Friday, 10 May 2013

এটি স্তৱক ভালপোৱাৰ



স্তিমিত জোনাকত 

তোমাৰ সৈতে বহি কথা পাতিম
হৃদয়খনো লৈ আহিবা !!
একো নেহেৰুৱাও
মাথো তোমাৰ হাতত গুজি দিম
ভালপোৱা নামৰ সপোনটো।

( খবৰ কাকতত প্ৰকাশত)

Friday, 26 April 2013

কবিতা


:মহানগৰৰ দুটা স্তৱক:


(১)



কৃষ্ণচুড়াৰ দেশলৈ গৈছিলো 
সপোন এটা বন্ধকীত থ’বলৈ ৷
বৰষুণজাক আহিল,
তিতিলো ৷
তোমাক আকৌ লগ পাম
সময় ৰৈ যাব
মই ওভতি আহিম৷



(২)

নিশা হ’লে ব্যস্ত পথটো

নিসংগ হৈ পৰে

আৰু 

ষ্ট্ৰীটলাইটবোৰ ৰখীয়া

বেশ্যাজনী ৰৈ থাকে বেনামী ঠিকনাটোলৈ ৷ 


Wednesday, 10 April 2013

অনুভৱৰ অৱকাশ কথাৰে


মৌন ওঁঠ!! মৌনতাই কেতিয়াবা বহু কথা কয় !!

আধৰুৱা চিঠি !!

কেতিয়াবা বগা কাগজ এখিলাত আঁক বাক কৰোঁ

ভুল বুজিছা !! সেইয়া কবিতা নহয়
অথচ !!

সাঁচি ৰাখো আকাৰ দিবলৈ
শূন্য সময়ৰ !!

Tuesday, 9 April 2013

কবিতা


:অৰুন্ধতী তোমালৈ :


সপোন এটা আছিল

তোমাৰ সৈতে

ওৰেটো জীৱন

বাট বুলাৰ কথা আছিল !!

 হৃদয় হেৰায় !!

 ঠিকনা... ?

 হুমুনিয়াহ এটি হৈ বাগৰ

    সলায়।

পৰিশিষ্ট:- কাল্পনিক চিত্ৰকল্প

Monday, 1 April 2013

কবিতা


:স্পৰ্শ:


স্পন্দনবোৰ  নিস্তেজ হৈ পৰিল



 নিৰ্জনতাত



স্পৰ্শ কৰিব খুজিও স্পৰ্শিত হোৱা নাছিল

মৌনতাৰ ক্ষণবোৰ

পুনঃ

ব্যথিত হৃদয়ত

বন্ধ্যা সময়ৰ উষ্ম আলিংগন।

Wednesday, 27 March 2013

জীৱনৰ ৰং



ৰং কিনিবা কোনে ঐ
ৰং কিনিবা কোনে?
মোনা ভৰাই ৰং আনিছো
কিনা মোনে মোনে। - ডঃ ভূপেন হাজৰিকা

সঁচাকৈয়ে জীৱন হৈছে বিভিন্ন ৰঙৰে সমৃদ্ধ, এই ৰংবোৰে মানুহক লৈ যায় কিছুমান বিশেষ মুহূৰ্তৰ সমষ্টিলৈ, ধূলি ধূসৰিত স্মৃতিবোৰ হয়তো এতিয়াও সজীৱ হৈ আছে, শৈশৱ, কৈশোৰ কিম্বা যৌৱনৰ। 

বহুতৰেই ডায়েৰীৰ পৃষ্ঠাত লিখি ৰখা হৈছে জীৱনৰ বহু ৰঙী দিনবোৰৰ কথা !!
আকৌ এবাৰ ঘূৰি চাওকচোন সেই নষ্টালজিক দিনবোৰলৈ বিচাৰি পাব ৰামধেনুৰ সাতোঁ ৰঙৰে উপচি পৰা নিজৰ জীৱনটোক।

Monday, 25 March 2013

কবিতা


:বাঁহী:



শুনিছানে .....

অনুভৱ কৰো
তোমাক

প্ৰতিটো সুৰত

সমৰ্পিত 

হৃদয়ৰ সমগ্ৰ শূন্যতাত|