সোঁৱৰণীৰ
বাটেৰে উভতি যাব পাৰি দূৰ-দূৰণিলৈ,
এইয়াও এক কাহিনী নহয় নে বাৰু..??
ভাল লগা বোৰ কেনেকৈ আৰম্ভ হয়....
এক মদু ঝংকাৰ..... হৃদয়ৰ প্ৰতিটো
কোঠাত
যেন পলকতে ভালপোৱাৰ সুবাসৰে ভৰি পৰিব চৌপাশ, আৰু.....
ওহোঁ, থাকক নেকি...
হম্ম... ঠিক আছে বাৰু....
জানানে এটি গীত লিখিছো, সম্পূৰ্ণ হোৱা নাই, অলপ গুণগুনাওঁ, সুৰটো অলপ চাই
দিবাচোন..
অৰম্ভ কৰা..
সৌ আকাশ পোহৰাই যায়....
::::::::::::::::
ৱাহ বৰ ধুনীয়া, তাতোকৈ তোমাৰ কন্ঠ...
দুয়ো দুয়োলৈ চাই নিবদ্ধ হৈ ৰৈছিল আসঃ কি আছে এই চকুযুৰিত.....
মাথো তুমি আৰু তুমি....
::::::::: অলপ ইন্টাৰভেল.........
স্মৃতিৰ
মানসপটত
উৱলি ৰয়
ভঙা ছিঙা
মিনিট ঘন্টাৰ বেহিচাপী সময়......
হৃদয়ৰ পৰা
হৃদয়লৈ কিমান যোজন বাট
যিদৰে প্ৰতিটো পল অপেক্ষাৰে গণি
গণি.....
ৱাও, তোমাৰ কবিতা কবিতা লগা
কথাবোৰ..... যেন হেৰাই যাম,
তোমাৰ বুকুত......
ৰৈ গৈছিল
দুয়ো.. দুয়োৰে বুকুত আবদ্ধ হৈ...... দিন, মাহ, বছৰ পাৰ হৈ গৈছিল!!
:অলপ
ইন্টাৰভেল:-
ক’ত
আছা....... এইফালে আহাচোন.......
চোৱাচোন ই
সেই সময়ৰ পৰা ইমানকৈ কান্দি আছে..
তুমি অলপ
লোৱাচোন..
মই দিনৰ
দিনটো কাম কৰি কৰি ভাগৰি যাওঁ...
আৰু
তুমি.....
অফিচৰ পৰা
আহি কেৱল সেই অফিচিয়েল কামবোৰ লৈয়ে ব্যস্ত থাকা, আগতেও বহুবাৰ কৈছো, যে অফিচৰ কাম ঘৰলৈ লৈ নাহিবা...
কাৰণ আমাৰ বাবেওতো তুমি কিছু সময় দিব লাগে...
আহাচোন....
ওক ওক...
গৈছো ৰ’বা তাৰ কি হ’লনো,
চাও চাও,
আহা, আমি এতিয়া খেলিম দেই.....
:অলপ
ইন্টাৰভেল:-
কোৱা, মই
আৰু কিমান দিন এনেকৈ থাকিব লাগিব.... মোৰোতো নিজৰ এটা লাইফ আছে, পঢ়া শুনা কৰি ঘৰত
গেবাৰী খাটাদি খাটিছো দিনে ৰাতিয়ে... একেই কাম, একেই ৰুটিন,
কিয় যে.....
এতিয়া
পষ্টাই আছো
তুমি মোক
অতি সোনকালেই মুকলি কৰি দিয়া নহ’লে মই আৰু নোৱাৰিছো.......
:অলপ
ইন্টাৰভেল:-
দুয়ো..
দুয়োলৈ চাই যেন ৰৈ গৈছিল শেষবাৰৰ বাবে
এৰা.......
অনুৰণননবোৰে বুকুত দহে, চকুযুৰিত সিক্ত হয় ভালপোৱাৰ বেদনাবোৰ.......
সমাপ্ত:-
আমি দেখি থকা কিছুমান জীয়া কাহিনী||
- ইন্দ্ৰনীল গায়ন
No comments:
Post a Comment