বিষয় নিৰ্দিষ্ট নহয়,"ব্যস্ততা" নামৰ অজুহাতৰ কথাৰে:-
" সময় য’ত ৰৈ যায়
তাৰ পৰাই আৰম্ভ আমাৰ পৰিচয়"
( অনিন্দিতা কলিতা)
সোঁৱৰণীৰ নৈখন উজাই আহিলে সুখবোৰ দুখ হৈ উচুপে...........
যাওঁ বুলিয়েতো যাব নোৱাৰি স্মৃতিবোৰ বিচাৰি, সাঁচি ৰখা সুখৰ মুদ্ৰাৰ কেইটাও পৰ্যাপ্ত নহয় জীৱনটোৰ বাবে !!
" সুখবোৰ যদি হাতৰ মুঠিত ধৰি ৰাখিব পৰা হ’লে "
কেতিয়াবা জীৱনটো বৰ অসহজ হৈ পৰে নহয় নে বাৰু...?
কি আছে........
এই বিশ্বাস অবিশ্বাস মাজৰ প্ৰত্যয়টোক, যে ভাঙিবলৈও লাগি যায় বহু বছৰ !!
আশা, ইচ্ছাৰ দোমোজাৰ প্ৰাত্যহিকতাত জীৱনে হেৰুৱাই ছন্দ !!
এইবোৰৰ কাৰণ " ব্যস্ততা" এই ব্যস্ততাকেই আমি সকলোৱে দোষ দিও......
কিন্তু হয় জানো..?
ই কিমানদূৰ সম্ভৱ, আমি যদি কওঁ
" আকাশখন নেদেখা বহুদিন হ’ল"
ব্যস্ততা মাথো এটি অজুহাত"
হয়!! আমাৰ সকলোৰে জীৱনবোৰ ব্যস্ততাৰে ভৰা, তাৰ মাজতো অলপ সময় আমি নিজৰ বাবে উলিয়াই লব’লৈ হয়তো সক্ষম নহওঁ, কেৱল এটাই অজুহাত....
ব্যস্ততা !! ব্যস্ততা !!
সঁচাকৈয়ে এই ব্যস্ততা নামৰ অজুহাতটোৱেই জীৱনৰ গতি ৰুদ্ধ কৰি তোলে প্ৰকৃতিৰ বুকুৰ পৰা যেন বিচ্ছিন্ন হৈ যায় প্ৰান্তত থকা এটা " অনুশাসন" নামৰ কৃত্ৰিম যন্ত্ৰত স্তব্ধ হৈ পৰা সময় !!
" বৰষুণজাকত তিতিবলৈ মন যায়"
মোৰ দৰেই হয়তো বহুজনে কয় কিমান দিন হ’ল বৰষুণজাকত তিতা নাই, হেঁপাহৰ বৰষুণজাকত তিতিম
গান গাম" সপোন যেন এজাক বৰষুণ"
চিঞৰি চিঞৰি ক’বলৈ মন যায়
" বৰষুণ তিমি মোৰ প্ৰথম ভালপোৱা "
আৰু এতিয়া "ব্যস্ততা"
মাথো এটি অজুহাত !!
আমাৰ জীৱন কেৱল এই ব্যস্ততা নামৰ অজুহাতটোৱেই আৱদ্ধ নহয়, এবাৰ আপোনাৰ মনটোক মুকলি কৰি দিয়ক কুটিল বেষ্টনীৰ মাজৰ পৰা, আকাশখন চাওক, হেঁপাহৰ বৰষুণজাকত তিতক
ভালপোৱা কামবোৰ কৰিবলৈ লওক
দেখিব প্ৰতিটো পল ৰামধেনুৰ সাতো ৰঙৰে উপচি পৰিব।
( আমাৰ অসম কাকতত প্ৰকাশিত)
( আমাৰ অসম কাকতত প্ৰকাশিত)
No comments:
Post a Comment