Saturday, 9 February 2013

প্ৰেম ভালপোৱা আৰু কিছু অনুভূতি:-



    (১)


প্ৰেম হৃদয়ৰ ভাষা:-

মোক এখন হৃদয় লাগে
যি মোৰ সুখ-দুখৰ সমভাগী 
কেৱল হাঁহিবলৈ ওঁঠজুৰি নহয় ( অনিন্দিতা কলিতা)

সঁচাকৈয়ে প্ৰেম হৈছে এক আকাংক্ষা জীৱনৰ, মিলন হয় দুখন হৃদয় ই চিৰপ্ৰৱাহমান সাগৰৰ ঢৌৰ দৰে, নতুন অনুভৱ, নতুন সপোন এটাই পোখা মেলে, আৰু বাট চাই ৰয় প্ৰাপ্তিৰ আৱেশত।

    (২)

 হৃদয়ৰ ঠিকনা:- 

  এটি ঠিকনা অনাহূত পৰিচয়, হৃদয় যে এনেকুৱাই, মিঠা সপোন এটাই গুণ-গুণাই অনুৰণিত হয় স্পন্দন, এই যে ক’ব খোজা কথাবোৰ গুপুতে ৰয়, বুকুত সাঁচি  ৰখা সাৰহীন আশাবোৰ 
যদিওবা আকুল হৈ পৰে গাঁথি লৈ ফুৰা হৃদয়ৰ ভাষাবোৰ, কিনো ক’ম জানাই দেখোন 

নামবিহীন ঠিকনাটো !! 

কিয় জানো মন যায় এনেকৈয়ে ভাবি থকা কথাবোৰ তোমাক ক’বলৈ।

   (৩)

নিঃশব্দে বুকুৰ ভিতৰলৈ সোঁমাই অহা এজাক বৰষুণ:- 

এই বাটটিৰে তুমি যেতিয়া অহা মোৰ হৃদয়ত জানো কি হয়... এইজাকেই যে প্ৰথমজাক বৰষুণ হৃদয়ৰ তিতিছিল আৱৰণ খুলি কেৱল তোমাৰ বাবেই.....
    
    " The Moment you have in your Heart This extraordinary Things Called Love And Fell    The   depth, The Delight, The Ecstasy of it, You will Discover 
                       That For You               
              The World Is Transformed"   
     
সঁচা ভালপোৱা জীৱনৰ এটি নাম, কঢ়িয়াই লৈ ফুৰে  এক অনুৰাগ... 

প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।
  
নজনাকৈয়ে, 

প্ৰেম নিশ্চয় এনেকুৱাই 
আৱৰণ খুলি হৃদয় জুৰায় ( হীৰু দা)

  (৪)

বিষাদভৰা হৃদয়:-  

ভালপোৱাৰ ছবিখনে কেতিয়াবা কষ্ট দিয়ে , অবিশ্বাসৰ মাজত গঢ় লৈ উঠা এটি সম্পৰ্কই কেতিয়াও 

সুখী কৰিব নোৱাৰে, প্ৰেম হৈছে এক বিশ্বাসৰ সাঁকো,

আজি আকৌ এজাক বৰষুণ বিষাদভৰা হৃদয়ৰ
ভাগৰুৱা দুচকুৱে কান্দো বুলিও কান্দিব পৰা নাই

কিয় জানো....

অশ্ৰুও আজি নিৰ্বাক দুচকুতে কেৱল...?

 সেই ছবিখন এতিয়া অৰ্থহীন পোহৰৰ মাজত...

 সকলোৱে কয় প্ৰেম হেনো স্বৰ্গীয় অনুভূতি, মই সেই অনুভূতিৰ এটি নগন্য ধূলি কণাহে মাথো।

   
ক্ৰমশঃ


উপলব্ধিৰ বাটত.............

গুণ-গুণাই অহা এটি পখীৰ মাত 

সাৰ পাই উঠা এটি সপোন
    আৰু 
কিছু আৱেগ।  


কবিতা


  
:ফাগুন:

 আহিব বুলিয়ে 

বাট চাই আছোঁ 

পদূলি মুখত 

 তোৰ বাবে 

 সেউজীয়া সপোন এটা পুহি ৰাখিছোঁ
  
মোৰ বুকুত

তোৰ কষ্ট  সহিব নোৱাৰোঁ অ’

এইবেলিও তই উদং হাতেৰেই আহিলি ?

সৌ সিদিনা পুখুৰীৰ পাৰৰ

শিমলু জোপাই সুখ অলপ আনিবি বুলিয়ে

বতৰা দিছিল

 মোৰ হিয়াখনত উলাহে নধৰা হৈছিল অ’

তই আনিলি

কুৰুকি খোৱা দুখবোৰ হে !!

মোৰো মন যায়

বিদায় পৰত

সুখ এটাৰ সৈতে ওমলিবলৈ

সকলো জানিও যে তই একোকে নুবুজ ফাগুন। 

প্ৰত্যাশা অপ্ৰত্যাশাৰ দোমোজাত কিছু মনৰ অনুভৱ



সময়ৰ এটি পৰিধিত
সু্খ দুখ, হাঁহি, কান্দোন 
 প্ৰতিবাৰেই দি থৈ যায় ,
কিছু প্ৰাপ্তি অ-প্ৰাপ্তিৰ বেষ্টনিত
সাঁচি ৰখা কিছু মধুৰ স্মৃতি।

সময়বোৰ গৈ আছে দিন ,সপ্তাহ , মাহ , আৰু শেষত এটি বছৰৰ পৰিসমাপ্তি। আমিবোৰ ৰৈ গৈছোঁ নেকি .. ? প্ৰতিদিনেই ভাবো আজি এটি নতুন দিনৰ আৰম্ভণি কৰিম আৰু দিনটোৰ শেষত ভাবো আজি কি পালো বাৰু... ? মই ভবাৰ দৰে হ’লনে কামবোৰ। হয়তো কেতিয়াবা মই ভবাৰ দৰেই কামবোৰ হয় আৰু কেতিয়াবা নহয় । এইয়া জীৱন যি অহৰ্নিশে কঢ়িয়াই লৈ ফুৰে আশা , স্বপ্ন, আৰু এখন কল্পনাৰ ছবি। আমিবোৰ মাথো এটি পুতলাৰ দৰে সময়ৰ কাটাবোৰ যেন এটা চাবি আমাৰ বাবে , যেতিয়াই মন যায় নিজ ইচ্ছাৰে আমাক ব্যৱহাৰ কৰে ।

" Years End Is neither An End Nor A Beginning,
But A Going on,
with All the Wisdom
That experiance can instill in us "

এতিয়া এই যে পাৰ হৈ যোৱা সময়ৰ মুহূৰ্তবোৰ আমাৰ বাবে কেতিয়াও পুৰণি নহয়, হয়তো মোৰ ডায়েৰীৰ পৃষ্ঠাবোৰ যে এতিয়াও নতুনৰ দৰেই। প্ৰতিটো পৃষ্ঠাত মোৰ অনুভৱৰ অপৈনত শব্দ আৰু ছন্দবোৰ সজাই ৰখা হৈছে , আৰু কি ক’ম মোৰ সুখ দুখৰ ছবিবোৰ যে সেই পৃষ্ঠাবোৰৰ মাজতেই আৱদ্ধ । সেইয়া মোৰ বাবে আজিৰ দৰেই , প্ৰতিটো পলতেই মোৰ ছাঁৰ দৰে লাগি আছে ।

কিছু সজীৱ স্মৃতি

অনুৰণিত স্পন্দন

কেতিয়াবা উশাহত , নিঃশব্দত

জীৱনৰ ক্ষণ , আশা , আৱেগ

অসম্পূৰ্ণ

অনুলিখিত ।


হয়তো এনেদৰেই ৰৈ যায় কিছু কথা অনুলিখিত ভাৱে .....

মোৰ মনটোৱে অহৰ্নিশে বিচাৰি ফুৰে বৰ্ণময় জীৱনৰ সৰু সৰু সুখ, দুখৰ ছবি এখন আৰু ভ্ৰমি ফুৰো এখন নদীত , সেই নদীখন যে মোৰ খুবেই প্ৰিয় , কাৰণ মোৰ যেতিয়াই মন যায় তেতিয়াই সাঁতুৰিব পাৰো মোৰ স্বপ্নৰ সন্ধানত ।


" keep Your Heart Open to Dreams For As Long..?
As there's A Dream, There is Hope, And As Long....?
As there Is Hope,
There Is Joy In Living..... "

প্ৰয়োজন এখনি মুকলি আকাশ, য’ত কণমানি সপোন এটাই উশাহ ল’ব পাৰে ।

প্ৰতিবাৰেই ভাবো হৃদয়ৰ কথা কি লিখো বাৰু......
তথাপি ........

উভতি যাম
অনুভৱৰ বাটত
সপোনটিয়ে পোখা মেলিব
তুমি ( এতিয়াও নামবিহীন )

আঁকোৱালি ল’বা আলফুলে
নযহা নপমা
হৃদয়ৰ এটি কোণত । 

স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদ’ৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন আৰু একোটি অদ্বিতীয় প্ৰেমৰো হ’ব পাৰে ভিন ভিন নাম"

সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।

জীৱন এখনি বোঁৱতী নদীৰ দৰে, যি বৈ যায় অবিৰত ভাৱে কেৱল দি থৈ যায় সময়ৰ এটি চিনাকি নাম। এতিয়া মাথো প্ৰয়াস কৰো সময়ৰ প্ৰতিটো পলত বিচাৰিবলৈ জীৱনৰ নিৰ্বাক স্তব্ধতাৰ মাজত পোৱা নোপোৱাৰ হিচাপবোৰ।

জীৱন গঢ়াৰ বাটত লোৱা সংকল্পবোৰ, কিমানদূৰ আগুৱাই যাব পাৰিম নাজানো, মাথো

চেষ্টা অব্যাহত ৰাখিম ।

( আমি অসমীয়া ই-আলোচনীত প্ৰকাশিত প্ৰবন্ধ)

গুণমালা পুথিৰ সংক্ষিপ্ত আভাস



"গুণমালা" পুথি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা "গুণমালা" পুথিখন নিতান্তই গুৰুজনাৰ বিশাল প্ৰতিভাৰ উজ্জ্বল স্মাৰক। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোতে বিচাৰ কথাত বিদ্যামান ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ দিয়া নিৰ্দেশনা ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে অসম্ভৱ বুলি কোৱাৰ বিপৰীতে শঙ্কৰদেৱ গুৰুজনাই ১ ইঞ্চি x ২ ইঞ্চি সাঁচি 

পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা 

কৰি ৰজাক প্ৰদান কৰিছিল। ভাগৱৎ প্ৰেমময় গ্ৰন্থ- "গুণমালা পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক 

গ্ৰন্থ ", এই পুথি খন কলেৱৰত সৰু হলেও শ্ৰীকৃষ্ণৰ মাহাত্ম লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্টপূৰ্ণ 

ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ, নাৰায়ণৰ পূৰ্ণৰূপ অৱতাৰ ভগৱান 

শ্ৰীকৃষ্ণৰ মহত্বময় গুণ প্ৰকাশিসৃষ্ট এই পুথিখন নিতান্তই গুৰুজনাৰএক মহৎ সৃষ্টি।

পুথি খনৰ প্ৰতিটো অধ্যায়ত পদ সমূহৰ আৰম্ভনিতে দিয়া ৬ টা ঘোষাৰ মূল কথাৰ তথ্যই পুথি খনৰ 

আধ্যাত্মিক তাৎপৰ্য্য সহজে বোধগম্য হোৱাত সহায় কৰিছে। প্ৰসংগক্ৰমে তলত উল্লেখিত এই ঘোষা 

 টি অতিকৈ গুৰুত্বপূৰ্ণ :-


(১) ৰাম নিৰঞ্জন ।



পাতক ভঞ্জন।।


(২) হৰি ৰাম ৰাম।



হৰি ৰাম ৰাম।।

(৩) কহ হৰি ৰাম।



নকৰা বিৰাম।।


(৪) ত্ৰাহি ত্ৰাহি ৰাম।



নকৰা বিৰাম।।


(৫) ত্ৰাহি ত্ৰাহি ৰাম।



কৰিলো প্ৰণাম।।

(৬) বোলা ৰাম বোলা ৰাম।



চৰি আন কাম।।

মহাভাগৱতৰ সাৰ্ৰমম সংগ্ৰহ কৰিম বুলি মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰা পুথি খনৰ সাৰংশ এনেধৰণৰ :-

প্ৰথম অ্ধ্যায়:- গুণমালা পুথি খনৰ প্ৰথম অধ্যায় শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বৰ্ণণাৰ উপৰি শংকৰদেৱ 

গুৰুজনাৰ ক্ৰমে মৎস্য, কুৰ্ম, নৰসিংহ, বামণ, পৰশুৰাম, হলিয়াম,বৰাহ, শ্ৰীৰাম, বুদ্ধ, কলকি, নামে 
দশৱতাৰৰ কথা চমুকৈ উল্লেখ কৰিছে।


দ্বিতীয় অধ্যায়:- পুথি খনৰ দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণৰ জন্মৰ চমু বৰ্ণণা দিয়া হৈছে। দ্বিতীয় অধ্যায়ৰ 

শেষৰ ফালে বাসুদেৱে শিশুকৃষ্ণৰ যমুনা পাৰ কৰি গকুলক থৈ অহা ঘটনাৰ লগতে গোপী সকলৰ বস্ত্ৰ 

হৰণ লীলাৰ পৰা পত্নীপ্ৰসাদলৈকে চমুকৈ কৃষ্ণ লীলাৰ কথা উল্লেখ কৰিছে।


তৃতীয় অধ্যায় :- গুণমালা পুথিত তৃতীয় অধ্যায় কিছু দীঘলীয়া । এই অধ্যায়ত শ্ৰীকৃষ্ণ আৰু বলোৰামৰ 

লীলা, ইন্দ্ৰৰ যজ্ঞ ভংগৰ ঘটনাৰ পৰা চানুৰ-মুস্তিক দধৰ কথালৈকে ব্যক্ত কৰিছে।



চতুৰ্থ অধ্যায় :- চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণৰ কেইবাটাও বাল্য লীলাৰ কথা কংস বধলৈকে সাঙুৰি সংক্ষিপ্ত 

বৰ্ণণা কৰিছে।


পঞ্চম অধ্যায় :- গুণমালা পুথিৰ পঞ্চম অধ্যায়ত ভাগৱতৰ দশম স্কন্ধৰ বৰ্ণণা সুন্দৰকৈ প্ৰতিফলিত 

হৈছে। আৰু তাৰ লগতে শংকৰদেৱ গুৰুজনাই ক্ৰমিকভাৱে কৃষ্ণলীলা চমুকৈ উল্লেখ কৰিছে।



ষষ্ঠ অধ্যায় :- ষষ্ঠ অধ্যায়ত শংকৰদেৱ গুৰুজনাই ভগৱন্ত একাদশ স্কন্ধৰ কথা ভক্তিৰ ধাৰণাৰে পদবদ্ধ 

কৰোঁতে শ্ৰীকৃষ্ণই পৰম বান্ধৱ উদ্ধৱক ভক্তি তত্ত্ব আৰু মহত্ব আৰু কথায়ে দিয়া উপদেশ , ভগৱন্ত 

কৃষ্ণৰ ইচ্ছা অনুসৰিয়েই যদুকুল ধ্বংসৰ কথা, ভগৱন্ত কৃষ্ণৰ বৈকুন্ঠ প্ৰয়াণৰ কথা চমুকৈ ব্যক্ত কৰিছে।


আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত ধৰ্ম আৰু ধৰ্মীয় গ্ৰন্থ উতঃপোত ভাৱে জড়িত হৈ আছে। সেইবাবে 

হয়তো ধৰ্ম আৰু ধৰ্মীয় গ্ৰন্থৰ প্ৰাসংগিকতা যুগে যুগে থাকিব। ভাৰতীয় সংস্কৃতিৰ পূৰ্ণ মানৱ শ্ৰীকৃষ্ণৰ 

জীৱন আৰু কৰ্মৰ গুণ-গান কৰি ৰচনা কৰা হৈছিল গুণমালা পুথি খন। বিশাল মহাভাগৱতৰ ক্ষুদ্ৰতম 

সংস্কৰণ গুণমালালৈ ৰূপান্তৰ কৰাটো মহাপুৰুষ গুৰুজনাৰ সাহিত্য প্ৰতিভাৰ অন্যতম নিদৰ্শন। গুণমালা 

পুথি খনৰ ৰচনাৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে অসাধ্য সাধন 

কৰিছে। সেয়েহে ভক্তিতত্ত্বমূলক সাহিত্যত গুণমালা পুথিৰ স্থান নিঃসন্দেহে সকলোৰে উদ্ধৰ্ত। 

( অসমীয়া ৱিকিপিডিয়া আৰু আমি অসমীয়া ই-আলোচনীত প্ৰকাশিত প্ৰবন্ধ এটি আপোনালোকলৈ 

আগবঢ়ালোঁ, আৰু লগতে প্ৰবন্ধটোত ব্যৱহাৰ কৰা আলোকচিত্ৰখন হৈছে বৰদোৱাৰ কীৰ্ত্তন ঘৰৰ 

সমীপত শিল্পীৰ হাতত প্ৰাণ পাই উঠা মহাপুৰুষ জনাৰ এটি স্থায়ী মৃন্ময় মূৰ্ত্তি)



Thursday, 7 February 2013

বিষয়:-বৰ্তমানৰ ভ্ৰাম্যমান নাট্য দল কিছু নিকৃষ্ট মানদণ্ডৰ দৰ্শক আৰু মোৰ কিছু ক’বলগীয়া:-



 যোৱা ৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে আশীৰ্বাদ থিয়েটাৰৰ তৃতীয় নিশা মঞ্চস্থ কৰা অভিজিৎ ভট্টাচাৰ্যৰ ৰচিত 

নাটক মিছ অনামিকা গোস্বামী নাটখন উপভোগ কৰিলোঁ । সময়ে সময়ে এনে লাগিছিল যেন কিয় বাৰু 

আহিলোঁ এই নাটকখন চাবলৈ, কাহিনী গতানুগতিক, মাজে মাজে হিন্দী চিনেমাৰ দৰে নৃত্য ভংগিমা 

নায়ক নায়িকাৰ নিবিড় সান্নিধ্যৰ মুহূৰ্ত আৰু দূৰ্বল চিত্ৰ নাট্য গোটেইখিনিয়ে যেন মোক বৰ অহস্যকৰ 

কৰি তুলিলে অকল মোকেই নহয় প্ৰেক্ষাগৃহত উপস্থিত থকা প্ৰায়বোৰ দৰ্শককেই, তাৰ মাজতেই 

কোনোৱে কোনোৱে কোৱা শুনিলোঁ পইচা কেইটা পানীত হে পেলালোঁ। এতিয়া আচল কথালৈ আহোঁ 

ভ্ৰাম্যমান নাট্য দল সমূহ হৈছে জনগণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল সেই গতিকে সেই নাট্যদলৰ লোক 

সকলেও বুজি পোৱা উচিত যে কি ধৰণৰ নাটক পৰিৱেশন কৰা উচিত বা অনুচিত নাইবা কেনে ধৰণৰ 

নাটকে দৰ্শকসকলক আকৃষ্ট কৰিব পাৰে। এইখিনিতে আৰু এটা কথা কওঁ কিছুমান এনে শ্ৰেণীৰ দৰ্শক 

আছে , তেওঁলোক কবলৈ গলে নাট চাবলৈ অহাৰ পৰিৱৰ্তে যেন কেৱল অশ্লীল চিঞৰ, নিকৃষ্ট বাক্য 

নিক্ষেপ, আদি কৰিবৰ বাবেই প্ৰেক্ষাগৃহলৈ আহে, কাৰণ সেইসকলৰ  অশালীন মন্তব্যয়ে উপস্থিত 

দৰ্শকক মানসিক ভাৱে হাৰাশাস্তি দিয়াৰ লগতেই পৰিৱেশো বিনষ্ট কৰে। 

তেওঁলোকৰ বাৰু মস্তিষ্কই সেই সাধাৰণ সৌজন্যতাবোধ খিনিৰ কথাও ঢ়ুকি নাপায় নেকি।


Saturday, 2 February 2013

কবিতা







হৃদয়ৰ দুটা স্নেপশ্ব্ট:-



(১)



এটি ঠিকনা



দূৰ সীমনাত



অনাহূত পৰিচয়



তুমি অহাৰ বাবেই



সন্ধ্যা নামিছে জানা?



তোমাৰ দুচকুৰ উজ্জ্বলতাত



আশাবোৰ 



এতিয়া 



ৰঙীন হৈ পৰিছে।



(২)



উভতি যাম..... 



অনুভৱৰ বাটত



সপোনটিয়ে পোখা মেলিব



তুমি...



আঁকোৱালি ল’বা



আলফুলে নযহা নপমা



হৃদয়ৰ এটি কোণত।



( পৰিশিষ্ট:- কেতিয়াবা মন যায় হৃদয়ৰ কথা লিখিবলৈ)


Saturday, 26 January 2013

কবিতা



:উপহাৰ:

উপহাৰ

এখন সুন্দৰ পৃথিৱীৰ

জীয়াই আছো,

প্ৰয়োজন এটি প্ৰশ্নৰ উত্তৰ?

নিৰ্জনতাৰ অন্ধকাৰত গোপন অভিসাৰ

জন্মৰ পুৱা ক্ৰন্দন

আভিজাত্যৰ ডাষ্টবিনত

এতিয়া ক্ষুধাৰ তাড়না

পথৰ দাঁতিত চিৰাচিৰ সপোন

দেখিছা?

এবাৰ চোৱাচোন

আসঃ

তোমালোকৰ তৃপ্তিত 

সাৰ পাই উঠা মই এটি

গোপন উপহাৰ।

( জনসাধৰণ বাতৰি কাকতৰ দেওবৰীয়া বিশেষ কবিতা শিতানত প্ৰকাশিত ২৫-১১-২০১২)