Sunday, 17 August 2014

:আছিফ:


জেপত এটা সৰু কবিতা
আছিল
আধালেখা
প্ৰেমৰ
বিশ্বাস কৰক
মই পঢ়ি চোৱা নাছিলো
মাথোঁ দেখিছিলো
দুটা আখৰ
তেজৰ চেঁকুৰ লগা
সূৰ্যাস্ত
আৰু
সূৰ্যোদয়ৰ
ঠিক
যিদৰে আপুনি প্ৰেয়সীৰ চকুহালত দেখিছিল
শেষবাৰৰ বাবে !!
পুনঃ
দীঘল বাট এটাৰ মূৰত
মানুহবোৰ ৰৈ আছিল
বিষাদৰ তান এটাৰ দৰেই
তেওঁলোকে কৈছিল:-
বেদৰ্দী দুনিয়াত
আছিফহঁতৰ দৰে ক’ত ল’ৰা স্বহীদ হৈ গৈছে !!
খবৰ জানো কোনোবাই ৰাখিছে ।।

( টোকা:- বিশিষ্ট কবি, গল্পকাৰ অতনু ভট্টাচাৰ্যৰ " বৰষুণ আৰু সূৰ্যোদয়ৰ ঠিকনা" শীৰ্ষক গল্পটো পঢ়ি হোৱা অনুভৱখিনি কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিলো, আৰু"আছিফ" হৈছে গল্পটোৰ মূল চৰিত্ৰ)

:১৫ আগষ্ট:



তামস আকাশখনত

এজাক ধোঁৱাবৰণীয়া

 সপোনৰ কিৰিলী

অতনু হৃদয়ত
তেজৰ তুমৰলি
  নৈ
বৈ যায়.. বৈ যায়...

কেওদিশে

স্বাধীনতাৰ উৎসৱ

কোনোবা মাতৃৰ বুকুত
কান্দোন এটা জ্বলি জ্ব্লি
শেষ হয়
সমাধি হবলৈ !!


 (ধেমাজিৰ বোমা-বিম্ফোৰণত নিহত হোৱা কণ কণ শিশুসকলৰ পৰিয়ালবৰ্গৰ হাতত সহৃদয়তাৰে)

Friday, 1 August 2014

: নিৰ্জনতাৰ সৈতে পাৰ কৰা সময়:


নিৰ্জনতাৰ বা নিসংগতাৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ’ল এয়ে যে ই তোমাক কিতাপ পঢ়াৰ আনন্দ দিয়ে
-      হেৰল্ড ব্লুম

এই প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে কোৱা উক্তি শাৰী আখৰে আখৰে পালন কৰি আহিছোনিৰ্জনতাৰ বা নিসংগতাৰ মাজত ডুবি থকা জনে হয়তো ভালদৰেই উপলব্ধি কৰিব পাৰে ইয়াৰ ভাবাৰ্থ আচলতে আমি যদিওবা সংগৰ মাজত থাকো, কেতিয়াবা নিজকে খুব অকলশৰীয়া যেন অনুভৱ হয় কাৰণবোৰ অহেতুকে বিশ্লেষণ কৰাৰ প্ৰয়োজন হয়তো নাথাকে, কিম্বা এই প্ৰশ্নৰ উত্তৰো কাৰো হাততেই পোৱা নাযায় কিন্তু সঁচা কথা নিসংগতাত সংগও কেতিয়াবা বিৰক্তিকৰ হৈ পৰে

 সেইবাবে নিসংগতায়ে যেতিয়া মোক গ্ৰাস কৰি ধৰে, তেতিয়াই মোৰ ভাললগা এখন  কিতাপ পঢ়িবলৈ উলিয়াই লওঁ আৰু সেই কিতাপখনৰ গভীৰতাৰ সৈতে একাত্ম হৈ পৰো যদিওবা দিনটোৰ কৰ্ম ব্যস্ততাৰ মাজত অকলশৰে থকাৰ খুব কম সময়হে পাওঁ, তথাপি ঘৰলৈ ওভতি অহাৰ পিছত মা, দেউতা, দাদাৰ সৈতে দিনটোৰ অভিজ্ঞতাৰ সুখ দুখৰ কথাবোৰ আমি ইজনে সিজনৰ সৈতে ভাগ বতৰা কৰি লওঁ, ইও আমাৰ মনত এক অনাবিল প্ৰশান্তি দিয়ে

   


  নিসংগতা হৈছে নিৰৱতাৰ একান্ত উপাসক সৃষ্টিশীলতাৰ পৃথিৱীত নিৰ্জনতাৰ কিমান প্ৰয়োজন সেই কথা সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত থকা প্ৰতিজন ব্যক্তিয়ে  মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে

এইখিনিতে প্ৰখ্যাত কথাশিল্পী হোমেন বৰগোহাঞিয়ে কোৱা এষাৰ কথা মনলৈ আহিছে:-
    “ জীৱনৰ দীঘলীয়া বাটৰ দুয়োকাষে সিঁচৰিত হৈ আছে অলেখ সহজ সুখৰ সুধা যাৰ বাবে জীৱনত সুখী নোহোৱাকৈ থকাটো প্ৰায় অসম্ভৱ”

   সঁচাকৈয়ে জীৱনৰ দীঘলীয়া বাটটোৰ একাষে এৰি থৈ অহা সময়ৰ পদচিহ্নয়ে সুখ দুখৰ কথাবোৰ সোঁৱৰাই দিয়ে আমিও এদিন সেই বাটেৰে  গুচি যাম  কাহানিও ওভতি নহাৰ প্ৰতিশ্ৰুতিৰেমাথো লিপিবদ্ধ হৈ ৰ’ব এছোৱা বৰ্ণিল অনুভূতিৰ কিছু নিদাৰুণ অধ্যায়
 
সেয়ে ভবো, নিসংগতা বা নিৰ্জনতাৰ সময়ছোৱাত কিতাপতকৈ হয়তো প্ৰিয়তম সংগী আনএকোৱে হ’ব নোৱাৰে




ইন্দ্ৰনীল গায়ন

:দৈনন্দিন:



আন্ধাৰ ফালি ফালি
পোহৰ নামে,
জলঙাৰে
কোঠাটোত ওলমি থাকে
ৰাতিপুৱাটো
দিনবোৰ
আহে আৰু যায়
আহে আৰু যায়
কাগজৰ টুকুৰাত
বিদ্ৰোহ, নিবনুৱা, ধৰ্ষণ,
খবৰবোৰ
বেখবৰ হয়
প্ৰাত্যহিকতাৰ দৌৰত..

- ইন্দ্ৰনীল গায়ন

:এমুঠি অনুভৱ:


(১)
বিষাদ:-
বিবৰ্ণ আকাশৰ
বুকুত মেঘমল্লাৰ
মেঘমল্লাৰ
আহাচোন
কাণপাতি শুনো
স্বপ্নময় হৃদয়ৰ বিষাদগাঁথা!!
(২)
:যন্ত্ৰণা:
এয়া চোৱা
মোৰ দেহৰ
সিৰায়ে সিৰায়ে
প্ৰগলভ ভালপোৱাৰ আৰক্ত যন্ত্ৰণা!!
(৩)
নিঃসংগতা
শুনিছো
নিঃসংগতা হেনো
নিৰৱতাৰ প্ৰিয়তম সংগী
যদি  কওঁ
মই তেনেকৈয়ে সুখী??
তুমি কি ক’বা!!
(৪)
:সান্নিধ্য:-
গধুৰ শব্দ এটাৰ দৰে
বুকুত ওলমি থাকে
এতিয়া ব্যস্ততা তাৰ আন এটি নাম!!

(৫)
সম্পৰ্ক:-
ইচ্ছা অনিচ্ছাৰ মাজত
“বান্ধোন”
আজিকালি কৃত্ৰিম

(৬)
মিলন:-
প্ৰাপ্তি- অপ্ৰাপ্তিৰ
দোমোজাত
ৰুক্ষ দুৱাৰ
হয়তো
অক্ষমতা !!

(৭)
বিছ্ছেদ:-
ঘৰমুখী হোৱাৰ কথা আছিল
কিন্তু...
তুমি নক’লা- “ এবাৰলৈ হ’লেও ৰৈ যোৱা”

(৮)
খবৰ:-
বিয়পি পৰিল
চৌদিশে...

নামৰ আগত এটা নতুন সম্বোধন:-
বদনাম..
বদনাম।।


ইন্দ্ৰনীল গায়ন

: তিনিটা কবিতা:


()
:খোজ:
নিশাবোৰ
কুমজেলেকুৱা 
এটাৰ দৰে কিলবিলায় কিলবিলায়
ঘূৰি ফুৰে
মোৰ আশে- পাশে
ধূসৰ আন্ধাৰত
ছোঁ মাৰি গু যায়
কোনোবা অচিন ঘাতক
সেয়া কোন??
সৰ্পিল গতিৰে
আগবাঢ়ে সময়ৰ খোজ
()
:হত্যা:
ৰোগাৰ্ত শৰীৰৰ
নিভৃত কোণত
যন্ত্ৰণাৰ
অবাধ
অহা-যোৱা
আঃ
এটি কাতৰ হুমুনিয়াহ
ক্ৰমাৎ
বগুৱা বাই আহে
প্ৰসাৰিত দুখন সৰীসৃপ হাত
এয়া
মই নিজক হত্যা কৰিছো
()
:বাট:
নিজানে নিজানে 
ৰাতিটো বহি থাকে
হাত মেলিয়েই
চুই চাব নোৱাৰো
প্ৰত্যহ সময়ক
চিনো-নিচোনকৈ
গৈ থকা
এটি বাট 
দুখৰ সমাধিলৈ ।।

- ইন্দ্ৰনীল গায়ন

: সন্ধ্যালগ্নৰ কবিতা:

||এক||

উদাস আকাশখনৰ তলত বহি
আমি কথা পাতো
গুণগুণাওঁ
চিনাকি
অচিনাকি
এতিয়া অচিনাকি
দুয়ো দুয়োৰ পৰা নিলগত

গৰখীয়া বাঁহীৰ সুৰটো  আহি নীৰৱে উচুপে
চকুলোবোৰ নিগৰে
মোৰ বুকুত
ধীৰে ধীৰে


||দুই||
আমি ৰৈ থাকো
শীৰ্ণ নদীখনৰ পাৰত
সন্ধ্যাৰ চুফিয়ানা বতাহজাকে
আহি চুই যায়
আৰু
কয়:-
আজি আকৌ আহিলা
দুখত দুখী হ’বলৈ !!

-ইন্দ্ৰনীল গায়ন

:দুখৰ সমাধিত:

সকলো কথা
লিখিব নোৱাৰি
 অ’ মোৰ সুহৃদ

যিদৰে কাহানিও ওভতি নহা
আপোনজনৰ কথা
পাহৰিব নোৱাৰি,

সিৰিককৈ সৰি পৰা
নিথৰ গছৰ পাতত
লিখিব পাৰি জানো
মৃত্যুৰ ঠিকনা ???
ওহোঁ
নোৱাৰি
যিদৰে প্ৰতিৰাতি
মই
বহি থাকো
   উচুপি উচুপি ।।
১৯/৫/২০১৪

 -ইন্দ্ৰনীল গায়ন.

:আকৌ এবাৰ ৰৈ যাওক সময়:

কেতিয়াবা ব্যস্ততাৰ পোছাকযোৰ সলাই গুচি যাওঁ যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত !!
উশাহ লওঁ মুকলি আকাশৰ তলত
লক্ষ্যহীন যাত্ৰা !! যেন গৈ থাকিম.. গৈ থাকিম, কেৱল গৈ থাকিম
ওন্দোলাই অহা মেঘে আগজাননী দিছিল এজাক মুষুলধাৰ বৰষুণ অহাৰ, ঠিক প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰোৱা আৱাহনী দুখন হৃদয়ৰ দৰেই, তথাপি এই যাত্ৰা আছিল ৰোমাঞ্চকৰ, দীঘলীয়া পথৰ দুয়োকাষে শাৰী শাৰী সেউজীয়াই হাতবাউলি মাতে, আহা !! আহা !! এয়া চোৱা তিতিছো, জীপাল হৈছো কেৱল তোমাৰ বাবেই.....
সঁচাকৈয়ে, কি আছিল তাত, মই নাজানিছিলো, মাথো খিৰিকীৰ ফাঁকেৰে সোমাই অহা টোপালবোৰে ইছাৰা দিছিল....
-কি ভাবিছা-
ওহোঁ একো ভবা নাই !!
-কিবা লিখাৰ কথা-
-হম্ম, এখন উপন্যাস, কিয় জানো এই ঠাইখিনিৰ পৰিৱেশে মোক বাৰে বাৰে কৈছে-
তুমি পাৰিবা, তুমি পাৰিবা
তেন্তে আৰম্ভ কৰাচোন !!


এখন অখ্যাত গাঁও, পখীৰ কলৰৱৰ সৈতে পুৱাৰ কোমল ৰদজাকে এঙামূৰি দিয়ে, পিছে পিছে সেউজীয়াৰ সৈতে অৱগাহন কৰি ভালপোৱা এজাক স্বপ্নাতুৰ মানুহ, তেওঁলোকে নাজানে অন্য এখন পৃথিৱীৰ কথা। সৰু মানুহ, সৰু পৰিচয়
আৰু নিজাকৈ গঢ়ি লোৱা এখন নিজস্ব পৃথিৱী
সেই পৃথিৱীখনত কোনো কলুষতা নাই, যিদৰে  কেনভাছ এখনত ৰঙবোৰ ছটিয়াই দিও, ঠিক যেন সেই ৰঙবোৰৰ দৰেই মানুহৰ মনবোৰ !! তেওঁলোকে নাজানে বিজ্ঞান প্ৰযুক্তিবিদ্যা্ৰ সূত্ৰ, কিম্বা অৰ্থনীতি, ৰাজনীতিৰ জটিল তত্ত্ব, মাথো জানে সহজ জীৱন যাপনৰ মূলমন্ত্ৰ
                                                                         
তেন্তে আমি বাৰু  এনেকৈয়ো কব পাৰো নেকি:-
“Are we all searching for something that has been always their”
নিশ্চয়কৈ পাৰো.....
মই বিচাৰি ফুৰা এখন সপোনৰ ঠাই, “Green smiled at me, all that compassion in his eyes, and he cupped my face in his hands, as though it were delicate, and precious. "You must never leave me never leave me,”
সকলোৰে ওঁঠত স্মিত হাঁহিবোৰ বিয়পি থাকেযেন আমি বহুবছৰৰ চিনাকি !! দিনবোৰ গৈ আছিল সময়ৰ সৈতে, প্ৰতিটো মুহূৰ্তয়ে অভিজ্ঞতাৰ সঁফুৰা যেন একো একোটা স্নেপশ্বট
ক্লিক...... ক্লিক.........
জীৱনে আমাক বহু কথায়ে শিকায় !!
নজনাকৈয়ে !!
বিদায় বেলাত, প্ৰত্যেকেই সুখ-দুখৰ মুহূৰ্তবোৰ  জোলোঙাটোত ভৰাই লৈ  গুচি গৈছিল নেদেখা দূৰলৈ, মাথো সাক্ষী হৈ ৰৈছিল ফটোফ্ৰেমতো
তোমাৰ দুখ লাগিছে??
দুখ, মোৰ সহোদৰ !! হয়তো হয় !!
এটি দীঘলীয়া পৰিক্ৰমাৰ অন্তত আমি পুনৰাই লগ হ, হেৰোৱা দিনৰ সুবাস বিচাৰি কথা পাতিম, জীৱনৰ !!
সুখ দুখৰ !!
yes........
Life brings Tears
Smiles & memories
The Tears Dry
The Smiles Fade
But…..
The Memories Forever……..

যেন চিঞৰি চিঞৰি পুনৰাই কম:-
.... আকৌ এবাৰ ৰৈ যাওক সময়.........
.... আকৌ এবাৰ ৰৈ যাওক সময়........


ইন্দ্ৰনীল গায়ন