Friday, 10 May 2013

এটা অনুলিখিত গল্প


সময়
                             
 (১)

তোমালৈ বুলি চিঠি খন লিখিবলৈ লৈছোঁ, বহুদিনেই হ’ল তোমাৰ খবৰ পোৱা নাই। আৰম্ভ ক’ৰ পৰা কৰোঁ, বাৰু যিয়েই নহওক তোমাৰ পৰীক্ষা শেষ হ’বৰ হৈছে চাগৈ, মই জানো তুমি আগৰ পৰীক্ষাসমূহত যিদৰে ভাল ফলাফল দেখুৱাই আহিছা, এইবাৰো তাৰ বিপৰীত একো  নহ’ব।সেইদিনা তোমাৰ মা ’ ৰ পৰা গম পালোঁ, তুমি ঘৰলৈ আহিবা। কিন্তু কেতিয়া সেই কথা অৱশ্যে মোৰো সোধাঁ নহ’ল।


এতিয়া আচল কথালৈ আহোঁ..  তোমাৰ বাংগালোৰত থকা আজি প্ৰায় দুবছৰেই হ’ল, তুমি বাৰু সলনি হৈ গৈছা নেকি? তুমি হয়তো ভাবিছা এই প্ৰশ্নটো মই কিয় কৰিলোঁ, মইয়ে কও বাৰু যোৱা এটা বছৰত তোমাৰ চিঠিলৈ অপেক্ষা কৰিয়েই পাৰ হ’ল, ইমান ব্যস্ত! নে... তুমি তোমাৰ ৰঙীন সপোনৰ পিছত দৌৰোতে নিজক পাহৰি পেলাইছা ? খং উঠিব পাৰে তোমাৰ!! তথাপি সোধিছোঁ।
কিন্তু কিয় এনে কৰিছা মই বুজি নাপাওঁ। তথাপি তোমালৈ বাট চাম তুমি আহিবা কথা পাতিম !!

          সুখৰে থাকা

      আজিলৈ আহিছোঁ

        ইতি তোমাৰ

   এইখিনিতেই ৰৈ যায় পৰিচয়টো ....
       
   
     (২)                          


        তুমি আহি পালা সেই অপেক্ষাৰত দিনটোতেই, মই ভবাৰ দৰেই তুমি সলনি হ’লা। প্ৰতিটো কথাৰ মাজতেই যে কেৱল আমাৰ বাংগালোৰো এনেকুৱা তেনেকুৱা, ইয়াত যে মই বৰ আমনি পাইছোঁ, এই গাঁওবোৰত যে মানুহবোৰে কি  লাইফ এটা কটাই আছে দেই মই ভাবি নাপাওঁ, অ ’ মা মই যাওগৈ নেকি অহা সপ্তাহতেই ইয়াত আৰু সময় এনেদৰে বৰবাদ কৰি থাকিব নোৱাৰি.. !!  এতিয়া তোমাৰ মুখত সময় অপচয়ৰ সলনি বৰবাদ জাতীয় শব্দ আখৌ ফুটাদি ফুটে আৰু বহু শব্দ!!মাত্ৰ দুবছৰতেই সকলোবোৰ সলনি হৈ গ’ল!!  জানো কিয়! জানিও যেন নুবুজাৰ ভাও হে ধৰিছিলোঁ মই !! .....

   (৩)                             

এসপ্তাহৰ পিছতেই  বাংগালোৰলৈ যোৱা দিনটো আহি পালে, সেই দিনটোৰ বাবে যে তুমি ক’মনো অস্থিৰ হৈ আছিলানে, যিয়েই নহওক যাবাই যেতিয়া আৰু একো নকও। তথাপি যোৱাৰ আগদিনা
 তোমাৰ সৈতে হোৱা শেষ বাৰ্তালাপটো নৈৰ ঘাটত:-

মুকলি আকাশৰ তলত ঠিক সন্ধিয়াৰ আকাশত ডুব যাব খোজা বেলিটোলৈ চাই তুমি কৈছিলা এই সম্বন্ধ, সম্পৰ্ক এইবোৰ যেন অপ্ৰয়োজনীয় হৈ পৰিছে, মই নাভাবো, জীৱনটোত সুখী হ’বৰ বাবে এটা লং টাইম ৰিলেছেনচিপ। আজিকালি সকলোবোৰ ক্ষণস্থায়ী তুমি কিদৰে ভাবা মই নাজানো ?

 তুমি ভবাৰ দৰে মই ভাবিব নোৱাৰোঁ, কাৰণ মই কেতিয়াও তোমাৰ দৃষ্টিৰে পৃথিৱীখন চাবলৈ শিকা নাই!! 

যদি মই কও স্পৰ্শ কৰিব খোজো বতাহজাক, বিলীন হৈ যাব খোজো বিস্তৃত সেউজীয়াত


তুমি কি ক’বা:- হাঃ হাঃ কি কোৱা এইবোৰ মই পছন্দ নকৰোঁ !!  তোমাৰ কোনো

দিনেই সম্বন্ধ নাছিল নেকি  প্ৰকৃতিৰ সৈতে ?
আসঃ
বিৰক্ত নকৰিবা
 আৰু
প্লিজ !!

 তোমাৰ কবিতা দৰে কথাবোৰ মই বুজি নাপাওঁ, আৰু বুজি পাবলৈ চেষ্টাও নকৰোঁ
 এতিয়া মই যাও তোমাৰ ব’ৰ টাইপ কথা শুনিবলৈ আহি মোৰ সময় নষ্ট কৰিলোঁ।
 মোৰ অলপ পেকিং বাকী ৰৈছে মই আহিলোঁ!!
 বাই !!
 ৰ’বা!!

এইখিনিতে তোমাক এটা কথা কও শুনা মা, দেউতাৰ কাৰণে অলপ হ’লেও চিন্তা কৰিবা আৰু তাতকৈ একো বেছি নকও, বুজি পাইছা নিশ্চয়।

হয়তো ইয়াৰ পিছত আৰু কোনো দিনেই লগ কৰা নহ’ল....
     
:::::::::  _________________ ::::::::   
 

সঁচাকৈয়ে সময় যে সলনি হয় এইদৰেই নিস্বাৰ্থভাৱে ...
এটি পৰিধিত..

প্ৰাপ্তি অপ্ৰাপ্তি
স্মৃতিৰ আৱেশত ৰৈ যায় ...

( জনসাধাৰণ কাকতৰ দেওবৰীয়া পৰিপূৰিকা ইত্যাদিত প্ৰকাশিত)

No comments:

Post a Comment