Monday, 10 March 2014

গল্প:-



:এখন পেইন্টিঙৰ কাহিনী:

তোমাৰ স্পৰ্শত বাস্তৱহীন সপোন এটাই দোলা দি যায় কিয় বাৰু.. ? যদিওবা, অনুভৱৰ কেনভাছ খনত আঁকিব খোজো  ৰৈ যাওঁ, নিথৰ কৰ্কশ হৈ পৰা ৰংবোৰৰ মাজত তথাপি,তুমি মোৰ প্ৰিয় জানানে.. ?
 অৱশেষত...

আজি প্ৰায় এমাহ ধৰি যিখন ছবি আঁকিবৰ বাবে দিন ৰাতি এক কৰি দিছিল
 
য়েহ.. ফাইনেলি, আই দান ইট....

 ছবিখনৰ নাম ৰাখিলে “ অৰুন্ধতী”


   অৰুন্ধতী.......
  আঃ অহৰহ ব্যকুল সপোন এটি হৈ এই নামটোৱে চিত্ৰকাৰ বৰুৱাক ছাঁৰ দৰে খেদি ফুৰে
  হঠাতে যেন এজাক বৰষুণে আহি হৃদয়ৰ প্ৰতিটো কোঠা সিঁচি থৈ গ’ল অৰুন্ধতীৰ সুবাসেৰে..
  অনুভৱৰ অয়নান্তলৈ ৰং তুলিকাৰে প্ৰতি পল প্ৰতি ক্ষণ বৰুৱায়ে কেৱল তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয় চৰিত্ৰটোৰ কথায়ে ভাবি থাকে

    তেওঁৰ সৌন্দৰ্যক??
 নাই, -কিন্তু ই কেনেকৈ সম্ভৱ,
এগৰাকী নাৰীৰ শৰীৰক কল্পনাৰ ৰং তুলিকাৰে সজোৱা, আৰু তেজ মঙহৰ এগৰাকী নাৰীৰ সৌন্দৰ্যৰ মাজত অলপ হ’লেও পাৰ্থক্য থাকে
      তথাপি...
অৰুন্ধতীৰ সৌন্দৰ্যৰ অপৰিসীম তুলনা কোনো গুণেই কম নহয়....
 বাৰু.. যিয়েই নহওক, অহা মাহত হ’বলগীয়া চিত্ৰ প্ৰদৰ্শনীৰ বাবে বৰুৱাক আঁকিবলৈ দিয়া ছবিখনে পূৰ্ণতা লাভ কৰিলে

  এমাহৰ পিছত:.........

এতিয়া আহো প্ৰদৰ্শনীৰ মাজলৈ……

  আৰ্ট গেলাৰীৰ প্ৰৱেশ দ্বাৰেদি বৰুৱা কিছু চিন্তিত মনৰে ভিতৰলৈ সোমাই গৈছে এফালে  প্ৰখ্যাত বুদ্ধিজীৱিয়ে কেইখন মান ছবি চাই অতি কৌশলপূৰ্ণভাৱে  মন্তব্য আগবঢ়াই থকা দেখা গৈছে চিত্ৰকাৰ কেইজন মানক

ঠিক তেনেতে বৰুৱাৰ “ অৰুন্ধতী” শীৰ্ষক নামৰে ছবিখনৰ ওপৰত  প্ৰখ্যাত বুদ্ধিজীৱি কেইজনৰ চকু পৰিল... লগে লগে তেওঁলোকৰ মুখৰে ওলাই আহিল  ৱাহ কি অপূৰ্ব এই নাৰীৰ  সৌন্দৰ্য
 দুজনমান বুদ্ধিজীৱিয়ে অলপ দুষ্ট চকুৰে ছবিখনত থকা নাৰী গৰাকীৰ শৰীৰক কেন্দ্ৰ কৰি দুটামান অশালীন মন্তব্য আগবঢ়াইছে
কিছু দূৰৰ পৰায়ে এই সকলোবোৰ দৃশ্যৱলী  নীৰৱে সহ্য কৰি আছে যদিও বৰুৱাৰ মুখত  এক অশান্তিৰ ভাব পৰিলক্ষিত হোৱা দেখা গৈছে, কিন্তু তেওঁ কৰো বুলিও একো কৰিব নোৱাৰে, কাৰণ এই ছবিখনৰ জৰিয়তে জীৱিকাৰ পথ সূচল হোৱাৰ কিবা এটা আশা দেখা পাইছে

শেষত, সেই প্ৰখ্যাত বুদ্বিজীৱি কেইজনৰ মাজৰে পৰা এজন বুদ্বিজীৱিয়ে নিৰ্ধাৰিত দামতকৈ কিছু বেছি টকা দি ক্ৰয় কৰিলে “ বৰুৱাৰ জীৱনৰ আটাইতকৈ প্ৰিয় নাৰী গৰাকীক মানে অৰুন্ধতী শীৰ্ষক ছবিখন

 চকুৰ আগেদিয়ে লৈ যোৱা হ’ল অৰুন্ধতীক...............
 

 বৰুৱাৱে শেষবাৰৰ বাবে ছবিখনলৈ এপলক চাই লৈ ক’লে:-
এৰা....
 মোক যে জীয়াই থাকিবলৈ টকাৰ খুব প্ৰয়োজন হৈছে
  ভুল নুবুজিবা  অৰুন্ধতী
 মই নোৱাৰিলো..
 মই নোৱাৰিলো.. । ।
   
 -ইন্দ্ৰনীল গায়ন
( জনসাধাৰণ কাকতৰ দেওবৰীয়া পৰিপূৰিকা ইত্যাদিত প্ৰকাশিত)

No comments:

Post a Comment