Saturday, 23 November 2013

:গল্প:





:গল্প:
:২৪ ঘন্টাৰ কাহিনী:
মৰমবোৰ আজুৰি অনাৰ কথা নাছিল, সকলোবোৰ যেন হঠাতেই হৈ গৈছিল
কিয় জানো কেইদিনমানৰ পৰা  নিজৰ মনটোক বুজাব পৰা নাই,
সদায়ে কেৱল মইয়ে কিয়..??

 এই যে “মই” চৰিত্ৰটো বৰ জটিল!! কি ভাবত জানো বিভোৰ হৈ থাকে, গল্পটোৰ ঠিক নায়ক বুলিও ক’ব   নোৱাৰি...
  বাৰু.. থাককচোন....
  হিচাপ নিকাচবোৰ পিছতো কৰিব পাৰিম মানে গল্পটোত “ মই” চৰিত্ৰটোৰ ভূমিকা কিমান।  
    “এভিৰিথিং ইজ ফেয়াৰ এন লাভ এন ৱাৰ”
   ৱাহ.... কি হ’ল অ’ বেলেগ দেখোন
ধেই.. কি বেলেগ দেখিলি তই....
  (গল্পটোত সিহঁতৰ আড্ডা দিয়া ঠাইৰ  চৰিত্ৰ “ মই” আৰু “তই” ৰ মাজত হোৱা কথোপকথনৰ কিছু অংশ)
  আৰে বেতা তোৰ লাভ ষ্টৰী কিমানদূৰ পালেগৈ অ’ আমাকো ক’চোন অলপ
ঐ.. এইবোৰ কথা  সুধি থাকি মোৰ মূৰটো গৰম কৰি নল’বি কিন্তু কৈ দিছো
হ্ম্ম... মানে তোৰ মূৰত এতিয়া ৱাৰ চলি আছে......
 ( চৰিত্ৰ “ তই” য়ে “মই” চৰিত্ৰটোক অলপমান ইতিকিং সুৰত কৈছে এই কথাখিনি)
   
  বাৰু হব হমোক ইতিকিং কৰি লাজ দিব নালাগে, চাম নহয় তহঁতৰ ষ্টৰীবোৰো !!
  গল্পটোৰ বিষয়বস্তু গভীৰ নহয়,   আজিকালি অ’ত ত’ত আড্ডা দি থকা পাতলীয়া বয়সৰ ল’ৰাবোৰৰ মাজতেই  কেতিয়াবা প্লট বিচাৰি পোৱা যায়
পাঠক সকলে চাগৈ ভাবিছে এইটো কিবা গল্প নেকি.. হাঃ হাঃ সঁচাকৈ কওঁ মোৰো হাঁহিবৰ মন গৈছে গল্পটোৰ নক্সা দেখি.....
তথাপি এপাক ঘূৰি যাওঁ গল্পটোৰ মাজলৈ...

ঐ তহঁত যাবি নে এতিয়া?? আমি যাওঁ
   ( ব্ৰেকগ্ৰাউণ্ডত বাজি আছে বাবা খোৱা উৰি যোৱা, .... !!!....)
চালাঃ উৰি গৈছো বেঃ
( এইবোৰ ল’ৰাক দেখিলে পাঠকে বাৰু কি ভাবে....???)
সঁচাকৈ জীৱনৰ অতিকৈ মূল্যবান সময়বোৰ এনেদৰে অপব্যায় কৰি আছে, দেখিব এটা সময়ত এইবোৰ কথা ভাবিয়েই জীৱনটোক পুনৰাই আৰম্ভ কৰিম বুলি ভাবিলেও আৰম্ভ কৰিব নোৱাৰিব কাৰণ সময় যে তেনেই তাকৰ)
চৰিত্ৰ “ মই” সিহঁতৰ একেবাৰে বিপৰীত, কিন্তু একেলগে একেখন কলেজতে পঢ়ে বাবে টিউচন আদিলৈ যাওঁতে কেতিয়াবা “ তই” নামৰ চৰিত্ৰবোৰৰ লগতো যাব লগা হয়, তাৰ বাইক নাই, আৰু ঘৰৰ পৰা টিউচনলৈও বহুত দূৰ, সেইবাবে যাবলগীয়াত পৰে!!
:::::::::::::::::::::::
সদায়ে কেৱল “ মই” য়ে কিয়......?????
উত্তৰ:- মাজে মাজে..কথাবোৰ নভবাকৈয়ে হৈ যায়, কাৰণবোৰ অহেতুকো বিশ্লেষণ কৰাৰ প্ৰয়োজনবোধ কোনেও নকৰিলে.... চৰিত্ৰ “মই” যেন দুখত ভাগি পৰিছে..... (বেকগ্ৰাউণ্ডত বাজি আছিল.... তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে
 :::::::::::::::
 কি হৈছিল ,কিয় হৈছিল.......  কথাবোৰ আজিলৈ কোনেও নাজানিলে.....
তাৰ মৃত্যুৰ কাৰণ আপোনালোকে জানে নেকি???


-            -ইন্দ্ৰনীল গায়ন



: ঠিকনা:

     

 এটি শব্দহীন ঠিকনা.....
    ক’ৰবাত ৰিণি ৰিণি শুনো....
     উহু....
  নাই দেখোন....
  বাঁহীৰ সুৰৰ সৈতে উজাগৰী নিশাটো পাৰ কৰো,
     আঃ
  আজিও ....???
  এখন্তেক
স্মৃতিৰ দলিচাখনত বহি  জিৰণি লৈছিল
    নিঃসংগতা হেঁনো  তেওঁৰ প্ৰিয় সংগী..
      তথাপি…
   চকুৱে, মুখে দেখোন বিষণ্ণতাৰ দাগ….
    কি হেৰুৱাইছে  আপুনি…???
-       ইন্দ্ৰনীল গায়ন



Wednesday, 13 November 2013

: অব্যক্ত:



এনেকৈয়ে গুচি যাম, ...
তুমি নাভাবিবা অসুখী বুলি
::::::::

জীৱনৰ কেইবাটাও বসন্ত পাৰ হৈ গৈছিল
সিহঁতৰ অলক্ষিতে....

সাতটা কোঠালীযুক্ত ঘৰটোত তেওঁ এতিয়া অকলশৰীয়া, কাম কৰা ৰা এজন লগত ৰাখিছে ঘৰৰ প্ৰয়োজনীয় কাম-কাজবোৰৰ বাবে, বৰ্তমান সংখ্যাত মানুহ বুলিবলৈ সিমানেই

ভুল..?

কাৰ আছিল...
তেওঁৰ নে মোৰ..?
এই প্ৰশ্নটোৱেই তেওঁক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলে.....
হঠাতে....
কোঠালীটোৰ লগত সংযুক্ত বেলকণিটোলৈ উঠি গৈ সদায়ে বহাৰ দৰে সেই নিৰ্দিষ্ট আৰামী চকীখনত তেওঁ বহি পৰিল !!

ওন্দোলাই অহা মেঘৰ মাজত জোনবাইজনী ক্ৰমশঃ লুকাই পৰিছে.....

চকীখনতেই বহি থাকি বহুপৰ আকাশখনলৈ চাই থাকিল, যেন নিজৰ মাজেতেই বিভোৰ হৈ কিবা ভাবি আছিল.....

এৰা,
অতীতৰ স্মৃতিবোৰে প্ৰায়ে বুকুত খুন্দা মাৰি ধৰে....
তেওঁ যেন ক্ৰমে অসীমতৰ গভীৰৰ পৰা গভীৰতালৈ সোমাই পৰিছে
এটা বৃত্তৰ পৰিধিৰ মাজত।।

ইন্দ্ৰনীল গায়ন

এখন ডায়েৰীৰ কথাৰে :-


প্ৰস্তাৱনা :-
নৈখনৰ পাৰত অস্তমিত বেলিটোলৈ চাই তেওঁ কৈছিল
   “ হয়তো.. এনেকৈয়ে .....
শেষ হয় এটি বৰ্ণনাতীত অতীত”
 .......লাহে লাহে লুটিয়াই গৈছিলো
   ডায়েৰীৰ পৃষ্ঠাবোৰ.....

৩১/১২/২০০৩ :-

কোঠাটোত থকা সেই বিশেষ কেনভাছখনলৈ এপলক চাই ৰৈছিল....
   নিথৰ হৈ পৰি থকা ৰংবোৰে যেন
       অট্টাহাস্য কৰিছিল...
  নাই..  নাই....
এনেকুৱা হ’ব নোৱাৰে...
মই আকৌ আঁকিম সেই ছবি...
( যিখন ছবি আজি এটা বছৰে অঁকা নহ’ল)

৫/২/২০০৪ :-
  এটি সতেজ নিয়ৰসিক্ত পুৱাত...
    খিৰিকীখন খুলি দিছিলো
    আস....
    সংগোপনে তেওঁ যেন মোৰ বাবে ৰৈ আছে...
     ( আজিও অপেক্ষাৰত....... ???)

১৪/২/২০০৪
আজি ভালপোৱাৰ দিন..??
 হয়তো হ’ব পাৰে,
 ভালপোৱা কেৱল এটা দিনৰ বাবে নহয়....
 ভালপোৱাৰ সংজ্ঞা :- হৃদয়ৰ পৰা হৃদয়লৈ
অৱধাৰিত এখনি নৈ......
স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন একোটি অদ্বিতীয় প্ৰেমৰো হব পাৰে ভিন ভিন নাম"
সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।

২০/৪/২০০৪ :-

এটি অন্তৰংগ আলাপ....
ভাল লাগিল,
হয়তো, তুমি অহাৰ বাবেই বিশেষ হৈ পৰিছিল সেই সন্ধ্যাটো !!
 
২৫/৫/২০০৪ :-
   বেলিভিউ কেঁকুৰিত নীড়হাৰা পখীৰ আকুলি বিননি...
       সন্ধ্যাৰ আকাশত আল্পনাহীন ডুখৰীয়া স্কেচ্ছ...
   আজি, পালতৰা নাওখনৰ সৈতে সন্ধিয়াটো পাৰ কৰিম বুলিয়ে এনেদৰে ওলাই আহিছো,
      নৈপৰীয়া বতাহজাক আমাৰ সংগী হ’ব ( মানে তোমাৰ আৰু মোৰ)

১৫/৫/২০০৪
টিক !! টিক
এয়া গতিশীল সময়ৰ আহ্বান....
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰো, মাথো নাম দিব পাৰো
“ নীৰৱতাত স্তব্ধ সময়ৰ প্ৰতিধ্বনি ”
 বিশেষ একো নাই লিখিবলৈ.....
    যেন উজাই অহা আৱেগৰ পদূলিত সৰি পৰিব খোজা দুটোপাল সিক্ত অশ্ৰু......

২০/৬/২০০৪
 “ এক জালনা জোসনা ঢুকেছে
    তোমার বাসরে
   ধরোণা
ভেঙে যাব রাত্রির স্বপ্নগুলো”
 কেতিয়াবা মন যায় লিখিবলৈ.....
“এখিৰিকী জোনাক সোমাইছে তোমাৰ শেতেলীত
    নুচুবা
  ভাঙি যাব নিশাৰ সপোনবোৰ ”
 ::::::
আশাবোৰ হয়তো  এনেকুৱাই  নহয় নে বাৰু...?? কিঞ্চিত কিঞ্চিত ……

৩০/৭/২০০৪ :-
আজি প্ৰায় এমাহৰ পিছত......
চিঠিখন পঠালা
উত্তৰটো কিছু অসংলগ্ন.....
মইতো কেতিয়াও কোৱা নাছিলো
 জোনাকবোৰ ছটিয়াই দিম তোমাৰ গালে মুখে
জনা নাছিলো একান্ত ব্যক্তিগত কথাবোৰ
 হয়তো....
 মোৰ ভুল..?
 উহু নহয় !!

১০/৯/২০০৪ :-

কি আছে এই বিশ্বাস অবিশ্বাসৰ মাজৰ প্ৰত্যয়টোত..??
 মৌনতাই বহু কথা কয়.... !!
 বাট চাম, তুমি আহিবা .... !!
৫/১০/২০০৪ :-
দূৰৈত সৌৱা..
   বাঁহীৰ সুৰ
নবজাবি অ’ বৰ কষ্ট হয়.....
“ অনুভৱ কৰো তোমাক প্ৰতিটো সুৰত সমৰ্পিত হৃদয়ৰ সমগ্ৰ শূন্যতাত ”
      .... শূন্যৰ কোনো অস্তিত্ব নাই....

১৮/১০/২০০৪ :-
অন্ততঃ
এবাৰ,
নাই নালাগে, নিজকে বৰ স্বাৰ্থপৰ যেন লাগিব.......
  নিশা হ’লে প্ৰায়ে সুহুৰিয়ায়
গভীৰ হৈ পৰে দুখবোৰ...

১/১১/২০০৪ :-
 তুমি উভতি আহিলা ........
  সময়বোৰ আলফুলে গুজি দিয়াৰ কথা আছিল তোমাৰ দুহাতত
    দুপৰীয়াৰ ৰ’দজাক চঞ্চল হোৱা নাছিল
ঠিক তোমাৰ দৰেই....

২০/১২/২০০৪ :-
   The Moment you Have in Your Heart This extra ordinary thing called
                           “Love”
          And Fell the depth, The delight, the ectasy of it
     You will discover that For you The World is Transformed

    উভতি যাম অনুভৱৰ বাটত সপোনটিয়ে পোখা মেলিব......
            তুমি আঁকোৱালি ল’বা আলফুলে........

      ৩১/১২/২০০৪ :-
এয়াই হয়তো .....
   “ভালপোৱা”
কেৱল অনুভৱ হয় হৃদয়ৰ পৰা হৃদয়লৈ...
 সংগোপনে !!
উপসংহাৰ :-
    আশাৰ পৰিধিৰেই আৰম্ভ হয় জীৱন,
 (এই ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে এটা চৰিত্ৰৰ কাল্পনিক অধ্যায়....)
    (সম্পূৰ্ণ কাল্পনিক)

ইন্দ্ৰনীল গায়ন

........ৱেলেচলি ষ্ট্ৰীট আৰু ভায়’লিনখনৰ কথাৰে...........


প্ৰস্তাৱনা:-
ক্ৰমান্বয়ে তেওঁ মোৰ বুকুৰ পৰা আঁতৰি গৈছে.....
  কাংক্ষিত নাছিল....
  দুখবোৰে হয়তো !!
এনেকৈয়ে ঘৰ সাজে...... ???

 যদি তোর  ডাক শুনে কেউ না আসে  তবে  একলা চলো রে।
একলা চলো,  একলা চলো, একলা চলো,  একলা চলো রে॥
এইয়া কলকতাৰ এটি ব্যস্ততাপূৰ্ণ ৱেলেচলী ষ্ট্ৰীটত থকা সেই বিশেষ ঘৰটোৰ পৰা ভায়’লিনখনৰে ভাহি অহা এক সুমধুৰ ৰবীন্দ্ৰ সংগীতৰ এটি স্বৰ....
ভিৰৰ মাজেৰে পাৰ হৈ গৈ আছে অজস্ৰজন লোক......
তথাপি সেই ঠাইখিনি যেন তাৰ বাবে  অচিনাকি....
আচলতে,

আজি  সি তেনেধৰণৰে অনুভৱহে কৰিছে....
কিয় বাৰু...?
ট্ৰামখনৰ বাবে ৰৈ থাকি থাকি সি ভাবি আছিল.....
হঠাতে....
 হাতত ভায়’লিনখন লৈ ছোৱালীজনী সেই বিশেষ  ঘৰটোৰ পৰা উলাই আহিছিল.....
      প্ৰায়ে অহা যোৱা কৰে তাই এই পথৰে...
        নামটো  সোধাঁ নহ’ল......
সদায়ে উভতি অহাৰ দৰে সি আজিও উভতি আহিল !!
 “ কেতিয়াবা অহামিকা নিশাত ভায়’লিনৰ সুৰবোৰ নিগৰি আহে...
      খিৰিকীমুখত যে....
এতিয়া মৌনতাৰ সমদল
হেৰুৱা সময়ৰ হেঁনো কোনো নাম নাথাকে ”
 কিবা এটা লিখি পেলাইছিল
সি ডায়েৰীৰ উকা পৃষ্ঠাটোত !!
 উপসংহাৰ :- সি কাহানিও, ঘৰ সজা নাছিল  কাৰণ.... ?
             অঘৰী মানুহবোৰ এনেকুৱাই নিঃসংগ।
            টোকা ( ৱেলেচলী ষ্ট্ৰীট কলকতা চহৰৰ এটি পথৰ নাম)  
     


                                   

Friday, 2 August 2013

গল্প



      গল্প

!!হৃদয়ৰ সৈতে এখন্তেক !!


হৃদয়ৰ আশা, আকাংক্ষা, মান, অভিমান, দাবী এইবোৰ কাৰ বাবে...?

এক নুবুজা সাঁথৰ এটাত নিমজ্জিত বান্ধোনৰ জৰীডাল এতিয়া হয়তো বোজা হৈ পৰিছে!!

কেতিয়াবা, টেবুলত থকা ঘড়ীটোলৈ চাই  সি একান্তমনে বহি থাকে ...

টিক টিক !!

নিষ্ঠুৰ সময়ৰ অবৰ্তমানত মিনাৰখনত  তাৰ অতীতবোৰ ভাহি আহে
 কেতিয়াবা সি ছবি আঁকে সপোনতে!!

 এইয়া সপোন

 য’ত
 আৱেগবোৰ !!
   
  বিচ্ছিন্ন হয় !!

কথাবোৰ আধৰুৱা হৈ ৰৈ যোৱা যেন লগা নাইনে বাৰু..?

এৰা....

প্ৰাচীনতম বুকুৰ দুৱাৰত ঠেকা খাই অহা অস্পষ্ট শব্দবোৰো  ভাঙি ছিন্ন ভিন্ন হৈ পৰি থাকে দেৱালত, কিমান দিন যে হ’ল আবদ্ধ কোঠাত  প্ৰহৰী জীৱনৰ গাথা, শেষৰ কোনো নিশ্চয়তা নাই, যদি আছেও সি নাজানে তাৰ সংজ্ঞা কিম্বা নক্সা....
কি..?
-জটিলতম স্তম্ভত সমাধিত হৈছে জীৱনৰ আলোকময় স্বপ্ন....  

এইয়া বিৰ্দীন কলিজাৰ নিনাদ..

 -ক’ত গ’ল দূৰৈৰ পাহাৰৰ বুকুৰ পৰা ভাহি অহা ঐনিতমৰ সুৰ
  -ক’ত গ’ল জোনাকী নিশাৰ অন্তৰংগ আলাপ
  -নাই !!

-সকলো নিঃশেষ .....
-ইমান সহজতে....?

-উত্তৰ... পৰিচয় দিবলৈ কোনো অৰ্হতা নাই,
(আজিকালি পৰিচয় দিবলৈও অৰ্হতাৰ প্ৰয়োজন)

(২)

হয়তো
সি নোকোৱাকৈও থাকে বহুবোৰ কথা
বিশ্বাসহীনতাত!!

 নীলা আকাশখন তাৰ খুবেই প্ৰিয় !!
 সুধিবলৈ মন যায়,
 হে আকাশ তুমি ইমান বিশাল..?
  তোমাৰ সুখ,দুখবোৰ ক’ত সাঁচি ৰখা বাৰু..?
শুকলা ডাৱৰেও অভিমান কৰেনে
কেতিয়াবা..?
 তোমাৰ পৰা অকণমান নীলা বিচাৰি...

এই যে ভাবি থকা কথাবোৰ সি ডায়েৰীৰ পষ্ঠাত লিখি গৈছিল নজনাকৈয়ে,
 কিমান সময় যে পাৰ হৈ গ’ল !!
 নিজৰ মাজতেই নিজক বিচাৰি !!

আবেলি  মন গ’লেই অকলশৰীয়াকৈ সি তাৰ প্ৰিয় এই ঠাইখিনিলৈ ওলাই আহে , আৰু লগত থাকে ডায়েৰীখন আৰু তাৰ কলমটো ( এই কলমটো বিশেষ এগৰাকীয়ে...?) সেইবাবে  লগতে ৰাখে, যাতে কেতিয়াও হেৰায় নাযায় !!

হঠাতে..
  ম’বাইল স্কীনত এটি মেছেজ অহাত সি অন্যমনস্ক হৈ উঠিল!!
 মেছেজটো খুলি চাইছিল
আৰু তাত লিখা আছিল

"বেলিভিউ কেঁকুৰিত
নীড়হাৰা পখীৰ আকুল বিননি
সন্ধিয়াৰ আকাশত আল্পনাহীন
ডুখৰীয়া স্কেচ্ছ" !!
 ইতি....
তোমাৰ বিশেষ (নামবিহীন ঠিকনাটো)

ঠিক সেই সময়খিনিতে.......

নিস্তব্ধতাৰ পাৰ ভাঙি আকাশৰ বুকুত হেৰাই গৈছিল হেঙুলীয়া এমুঠি অনুভৱ !!

 সি নিজকে সুধিছিল..    হৃদয়ৰ গভীৰতাক জুখিব পাৰি জানো.. ?

    হয়তো
নোৱাৰি
কেতিয়াও নোৱাৰি!!

( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)

কবিতা




: কীট:

সাঁকোখনৰ এটি পাৰত বিশ্বাস আনটো পাৰত অবিশ্বাস 
মাজত 
এটা "কীট"
যি কুৰুকি খায় কলিজাৰ এফাল !!

নিশা হ’লে সি  
প্ৰায়ে সুহুৰিয়ায় 
গভীৰ হৈ পৰে দুখবোৰ।


পৰিশিষ্ট: সি কেতিয়াবা প্ৰতিদ্বন্দ্বী
কেতিয়াবা বন্ধু
কেতিয়াবা ভালপোৱাৰ প্ৰিয়জন হৈ
বুকুৰ ভিতৰে বাহিৰে পিয়াপি দি ঘূৰি ফুৰে!!

( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)