:-অংকিতৰ কথাৰে:-
কিবা এটাই যেন তাক চেপি ধৰিছে। সি একো বুজি পোৱা নাই। কেৱল গভীৰr পৰা গভীৰতালৈ সি সোমাই গৈ আছে। এক
বুজাব নোৱাৰা বেদনাত সি খুলি ক’ব পৰা
নাই কথাবোৰ। ভবাই
নাছিল হঠাতেই......
প্ৰশ্ন হয়- জীৱন কি.. ?
দৰ্জাখন খোল খোৱাৰ শব্দ ।
’ সোমাব
পাৰোনে ’
“ আৰে,সিদ্ধাৰ্থ; বহুদিনৰ
মূৰত আহিলি। বহ, বহ।’
‘ Its Ok অংকিত, বহিছো
বাৰু। ক’চোন, ভালে আছ তই?”
আছোঁ আছোঁ মোৰ ভালেই,( সি তাৰ বন্ধুক কেনেকৈ ক’ব তাৰ জীৱনলৈ নামি অহা সেই ... ?), বাৰু মোৰ বাদ দে তোৰ ক’চোন খবৰ.. ।
দেখা নাই? “I am absolutley Fit and Fine..”
ok.. ৰ; মই চাহ এটা অৰ্ডাৰ কৰো।”- সি
তাৰ অফিচৰ টেবুলৰ সন্মুখত থকা বেলটো বজাব ধৰোতেই,
সিদ্ধাৰ্থই ক’লে- নাই
নালাগে চাহ।
মই অলপ আগতহে ওলাই আহিছো। ঘৰৰ পৰা, ঘৰত খাই আহিছোৱেই।
অংকিত, আচলতে তোৰ ওচৰলৈ মই বিশেষ কথা এটাৰ বাবে আহিছোঁ। তই মোক ভাল বন্ধু বুলি ভাবনে?
অ’ আকৌ সেইটো কিবা সোধা কথা নেকি বাৰু? সৰুৰে
পৰাই ভাল বন্ধু; এতিয়ালৈকে আমি জীৱনৰ প্ৰতিটো সুখ দুখৰ কথাই দেখোন চেয়াৰ কৰি আহিছোঁ, আজি কিয়
এনেকৈ... ?
অ ’ সুধিব লগা হ’ল। তই কিমান দিনৰ পৰা ডাক্তৰ বৰুৱাৰ তাত
চিকিৎসা কৰি আছ?
সেই কথা শুনাৰ পিছত মই যেন নিজক চম্ভালিব
পৰা নাই।
“সিদ্ধাৰ্থ,
তই কি ক’ব খুজিছ মই একো বুজিব পৰা নাই। তই
নুবুজাৰ অভিনয় নকৰিবি।
আৰু কিমান দিন এনেদৰে লুকুৱাই ৰাখিবি ? শু’ন তোৰ
অসুখৰ বিষয়ে ইতিমধ্যে মই সকলো গম পাইছোঁ। তোক চিকিৎসা কৰোৱা ডাক্তৰ বৰুৱাৰ ছোৱালীৰ সৈতে মোৰ বিয়া ঠিক হৈছে। সেই সংক্ৰান্তত তেওঁৰ ঘৰলৈ যাওঁতে এবাৰ
আমাৰ পঢ়ি থকা দিনৰ কথা পাতি থকা প্ৰসংগত তোৰ কথা কৈছিলো, তেতিয়া তেওঁ মোক সুধিছিল মোৰ যদি ভুল হোৱা নাই, মানে তোমাৰ বন্ধুৰ নাম অংকিত নেকি ? সেই সময়তেই তোৰ
অসুখৰ বিষয়ে মই সকলোবোৰ কথা গম পাইছিলোঁ।’
সেই সময়ত সি নিথৰ হৈ পৰি ৰৈছিল। তাৰ
সেই দুৰাৰোগ্য অসুখটোৱে তাক দিনে দিনে
এফালৰ পৰা কুৰুকি কুৰুকি শেষ কৰি আহিছে। তাৰ সপোনবোৰ যেন উটি -ভাঁহি গৈছিল তাৰ চকুৰ সমুখৰেই। হয়তো তাৰ বন্ধুৱে তাক সান্তনা দিছিল- আজিকালি এইবোৰ বেমাৰ সাধাৰণ। তোক বাহিৰলৈ লৈ যোৱাৰ কথা ভাবিছো আমি। মানে তোৰ মা আৰু দেউতাকো এই কথা মই
জনাইছোঁ। তই চিন্তা
নকৰিবি। ’
সি যেন একো ভাবিব পৰা নাছিল, দেউতাক- মাকক হেৰুওৱাৰ বেদনা এটাত যেন ছটফটাই
উঠিছিল।
এই যেন মাকৰ কোলাত শুই ক’ব.. অ’ মা চাচোন চা; মোৰ খুব টোপনি ধৰিছে। অলপ সময় দিবিনে তোৰ কোলাত শুবলৈ?’
তাৰ
কিছুদিনৰ পিছতেই অংকিতে তাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছিল-
জীৱন কি... ?
মৃত্যু হৈছিল অংকিতৰ এক দুৰাৰোগ্য কেন্সাৰ
ৰোগত।
যেন সকলোবোৰ
কথা ৰয় গৈছিল তাৰ ডায়েৰীৰ এটা পৃষ্ঠাত। অংকিতে ডায়েৰীখনত লিখি থৈ যোৱা শেষ শাৰীকেইটা-
“জীৱনৰ
ক্ষণ, আশা, আৱেগ সপোন- সকলোবোৰ যেন অনুলিখিত অসম্পূৰ্ণ।
No comments:
Post a Comment