Saturday, 23 November 2013

চিঠিৰ কথাৰে.......






(১)

:প্ৰিয় বন্ধু সমীপেষু: 

মৰমৰ

অৰুন্ধতী

তোমাৰ চিঠিখন পাই সঁচাই  ভাল লাগিল, তোমাক সেই আনন্দৰ কথা মই কিদৰে ব্যক্ত কৰিম এই চিঠিখনৰ জৰিয়তে ভাবিব পৰা নাই, এককথাত কওঁ বৰ্তমানৰ যুগত তুমি ই-মেইল, ফোন, নাইবা, ফেচবুকৰ পৰিৱৰ্তে মোলৈ বুলি এখন চিঠি লিখিছা, জানানে? আজিকালি আমাৰ গাঁওবোৰতো আগৰ দৰে চিঠিৰ প্ৰচলন নোহোৱাৰ দৰে হৈ পৰিছে।
চিনাকি ডাকোৱালজনক লগ পালে প্ৰায়ে সুধোঁ.... দাদা চিঠি আছে  নেকি মোৰ নামত? কিয় সুধোঁ জানানে, অলপ হলেও আশা আছিল মই তোমালৈ বুলি লিখা চিঠিখনৰ উত্তৰ পাম বুলি।

চিনাকি ডাকোৱালজনে প্ৰায়ে কয়, ভাইটি আজিকালি চাকৰিৰ নিযুক্তি পত্ৰ, প্ৰৱেশ পত্ৰ, চৰকাৰী নথি পত্ৰৰ, লগতে বিভিন্ন ধৰণৰ কাগজ পাতিহে আমি কঢ়িয়াই আনো, আগৰ দিন নাই... সেইবোৰ এতিয়া অতীত , আজিকালি মানুহবোৰ যিহে ব্যস্ত ঘৰৰ কাষতে থাকিও মাত এষাৰ নোপোৱাৰ দৰে , চিঠি লিখাৰ সময়।

হয়তো, ডাকোৱালজনে ঠিকেই কৈছিল, তথাপিও মই বাট চাই ৰৈছিলো!! কিন্তু আজি তুমি মোলৈ পঠোৱা চিঠিখনে সেই কথাবোৰ যেন পাহৰাই পেলালে, অতীত হৈ পৰা বুলি কোৱা চিঠিখনৰ সেই লেফাফাটোৰ প্ৰতি যেন মই এক তীব্ৰ আকষৰ্ণ অনুভৱ কৰিছিলো !!

বাৰু, এতিয়া চিঠিৰ মূল কথালৈ আহোঁ........

প্ৰথমে, তোমাক অভিনন্দন জনাইছো, এতিয়া তুমি অৰুন্ধতীৰ পৰা ডঃ অৰুন্ধতী নামেৰে পৰিচিত হলা !!

সঁচাকৈয়ে মই খুবেই সুখী অনুভৱ কৰিছো, মই সকলোকে কব পাৰিম, মোৰ লগত একেলগে পঢ়া অৰুন্ধতী এতিয়া ডঃ অৰুন্ধতী ল !! বেয়া পাইছা নেকি.... এনেকৈ কৈ থকাৰ বাবে, মই জানো তুমি এইবোৰ বৰ এটা ভাল নোপোৱা, তথাপি, মই যে তোমাৰ বিশেষ বন্ধুজন.... মোৰ হয়তো সেইখিনি অধিকাৰ আছে...?

কি ভাবিছা অসমলৈ অহাৰ কথা!! নে.. বাংগালোৰতে ?
মইয়ো জানো ইয়াত আমি এতিয়াও বাহিৰৰ ৰাজ্যবোৰৰ  তুলনাত অলপ লেও যেন  ৰবাত পিছ পৰি ৰৈছো,
কিন্তু কিয়..? আমি জানো জানিবৰ ইচ্ছা কৰিছো ইয়াৰ কাৰণ প্ৰতিবছৰেই হাজাৰ হাজাৰ শিক্ষাৰ্থী ইয়াৰ পৰা উচ্চ শিক্ষাৰ বাবে বাহিৰৰ ৰাজ্যসমূহলৈ ঢাপলি মেলে !! তুমিও হয়তো ইয়াৰ বিপৰীত নাছিলা !! এৰা, সকলোৱে নিজৰ কেৰিয়াৰটোৰ বাবে, জীৱনটোত কিবা এটা কৰিবৰ বাবে চেষ্টা কৰিবই !! নাইবা, মাক দেউতাকৰ উচ্চাকাংক্ষাৰ সপোনবোৰৰ প্ৰতি সন্মান জনাই নিজৰ সপোনবোৰ চেপি খুন্দি নিজৰ মাজতেই আবদ্ধ কৰি ৰাখে, কাৰণ, প্ৰথমে যে মাদেউতাৰ সপোন, তাৰ পিছত হে নিজৰ...

আমনি লাগিছে চাগৈ নহয় !! মোৰ এই দীঘলীয়া বেছি বেছি যেন লগা কথাবোৰ পঢ়ি !!

বা কিবা এটা থাকি গ, তুমি আগৰ চিঠিখনত সুধিছিলা? তুমি আগৰদৰে এতিয়াও লিখানে তোমাৰ অনুভৱবোৰ.....

সেইবাবেই আজি বহুদিনৰ  মূৰত তোমাৰ বাবে কিবা এটা  লিখিলো......

!!এৰাঁসূতিৰ সিপাৰেদি উকি  মাৰি পাৰ হৈ যায় এমুঠি  সান্নিধ্যৰ স্মৃতি !!

...... কেতিয়াবা নিৰ্লিপ্ত  হৈ পৰো, সেই দৃষ্টিত, যেন অৰ্থহীন, উদ্দেশ্যহীনভাবে হলেও পুনৰ আকৌ ঘূৰি চাওঁ.......
কোনোবা এটা প্ৰান্ততঃ
এটি গভীৰ সন্ধিয়া.....
অন্ততঃ
এবাৰলৈ লেও কথা পাতিম.............

তোমাৰ বেছি সময় নলওঁ দেই, হয়তো তোমাৰ দৰকাৰী কামৰ বাবে উলাই যাবলগীয়াও থাকিব পাৰে।

আজিলৈ আহিছো.......

তোমাৰ চিঠি পোৱাৰ আশাৰে.....
প্ৰান্ততঃ
তোমাৰ মৰমৰ বন্ধু
অনিৰ্বাণ 
৫/১/২০১২
-ইন্দ্ৰনীল গায়ন


 (২)
মৰমৰ
অৰুন্ধতী,
আশাকৰো কুশলে আছা, আজি বহুদিনৰ মূৰত তোমালৈ বুলি চিঠিখন লিখিলোঁ।
তুমি আহিবা বুলি তোমাৰ ঘৰৰ পদূলিমুখেৰে অহা যোৱা কৰিয়েই পাৰ হৈ গল পূজাৰ দিনকেইটা, আগৰ চিঠিখনত তুমি পূজাত আহিম বুলি কৈছিলা গভীৰ আস্থা, আৰু বিশ্বাসেৰে। সেই আস্থা, আৰু বিশ্বাসেৰেই ময়ো অপেক্ষাৰত ????
কিন্তু, তুমি নাহিলা, চিঠি এখনো নিলিখিলা।
জানাই দেখোন মই তোমাক….???
তথাপি, কিয় জানো কেতিয়াবা এনে লাগে তুমি যেন মোৰ পৰা লাহে লাহে দূৰলৈ গৈ আছা, বেয়া নাপাবা, মই অনুভৱ কৰা কথাটোহে কলোঁ, হয়তো তুমি নহাৰ বাবেই মোৰ অভিমানবোৰ ক্ৰমে বাঢ়ি গৈছে।
কি হল কি ভাবিছা ……
ধেৎ ময়ো যে ইমান দিনৰ মূৰত তোমালৈ চিঠিখন লিখিছোঁ, তোমাৰ মনটোত দুখ দিবৰ বাবেহে ভাবিবও পাৰা ইমান খং ,অভিমানেৰে লিখা চিঠি নপঢ়োঁ যা !!!
হয়তো?
ধূলি ধূসৰিত স্মৃতিৰ পেৰাটোৰ পৰা দুখবোৰ নিগৰি আহিছিল !!
গোপনে উচুপি উঠিছা চাগৈ তুমি
মই ..??
মইতো দেখা নাই……

মই যে তোমাক বহুদিন দেখা নাই, সেইবাবেই এই অভিমান, তুমি কেৱল ভুল নুবুজিবা!!
কেতিয়াবা কিয় জানো এনে লাগে মই যেন মাথোঁ অন্তহীন অপেক্ষাৰ শীৰ্ষস্থানত ৰৈ থকা এজন বাট হেৰুওৱা পথিকৰ দৰেই…..
বুকুৰ পৰা বুকুলৈ সীমাহীন যন্ত্ৰণা, তুমি অনুভৱ কৰানে মোৰ দৰেই।
ভবাটো নহয় কেতিয়াও, কেৱল হৈ যায়.. নহয় নে…???
সেইদিনা হঠাতে খিড়িকীখনৰে সোমাই অহা বৰষুণৰ টোপালবোৰে মোক স্পৰ্শ কৰিছিল।
আস..
মই যেন আকৌ অনুভৱ কৰিছিলো সেই দিনটো জানানে??
তুমি য়ে চিঞৰি চিঞৰি কৈছিলা,
মই তোমাক ভালপাওঁ
পাহাৰৰ ইটো-পাৰৰ পৰাও ভাঁহি আহিছিল
সেই একেই কন্ঠস্বৰ: মই…………….!!
সেয়া যেন জীৱনৰ এক অনন্য সুখময় সময় আছিল..
ভালপোৱা.. ভালপোৱাভালপোৱা…..
ময়ো বুজি পাওঁ বাংগালোৰ আমাৰ অসমৰ দৰে নহয় !! প্ৰতিটো মুহূৰ্ততেই যেন একো একোটা নতুন প্ৰত্যাহ্বান !! পৰিৱৰ্তনশীল সময়ৰ সৈতে আগবাঢ়ে আমাৰ জীৱনৰ পথ, ঠিক সেইদৰে আমিও আগবাঢ়োঁ!!
কিয়নো….
আশাৰ পৰিধিৰেই আৰম্ভ হয় জীৱন।
আজিলৈ আহিছোঁ
তোমাৰ চিঠি পোৱাৰ আশাৰে!!
ইতি,
তোমাৰ
অনিৰ্বাণ
২৮/১০/২০১৩
 -ইন্দ্ৰনীল গায়ন




 (৩)

 মৰমৰ


অৰুন্ধতী

আশাকৰো তুমি কুশলে আছা !! আজি প্ৰায় এমাহৰ পিছত তোমাৰ চিঠিখন পালো !! চিঠিখন পঢ়ি মোৰ মনলৈ অহা ভাবখিনি তোমালৈ বুলি পুনৰাই লিখি পেলালো !! 

তুমি কৈছিলা-

ভগা সপোনৰ টুকুৰাবোৰত উজ্জ্বলি উঠা নাছিল সেই ৰংৰ প্ৰতিচ্ছবি..

কিয় বাৰু??

আমাৰ মাজৰ নীৰৱতাবোৰ অসহজ হৈ পৰিছিল
যেন
বিষণ্ণ চকুত প্ৰতিনিয়ত ভালপোৱাৰ ঠিকনা !!মইতো কেতিয়াও কোৱা নাছিলো জোনাকবোৰ ছটিয়াই দিম তোমাৰ গালে মুখে, জনা নাছিলো একান্ত ব্যক্তিগত কথাবোৰ।
হয়তো....
মোৰ ভুল..? 
উহু নহয় !!
সন্ধ্যাৰ আকাশখনত অজান সুৰ এটি হৈ নীড়হাৰা পখীজাক গুছি গ’ল..
মই মাথো নিৰ্বিকাৰ হৈ চাই ৰ’লো !! নিৰ্যাহ বেলিটোলৈ......
ঠিক সেই সময়খিনিতে কোনে জানো কাণে কাণে কৈ গ’ল.. কি আছে এই বিশ্বাস অবিশ্বাসৰ মাজৰ প্ৰত্যয়টোত..??

সঁচাকৈয়ে
নীৰৱতাৰো হেনো থাকে বহু গোপন কথা !!

বাট চাম, তুমি আহিবা .... !!
কথা পাতিম ।

চিঠিৰ উত্তৰ পোৱাৰ আশাৰে..........

প্ৰান্তত

তোমাৰ

অনিৰ্বাণ

২১/১১/২০১৩
-       ইন্দ্ৰনীল গায়ন

:প্ৰহেলিকা:





 অহাৰ বাটেৰে উভতি যায়
   আৰু
 মই বিচাৰি ফুৰো
 তেওঁ পিন্ধা নূপুৰৰ ৰুণজুন ৰুণজুন শব্দবোৰ
 ক্ৰমশঃ
 নিশাৰ চঞ্চল বতাহজাকত
 উশাহৰ চাকনৈয়া !!

-ইন্দ্ৰনীল গায়ন

( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)


:গল্প:





:গল্প:
:২৪ ঘন্টাৰ কাহিনী:
মৰমবোৰ আজুৰি অনাৰ কথা নাছিল, সকলোবোৰ যেন হঠাতেই হৈ গৈছিল
কিয় জানো কেইদিনমানৰ পৰা  নিজৰ মনটোক বুজাব পৰা নাই,
সদায়ে কেৱল মইয়ে কিয়..??

 এই যে “মই” চৰিত্ৰটো বৰ জটিল!! কি ভাবত জানো বিভোৰ হৈ থাকে, গল্পটোৰ ঠিক নায়ক বুলিও ক’ব   নোৱাৰি...
  বাৰু.. থাককচোন....
  হিচাপ নিকাচবোৰ পিছতো কৰিব পাৰিম মানে গল্পটোত “ মই” চৰিত্ৰটোৰ ভূমিকা কিমান।  
    “এভিৰিথিং ইজ ফেয়াৰ এন লাভ এন ৱাৰ”
   ৱাহ.... কি হ’ল অ’ বেলেগ দেখোন
ধেই.. কি বেলেগ দেখিলি তই....
  (গল্পটোত সিহঁতৰ আড্ডা দিয়া ঠাইৰ  চৰিত্ৰ “ মই” আৰু “তই” ৰ মাজত হোৱা কথোপকথনৰ কিছু অংশ)
  আৰে বেতা তোৰ লাভ ষ্টৰী কিমানদূৰ পালেগৈ অ’ আমাকো ক’চোন অলপ
ঐ.. এইবোৰ কথা  সুধি থাকি মোৰ মূৰটো গৰম কৰি নল’বি কিন্তু কৈ দিছো
হ্ম্ম... মানে তোৰ মূৰত এতিয়া ৱাৰ চলি আছে......
 ( চৰিত্ৰ “ তই” য়ে “মই” চৰিত্ৰটোক অলপমান ইতিকিং সুৰত কৈছে এই কথাখিনি)
   
  বাৰু হব হমোক ইতিকিং কৰি লাজ দিব নালাগে, চাম নহয় তহঁতৰ ষ্টৰীবোৰো !!
  গল্পটোৰ বিষয়বস্তু গভীৰ নহয়,   আজিকালি অ’ত ত’ত আড্ডা দি থকা পাতলীয়া বয়সৰ ল’ৰাবোৰৰ মাজতেই  কেতিয়াবা প্লট বিচাৰি পোৱা যায়
পাঠক সকলে চাগৈ ভাবিছে এইটো কিবা গল্প নেকি.. হাঃ হাঃ সঁচাকৈ কওঁ মোৰো হাঁহিবৰ মন গৈছে গল্পটোৰ নক্সা দেখি.....
তথাপি এপাক ঘূৰি যাওঁ গল্পটোৰ মাজলৈ...

ঐ তহঁত যাবি নে এতিয়া?? আমি যাওঁ
   ( ব্ৰেকগ্ৰাউণ্ডত বাজি আছে বাবা খোৱা উৰি যোৱা, .... !!!....)
চালাঃ উৰি গৈছো বেঃ
( এইবোৰ ল’ৰাক দেখিলে পাঠকে বাৰু কি ভাবে....???)
সঁচাকৈ জীৱনৰ অতিকৈ মূল্যবান সময়বোৰ এনেদৰে অপব্যায় কৰি আছে, দেখিব এটা সময়ত এইবোৰ কথা ভাবিয়েই জীৱনটোক পুনৰাই আৰম্ভ কৰিম বুলি ভাবিলেও আৰম্ভ কৰিব নোৱাৰিব কাৰণ সময় যে তেনেই তাকৰ)
চৰিত্ৰ “ মই” সিহঁতৰ একেবাৰে বিপৰীত, কিন্তু একেলগে একেখন কলেজতে পঢ়ে বাবে টিউচন আদিলৈ যাওঁতে কেতিয়াবা “ তই” নামৰ চৰিত্ৰবোৰৰ লগতো যাব লগা হয়, তাৰ বাইক নাই, আৰু ঘৰৰ পৰা টিউচনলৈও বহুত দূৰ, সেইবাবে যাবলগীয়াত পৰে!!
:::::::::::::::::::::::
সদায়ে কেৱল “ মই” য়ে কিয়......?????
উত্তৰ:- মাজে মাজে..কথাবোৰ নভবাকৈয়ে হৈ যায়, কাৰণবোৰ অহেতুকো বিশ্লেষণ কৰাৰ প্ৰয়োজনবোধ কোনেও নকৰিলে.... চৰিত্ৰ “মই” যেন দুখত ভাগি পৰিছে..... (বেকগ্ৰাউণ্ডত বাজি আছিল.... তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে
 :::::::::::::::
 কি হৈছিল ,কিয় হৈছিল.......  কথাবোৰ আজিলৈ কোনেও নাজানিলে.....
তাৰ মৃত্যুৰ কাৰণ আপোনালোকে জানে নেকি???


-            -ইন্দ্ৰনীল গায়ন



: ঠিকনা:

     

 এটি শব্দহীন ঠিকনা.....
    ক’ৰবাত ৰিণি ৰিণি শুনো....
     উহু....
  নাই দেখোন....
  বাঁহীৰ সুৰৰ সৈতে উজাগৰী নিশাটো পাৰ কৰো,
     আঃ
  আজিও ....???
  এখন্তেক
স্মৃতিৰ দলিচাখনত বহি  জিৰণি লৈছিল
    নিঃসংগতা হেঁনো  তেওঁৰ প্ৰিয় সংগী..
      তথাপি…
   চকুৱে, মুখে দেখোন বিষণ্ণতাৰ দাগ….
    কি হেৰুৱাইছে  আপুনি…???
-       ইন্দ্ৰনীল গায়ন



Wednesday, 13 November 2013

: অব্যক্ত:



এনেকৈয়ে গুচি যাম, ...
তুমি নাভাবিবা অসুখী বুলি
::::::::

জীৱনৰ কেইবাটাও বসন্ত পাৰ হৈ গৈছিল
সিহঁতৰ অলক্ষিতে....

সাতটা কোঠালীযুক্ত ঘৰটোত তেওঁ এতিয়া অকলশৰীয়া, কাম কৰা ৰা এজন লগত ৰাখিছে ঘৰৰ প্ৰয়োজনীয় কাম-কাজবোৰৰ বাবে, বৰ্তমান সংখ্যাত মানুহ বুলিবলৈ সিমানেই

ভুল..?

কাৰ আছিল...
তেওঁৰ নে মোৰ..?
এই প্ৰশ্নটোৱেই তেওঁক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলে.....
হঠাতে....
কোঠালীটোৰ লগত সংযুক্ত বেলকণিটোলৈ উঠি গৈ সদায়ে বহাৰ দৰে সেই নিৰ্দিষ্ট আৰামী চকীখনত তেওঁ বহি পৰিল !!

ওন্দোলাই অহা মেঘৰ মাজত জোনবাইজনী ক্ৰমশঃ লুকাই পৰিছে.....

চকীখনতেই বহি থাকি বহুপৰ আকাশখনলৈ চাই থাকিল, যেন নিজৰ মাজেতেই বিভোৰ হৈ কিবা ভাবি আছিল.....

এৰা,
অতীতৰ স্মৃতিবোৰে প্ৰায়ে বুকুত খুন্দা মাৰি ধৰে....
তেওঁ যেন ক্ৰমে অসীমতৰ গভীৰৰ পৰা গভীৰতালৈ সোমাই পৰিছে
এটা বৃত্তৰ পৰিধিৰ মাজত।।

ইন্দ্ৰনীল গায়ন

এখন ডায়েৰীৰ কথাৰে :-


প্ৰস্তাৱনা :-
নৈখনৰ পাৰত অস্তমিত বেলিটোলৈ চাই তেওঁ কৈছিল
   “ হয়তো.. এনেকৈয়ে .....
শেষ হয় এটি বৰ্ণনাতীত অতীত”
 .......লাহে লাহে লুটিয়াই গৈছিলো
   ডায়েৰীৰ পৃষ্ঠাবোৰ.....

৩১/১২/২০০৩ :-

কোঠাটোত থকা সেই বিশেষ কেনভাছখনলৈ এপলক চাই ৰৈছিল....
   নিথৰ হৈ পৰি থকা ৰংবোৰে যেন
       অট্টাহাস্য কৰিছিল...
  নাই..  নাই....
এনেকুৱা হ’ব নোৱাৰে...
মই আকৌ আঁকিম সেই ছবি...
( যিখন ছবি আজি এটা বছৰে অঁকা নহ’ল)

৫/২/২০০৪ :-
  এটি সতেজ নিয়ৰসিক্ত পুৱাত...
    খিৰিকীখন খুলি দিছিলো
    আস....
    সংগোপনে তেওঁ যেন মোৰ বাবে ৰৈ আছে...
     ( আজিও অপেক্ষাৰত....... ???)

১৪/২/২০০৪
আজি ভালপোৱাৰ দিন..??
 হয়তো হ’ব পাৰে,
 ভালপোৱা কেৱল এটা দিনৰ বাবে নহয়....
 ভালপোৱাৰ সংজ্ঞা :- হৃদয়ৰ পৰা হৃদয়লৈ
অৱধাৰিত এখনি নৈ......
স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন একোটি অদ্বিতীয় প্ৰেমৰো হব পাৰে ভিন ভিন নাম"
সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।

২০/৪/২০০৪ :-

এটি অন্তৰংগ আলাপ....
ভাল লাগিল,
হয়তো, তুমি অহাৰ বাবেই বিশেষ হৈ পৰিছিল সেই সন্ধ্যাটো !!
 
২৫/৫/২০০৪ :-
   বেলিভিউ কেঁকুৰিত নীড়হাৰা পখীৰ আকুলি বিননি...
       সন্ধ্যাৰ আকাশত আল্পনাহীন ডুখৰীয়া স্কেচ্ছ...
   আজি, পালতৰা নাওখনৰ সৈতে সন্ধিয়াটো পাৰ কৰিম বুলিয়ে এনেদৰে ওলাই আহিছো,
      নৈপৰীয়া বতাহজাক আমাৰ সংগী হ’ব ( মানে তোমাৰ আৰু মোৰ)

১৫/৫/২০০৪
টিক !! টিক
এয়া গতিশীল সময়ৰ আহ্বান....
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰো, মাথো নাম দিব পাৰো
“ নীৰৱতাত স্তব্ধ সময়ৰ প্ৰতিধ্বনি ”
 বিশেষ একো নাই লিখিবলৈ.....
    যেন উজাই অহা আৱেগৰ পদূলিত সৰি পৰিব খোজা দুটোপাল সিক্ত অশ্ৰু......

২০/৬/২০০৪
 “ এক জালনা জোসনা ঢুকেছে
    তোমার বাসরে
   ধরোণা
ভেঙে যাব রাত্রির স্বপ্নগুলো”
 কেতিয়াবা মন যায় লিখিবলৈ.....
“এখিৰিকী জোনাক সোমাইছে তোমাৰ শেতেলীত
    নুচুবা
  ভাঙি যাব নিশাৰ সপোনবোৰ ”
 ::::::
আশাবোৰ হয়তো  এনেকুৱাই  নহয় নে বাৰু...?? কিঞ্চিত কিঞ্চিত ……

৩০/৭/২০০৪ :-
আজি প্ৰায় এমাহৰ পিছত......
চিঠিখন পঠালা
উত্তৰটো কিছু অসংলগ্ন.....
মইতো কেতিয়াও কোৱা নাছিলো
 জোনাকবোৰ ছটিয়াই দিম তোমাৰ গালে মুখে
জনা নাছিলো একান্ত ব্যক্তিগত কথাবোৰ
 হয়তো....
 মোৰ ভুল..?
 উহু নহয় !!

১০/৯/২০০৪ :-

কি আছে এই বিশ্বাস অবিশ্বাসৰ মাজৰ প্ৰত্যয়টোত..??
 মৌনতাই বহু কথা কয়.... !!
 বাট চাম, তুমি আহিবা .... !!
৫/১০/২০০৪ :-
দূৰৈত সৌৱা..
   বাঁহীৰ সুৰ
নবজাবি অ’ বৰ কষ্ট হয়.....
“ অনুভৱ কৰো তোমাক প্ৰতিটো সুৰত সমৰ্পিত হৃদয়ৰ সমগ্ৰ শূন্যতাত ”
      .... শূন্যৰ কোনো অস্তিত্ব নাই....

১৮/১০/২০০৪ :-
অন্ততঃ
এবাৰ,
নাই নালাগে, নিজকে বৰ স্বাৰ্থপৰ যেন লাগিব.......
  নিশা হ’লে প্ৰায়ে সুহুৰিয়ায়
গভীৰ হৈ পৰে দুখবোৰ...

১/১১/২০০৪ :-
 তুমি উভতি আহিলা ........
  সময়বোৰ আলফুলে গুজি দিয়াৰ কথা আছিল তোমাৰ দুহাতত
    দুপৰীয়াৰ ৰ’দজাক চঞ্চল হোৱা নাছিল
ঠিক তোমাৰ দৰেই....

২০/১২/২০০৪ :-
   The Moment you Have in Your Heart This extra ordinary thing called
                           “Love”
          And Fell the depth, The delight, the ectasy of it
     You will discover that For you The World is Transformed

    উভতি যাম অনুভৱৰ বাটত সপোনটিয়ে পোখা মেলিব......
            তুমি আঁকোৱালি ল’বা আলফুলে........

      ৩১/১২/২০০৪ :-
এয়াই হয়তো .....
   “ভালপোৱা”
কেৱল অনুভৱ হয় হৃদয়ৰ পৰা হৃদয়লৈ...
 সংগোপনে !!
উপসংহাৰ :-
    আশাৰ পৰিধিৰেই আৰম্ভ হয় জীৱন,
 (এই ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে এটা চৰিত্ৰৰ কাল্পনিক অধ্যায়....)
    (সম্পূৰ্ণ কাল্পনিক)

ইন্দ্ৰনীল গায়ন

........ৱেলেচলি ষ্ট্ৰীট আৰু ভায়’লিনখনৰ কথাৰে...........


প্ৰস্তাৱনা:-
ক্ৰমান্বয়ে তেওঁ মোৰ বুকুৰ পৰা আঁতৰি গৈছে.....
  কাংক্ষিত নাছিল....
  দুখবোৰে হয়তো !!
এনেকৈয়ে ঘৰ সাজে...... ???

 যদি তোর  ডাক শুনে কেউ না আসে  তবে  একলা চলো রে।
একলা চলো,  একলা চলো, একলা চলো,  একলা চলো রে॥
এইয়া কলকতাৰ এটি ব্যস্ততাপূৰ্ণ ৱেলেচলী ষ্ট্ৰীটত থকা সেই বিশেষ ঘৰটোৰ পৰা ভায়’লিনখনৰে ভাহি অহা এক সুমধুৰ ৰবীন্দ্ৰ সংগীতৰ এটি স্বৰ....
ভিৰৰ মাজেৰে পাৰ হৈ গৈ আছে অজস্ৰজন লোক......
তথাপি সেই ঠাইখিনি যেন তাৰ বাবে  অচিনাকি....
আচলতে,

আজি  সি তেনেধৰণৰে অনুভৱহে কৰিছে....
কিয় বাৰু...?
ট্ৰামখনৰ বাবে ৰৈ থাকি থাকি সি ভাবি আছিল.....
হঠাতে....
 হাতত ভায়’লিনখন লৈ ছোৱালীজনী সেই বিশেষ  ঘৰটোৰ পৰা উলাই আহিছিল.....
      প্ৰায়ে অহা যোৱা কৰে তাই এই পথৰে...
        নামটো  সোধাঁ নহ’ল......
সদায়ে উভতি অহাৰ দৰে সি আজিও উভতি আহিল !!
 “ কেতিয়াবা অহামিকা নিশাত ভায়’লিনৰ সুৰবোৰ নিগৰি আহে...
      খিৰিকীমুখত যে....
এতিয়া মৌনতাৰ সমদল
হেৰুৱা সময়ৰ হেঁনো কোনো নাম নাথাকে ”
 কিবা এটা লিখি পেলাইছিল
সি ডায়েৰীৰ উকা পৃষ্ঠাটোত !!
 উপসংহাৰ :- সি কাহানিও, ঘৰ সজা নাছিল  কাৰণ.... ?
             অঘৰী মানুহবোৰ এনেকুৱাই নিঃসংগ।
            টোকা ( ৱেলেচলী ষ্ট্ৰীট কলকতা চহৰৰ এটি পথৰ নাম)