিডিয়া আৰু আমি অসমীয়া ই-আলোচনীত প্ৰকাশিত প্ৰবন্ধ এটি আপোনালোকলৈ 

আগবঢ়ালোঁ, আৰু লগতে প্ৰবন্ধটোত ব্যৱহাৰ কৰা আলোকচিত্ৰখন হৈছে বৰদোৱাৰ কীৰ্ত্তন ঘৰৰ 

সমীপত শিল্পীৰ হাতত প্ৰাণ পাই উঠা মহাপুৰুষ জনাৰ এটি স্থায়ী মৃন্ময় মূৰ্ত্তি)