গল্প
!!হৃদয়ৰ সৈতে এখন্তেক !!
হৃদয়ৰ আশা, আকাংক্ষা, মান, অভিমান, দাবী এইবোৰ কাৰ বাবে...?
এক নুবুজা সাঁথৰ এটাত নিমজ্জিত বান্ধোনৰ জৰীডাল এতিয়া হয়তো বোজা হৈ পৰিছে!!
কেতিয়াবা, টেবুলত থকা ঘড়ীটোলৈ চাই সি একান্তমনে বহি থাকে ...
টিক টিক !!
নিষ্ঠুৰ সময়ৰ অবৰ্তমানত মিনাৰখনত তাৰ অতীতবোৰ ভাহি আহে
কেতিয়াবা সি ছবি আঁকে সপোনতে!!
এইয়া সপোন
য’ত
আৱেগবোৰ !!
বিচ্ছিন্ন হয় !!
কথাবোৰ আধৰুৱা হৈ ৰৈ যোৱা যেন লগা নাইনে বাৰু..?
এৰা....
প্ৰাচীনতম বুকুৰ দুৱাৰত ঠেকা খাই অহা অস্পষ্ট শব্দবোৰো ভাঙি ছিন্ন ভিন্ন হৈ পৰি থাকে দেৱালত, কিমান দিন যে হ’ল আবদ্ধ কোঠাত প্ৰহৰী জীৱনৰ গাথা, শেষৰ কোনো নিশ্চয়তা নাই, যদি আছেও সি নাজানে তাৰ সংজ্ঞা কিম্বা নক্সা....
কি..?
-জটিলতম স্তম্ভত সমাধিত হৈছে জীৱনৰ আলোকময় স্বপ্ন....
এইয়া বিৰ্দীন কলিজাৰ নিনাদ..
-ক’ত গ’ল দূৰৈৰ পাহাৰৰ বুকুৰ পৰা ভাহি অহা ঐনিতমৰ সুৰ
-ক’ত গ’ল জোনাকী নিশাৰ অন্তৰংগ আলাপ
-নাই !!
-সকলো নিঃশেষ .....
-ইমান সহজতে....?
-উত্তৰ... পৰিচয় দিবলৈ কোনো অৰ্হতা নাই,
(আজিকালি পৰিচয় দিবলৈও অৰ্হতাৰ প্ৰয়োজন)
(২)
হয়তো
সি নোকোৱাকৈও থাকে বহুবোৰ কথা
বিশ্বাসহীনতাত!!
নীলা আকাশখন তাৰ খুবেই প্ৰিয় !!
সুধিবলৈ মন যায়,
হে আকাশ তুমি ইমান বিশাল..?
তোমাৰ সুখ,দুখবোৰ ক’ত সাঁচি ৰখা বাৰু..?
শুকলা ডাৱৰেও অভিমান কৰেনে
কেতিয়াবা..?
তোমাৰ পৰা অকণমান নীলা বিচাৰি...
এই যে ভাবি থকা কথাবোৰ সি ডায়েৰীৰ পষ্ঠাত লিখি গৈছিল নজনাকৈয়ে,
কিমান সময় যে পাৰ হৈ গ’ল !!
নিজৰ মাজতেই নিজক বিচাৰি !!
আবেলি মন গ’লেই অকলশৰীয়াকৈ সি তাৰ প্ৰিয় এই ঠাইখিনিলৈ ওলাই আহে , আৰু লগত থাকে ডায়েৰীখন আৰু তাৰ কলমটো ( এই কলমটো বিশেষ এগৰাকীয়ে...?) সেইবাবে লগতে ৰাখে, যাতে কেতিয়াও হেৰায় নাযায় !!
হঠাতে..
ম’বাইল স্কীনত এটি মেছেজ অহাত সি অন্যমনস্ক হৈ উঠিল!!
মেছেজটো খুলি চাইছিল
আৰু তাত লিখা আছিল
"বেলিভিউ কেঁকুৰিত
নীড়হাৰা পখীৰ আকুল বিননি
সন্ধিয়াৰ আকাশত আল্পনাহীন
ডুখৰীয়া স্কেচ্ছ" !!
ইতি....
তোমাৰ বিশেষ (নামবিহীন ঠিকনাটো)
ঠিক সেই সময়খিনিতে.......
নিস্তব্ধতাৰ পাৰ ভাঙি আকাশৰ বুকুত হেৰাই গৈছিল হেঙুলীয়া এমুঠি অনুভৱ !!
সি নিজকে সুধিছিল.. হৃদয়ৰ গভীৰতাক জুখিব পাৰি জানো.. ?
হয়তো
নোৱাৰি
কেতিয়াও নোৱাৰি!!
( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)
( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)
No comments:
Post a Comment