Wednesday, 13 November 2013

এখন ডায়েৰীৰ কথাৰে :-


প্ৰস্তাৱনা :-
নৈখনৰ পাৰত অস্তমিত বেলিটোলৈ চাই তেওঁ কৈছিল
   “ হয়তো.. এনেকৈয়ে .....
শেষ হয় এটি বৰ্ণনাতীত অতীত”
 .......লাহে লাহে লুটিয়াই গৈছিলো
   ডায়েৰীৰ পৃষ্ঠাবোৰ.....

৩১/১২/২০০৩ :-

কোঠাটোত থকা সেই বিশেষ কেনভাছখনলৈ এপলক চাই ৰৈছিল....
   নিথৰ হৈ পৰি থকা ৰংবোৰে যেন
       অট্টাহাস্য কৰিছিল...
  নাই..  নাই....
এনেকুৱা হ’ব নোৱাৰে...
মই আকৌ আঁকিম সেই ছবি...
( যিখন ছবি আজি এটা বছৰে অঁকা নহ’ল)

৫/২/২০০৪ :-
  এটি সতেজ নিয়ৰসিক্ত পুৱাত...
    খিৰিকীখন খুলি দিছিলো
    আস....
    সংগোপনে তেওঁ যেন মোৰ বাবে ৰৈ আছে...
     ( আজিও অপেক্ষাৰত....... ???)

১৪/২/২০০৪
আজি ভালপোৱাৰ দিন..??
 হয়তো হ’ব পাৰে,
 ভালপোৱা কেৱল এটা দিনৰ বাবে নহয়....
 ভালপোৱাৰ সংজ্ঞা :- হৃদয়ৰ পৰা হৃদয়লৈ
অৱধাৰিত এখনি নৈ......
স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন একোটি অদ্বিতীয় প্ৰেমৰো হব পাৰে ভিন ভিন নাম"
সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।

২০/৪/২০০৪ :-

এটি অন্তৰংগ আলাপ....
ভাল লাগিল,
হয়তো, তুমি অহাৰ বাবেই বিশেষ হৈ পৰিছিল সেই সন্ধ্যাটো !!
 
২৫/৫/২০০৪ :-
   বেলিভিউ কেঁকুৰিত নীড়হাৰা পখীৰ আকুলি বিননি...
       সন্ধ্যাৰ আকাশত আল্পনাহীন ডুখৰীয়া স্কেচ্ছ...
   আজি, পালতৰা নাওখনৰ সৈতে সন্ধিয়াটো পাৰ কৰিম বুলিয়ে এনেদৰে ওলাই আহিছো,
      নৈপৰীয়া বতাহজাক আমাৰ সংগী হ’ব ( মানে তোমাৰ আৰু মোৰ)

১৫/৫/২০০৪
টিক !! টিক
এয়া গতিশীল সময়ৰ আহ্বান....
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰো, মাথো নাম দিব পাৰো
“ নীৰৱতাত স্তব্ধ সময়ৰ প্ৰতিধ্বনি ”
 বিশেষ একো নাই লিখিবলৈ.....
    যেন উজাই অহা আৱেগৰ পদূলিত সৰি পৰিব খোজা দুটোপাল সিক্ত অশ্ৰু......

২০/৬/২০০৪
 “ এক জালনা জোসনা ঢুকেছে
    তোমার বাসরে
   ধরোণা
ভেঙে যাব রাত্রির স্বপ্নগুলো”
 কেতিয়াবা মন যায় লিখিবলৈ.....
“এখিৰিকী জোনাক সোমাইছে তোমাৰ শেতেলীত
    নুচুবা
  ভাঙি যাব নিশাৰ সপোনবোৰ ”
 ::::::
আশাবোৰ হয়তো  এনেকুৱাই  নহয় নে বাৰু...?? কিঞ্চিত কিঞ্চিত ……

৩০/৭/২০০৪ :-
আজি প্ৰায় এমাহৰ পিছত......
চিঠিখন পঠালা
উত্তৰটো কিছু অসংলগ্ন.....
মইতো কেতিয়াও কোৱা নাছিলো
 জোনাকবোৰ ছটিয়াই দিম তোমাৰ গালে মুখে
জনা নাছিলো একান্ত ব্যক্তিগত কথাবোৰ
 হয়তো....
 মোৰ ভুল..?
 উহু নহয় !!

১০/৯/২০০৪ :-

কি আছে এই বিশ্বাস অবিশ্বাসৰ মাজৰ প্ৰত্যয়টোত..??
 মৌনতাই বহু কথা কয়.... !!
 বাট চাম, তুমি আহিবা .... !!
৫/১০/২০০৪ :-
দূৰৈত সৌৱা..
   বাঁহীৰ সুৰ
নবজাবি অ’ বৰ কষ্ট হয়.....
“ অনুভৱ কৰো তোমাক প্ৰতিটো সুৰত সমৰ্পিত হৃদয়ৰ সমগ্ৰ শূন্যতাত ”
      .... শূন্যৰ কোনো অস্তিত্ব নাই....

১৮/১০/২০০৪ :-
অন্ততঃ
এবাৰ,
নাই নালাগে, নিজকে বৰ স্বাৰ্থপৰ যেন লাগিব.......
  নিশা হ’লে প্ৰায়ে সুহুৰিয়ায়
গভীৰ হৈ পৰে দুখবোৰ...

১/১১/২০০৪ :-
 তুমি উভতি আহিলা ........
  সময়বোৰ আলফুলে গুজি দিয়াৰ কথা আছিল তোমাৰ দুহাতত
    দুপৰীয়াৰ ৰ’দজাক চঞ্চল হোৱা নাছিল
ঠিক তোমাৰ দৰেই....

২০/১২/২০০৪ :-
   The Moment you Have in Your Heart This extra ordinary thing called
                           “Love”
          And Fell the depth, The delight, the ectasy of it
     You will discover that For you The World is Transformed

    উভতি যাম অনুভৱৰ বাটত সপোনটিয়ে পোখা মেলিব......
            তুমি আঁকোৱালি ল’বা আলফুলে........

      ৩১/১২/২০০৪ :-
এয়াই হয়তো .....
   “ভালপোৱা”
কেৱল অনুভৱ হয় হৃদয়ৰ পৰা হৃদয়লৈ...
 সংগোপনে !!
উপসংহাৰ :-
    আশাৰ পৰিধিৰেই আৰম্ভ হয় জীৱন,
 (এই ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে এটা চৰিত্ৰৰ কাল্পনিক অধ্যায়....)
    (সম্পূৰ্ণ কাল্পনিক)

ইন্দ্ৰনীল গায়ন

No comments:

Post a Comment