Wednesday, 27 March 2013

জীৱনৰ ৰং



ৰং কিনিবা কোনে ঐ
ৰং কিনিবা কোনে?
মোনা ভৰাই ৰং আনিছো
কিনা মোনে মোনে। - ডঃ ভূপেন হাজৰিকা

সঁচাকৈয়ে জীৱন হৈছে বিভিন্ন ৰঙৰে সমৃদ্ধ, এই ৰংবোৰে মানুহক লৈ যায় কিছুমান বিশেষ মুহূৰ্তৰ সমষ্টিলৈ, ধূলি ধূসৰিত স্মৃতিবোৰ হয়তো এতিয়াও সজীৱ হৈ আছে, শৈশৱ, কৈশোৰ কিম্বা যৌৱনৰ। 

বহুতৰেই ডায়েৰীৰ পৃষ্ঠাত লিখি ৰখা হৈছে জীৱনৰ বহু ৰঙী দিনবোৰৰ কথা !!
আকৌ এবাৰ ঘূৰি চাওকচোন সেই নষ্টালজিক দিনবোৰলৈ বিচাৰি পাব ৰামধেনুৰ সাতোঁ ৰঙৰে উপচি পৰা নিজৰ জীৱনটোক।

Monday, 25 March 2013

কবিতা


:বাঁহী:



শুনিছানে .....

অনুভৱ কৰো
তোমাক

প্ৰতিটো সুৰত

সমৰ্পিত 

হৃদয়ৰ সমগ্ৰ শূন্যতাত| 




কবিতা



:পৃষ্ঠা:

পৃষ্ঠাবোৰ পুৰণি হৈছে
শব্দবোৰ
অচিনাকি
অস্পষ্ট

এতিয়া......
মাথো ঔদাসীন্য অন্ধকাৰৰ 
মাজত দোৰোল খাই পৰিছে
স্মৃতিৰ এখিলা দুখিলা
মদৰুৱা পাত।

Friday, 22 March 2013

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ বোলছবিৰ কিছু কথাৰে :-


  ড০ ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতিমান পৰিচালক । তেওঁৰ প্ৰত্যেকখন বোলছবিয়ে ৰুচি আৰু কলাত্মক সম্পন্ন । তেওঁৰ সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, ইতিহাস আৰু সাৰথি আদি চলচ্চিত্ৰ কাহিনীয়ে জনসাধৰণৰ দ্বাৰা প্ৰভূত সমাদৃত হৈছে ।

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ বোলছবি সমূহৰ ভিতৰত:- সন্ধ্যাৰাগ (১৯৭৮), অনিৰ্বাণ ( ১৯৮১), কোলাহল ( ১৯৮৮), সাৰথি 
( ১৯৯২), আৱৰ্তন ( ১৯৯৪), ইতিহাস ( ১৯৯৬), আদি চলচ্চিত্ৰৰ বাবে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল ।

তেওঁ ১৯৮৫ চনত " অগ্নিস্নান " ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছে । তেওঁৰ এই
চলচ্চিত্ৰখন ১৯৮৬ চনত ভাৰতত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল ।

মই বৰ্তমানলৈকে তেওঁৰ সন্ধ্যাৰাগ, অগ্নিস্নান, ইতিহাস, কোলাহল, আৱৰ্তন এই বোলছবি কেইখন চোৱাৰ সৌভাগ্য হৈছে । সঁচাকৈয়ে ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ বোলছবি সমূহৰ ভিতৰত সমাজ আৰু জীৱনৰ বিভিন্ন চৰিত্ৰ তেওঁৰ কাহিনীৰ জৰিয়তে প্ৰতিফলিত হোৱা দেখা যায় । তেখেতৰ বোলছবি সমূহে মোক যথেষ্ট পৰিমানে অনুপ্ৰাণিত কৰে । বিশেষকৈ তেওঁৰ নিখুঁত চৰিত্ৰ সমূহৰ পৰিকল্পনা, গভীৰ পৰ্যবেক্ষণ শৈলী, আৰু কাহিনীসমূহ ফুটাই তুলিবৰ বাবে কাহিনীটোৰ মাজেৰে সামাজিক আৰু মানৱীয় দৃষ্টিৰে আলোকপাত কৰা দেখা যায়, সেইবাবেই হয়তো তেখেতৰ লেখনিয়ে হওঁক বা বোলছবিয়ে প্ৰতিটো চৰিত্ৰৰ সৃষ্টিয়ে মোক বাৰুকৈয়ে চুঁই যায়।




Wednesday, 20 March 2013

আনন্দিৰাম দাস আৰু বনগীতৰ প্রভাৱ



গুৱাহাটীৰ খাৰঘূলি অঞ্চলৰ এজন যুৱক আছিল আনন্দিৰাম দাস, তেৱেই পিচলৈ বনগীত শ্ৰষ্টা বুলি স্বীকৃত হৈ অসমীয়া গীতি সাহিত্যত এক চিৰস্থায়ী আসন লাভ কৰিছিল। তেওঁক বনকোঁৱৰ উপাধিৰে ভূষিত হৈছিল। সেয়েহে, বনগীত বুলিলেই সকলোৱে আনন্দিৰাম দাসক সোঁৱৰে ।বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ আনন্দিৰাম দাসৰ বনগীত সমূহ অতিকৈ প্ৰিয় আছিল। ৰাভাদেৱে উপলব্ধি কৰিছিল যে আনন্দিৰাম দাসে তেওঁৰ উপদেশ "বনগীত সুৰীয়া, বনগীত সুৰীয়া অগোৱা অসমীয়া প্ৰাণ মন ভৰি " আখৰে আখৰে পালন কৰিছিল। সেয়েহে বিষ্ণু প্ৰসাদ ৰাভাদেৱে নিজৰ বিশেষ আগ্ৰহ থকা সত্বেও তেওঁ দুই এটা বনগীত ৰচাৰ পাছত বনগীত ৰচিবলৈ এৰি আনন্দিৰাম দাস দেৱৰ ৰচিত বনগীত সমূহকেই স্বীকৃতি দিয়াৰ লগতে উৎসাহো দিছিল। বিষ্ণু প্ৰসাদ ৰাভাদেৱে নিজৰ উদ্যমৰে আনন্দিৰাম দাস দেৱৰ দুটা বনগীত বাণীৱদ্ব কৰায়। সেই বনগীত কেইটা হৈছে : - কমল নাৰায়ন চৌধুৰীৰ কন্ঠত প্ৰাণ পাই উঠা অতি সুন্দৰকৈ " তুমি কোন বসন্তৰ প্ৰথম পুৱা " আৰু সেই সময়ৰ শিশু শিল্পী সুদক্ষিণা শৰ্মাৰ কন্ঠত " দূৰণিৰ সৌ ৰিণি ৰিণি "

সেই সময়ত এজন শিল্পীৰ আন এজন একে বয়সীয়া শিল্পীৰ প্ৰতি এনে এক সদ্ভাব সচাঁকৈয়ে আদশৰ্নীয় বুলি কব লাগিব আৰু এই মৰম আৰু চেনেহৰ জৰিয়তেই বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মাৰ্ক্স আদৰ্শ কেনেদৰে নিজৰ জীৱনত প্ৰয়োগ কৰিছিল তাৰ প্ৰমান দাঙি ধৰা দেখা গৈছিল। 


Sunday, 17 March 2013

কবি নীলমণি ফুকন দেৱৰ বিষয়ে এক চমু আলোকপাত:-


   কবি নীলমণি ফুকনদেৱে তেওঁৰ স্বনিৰ্বাচিত কাব্যগ্ৰন্থ কবিতা” (১৯৮০)ৰ কাৰণে ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা অৰ্জন কৰি তেওঁৰ কাব্য প্ৰতিভা সৰ্বভাৰতত প্ৰতিষ্ঠা কৰিলে। তেওঁ এই পুৰষ্কাৰ পোৱাৰ সময়ত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এনেদৰে -কাব্যৰ সাধাৰণ পঢ়ুৱৈ হিচাপে মোৰ কাব্যৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। খুব বেছি বাতৰি কাকতত মোৰ নামটো প্ৰচাৰ হব। মানুহে জানিব এই নামেৰে এজন লোক আছে।” “কবিতাতেওঁৰ কবি জীৱনৰ উল্লেখযোগ্য স্বাক্ষৰ। ১৯৭৫ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ৰচনা কৰা কবিতাসমূহ ইয়াত সন্নিৱিষ্ট হৈ আছে। নীলমণি ফুকনদেৱৰ কবিতাত ব্যৱহাৰ হোৱা উপমা, চিত্ৰকল্প আৰু প্ৰতীকৰ ব্যৱহাৰত কবিগৰাকীৰ গভীৰ অধ্যয়নশীল মনৰ নিদৰ্শন পোৱা যায়।
তেখেতৰ কবিতাৰ কেইটিমান নিদৰ্শন তলত উদ্ধৃত কৰা হল:

(১)
ওখ ওখ এজাৰ গছৰ ছাঁত
মূৰ্ছা গৈ পৰি আছে
মোৰ শৈশৱ
……..
মূৰৰ ওপৰৰ সূৰ্য্যলৈ মুখ কৰি
থিয় দি আছে.
এজন নিঃসংগ মানুহ  (তেজ)

(২)
ৰাতিৰ বৃন্দাবনৰ মাজেৰে
গৈ আছোঁ
জোনাকত ছাঁ এটা হৈ তিৰোতা এজনী
মোৰ লগে লগে গৈ আছে
তাই চিঞৰিবলৈ বিচাৰিছে
চিঞৰিব নোৱাৰে
তাই কান্দিবলৈ বিচাৰিছে
তাই তোমালোক প্ৰেমিকবোৰক বিচাৰিছে” (ৰাতিৰ বৃন্দাবনৰ মাজেৰে)

(৩)
শব্দৰ শংখ
সেই ৰহস্য
নিৰ্জন আৰ্তি
সেই ৰহস্য
অহৰহ মই সেই আৱহমান ৰহস্যৰ অনুসন্ধান কৰোঁ” (সেই ৰহস্য নীল ধতুৰা)

(৪)
চৰাইৰ গান
তেজৰ টোপাল
প্ৰতিটো ফুল
নীৰৱ চকুলো (আচ্ছাদিত দুখ)

(৫)
তেওঁৰ গানৰ প্ৰতিটো জোন আৰু বেলি
প্ৰতিজোপা জোপোহা ৰঙা ফলৰ গছ (এটা নীল উপলব্ধি)

কবি নীলমণি ফুকন দেৱৰ কবিতাবোৰৰ আন এটা  বৈশিষ্ট্যপূৰ্ণ দিশ হল গভীৰ পৰ্যবেক্ষণ, সেইবাবে প্ৰায়বোৰ কবিতাতেই প্ৰকৃতিৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হোৱা দেখা যায়, তেওঁ কবিতাৰ মাজেৰে অনুসন্ধান কৰে- জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিশ্বৰ চৰাচৰ ৰহস্য, প্ৰকৃতি, আদিৰ লগতে আৰু বিভিন্ন বিষয় উপস্থাপন কৰে শব্দৰ জৰিয়তে। লগতে তেখেতৰ কবিতাৰ উপমা, চিত্ৰকল্প আৰু প্ৰতীকী ব্যৱহাৰে অসমীয়া কাব্য সাহিত্যত এক সুকীয়া পৰিচয়ৰ লগতে এক নিজা ব্যঞ্জনাৰ সূচনা কৰি আহিছে।

তেখেতৰ কবিতা ইতিমধ্যে গুজৰাটী, উড়িয়া, বাংলা, ইংৰাজী, আৰু জাৰ্মান ভাষালৈ অনূদিত হৈছে। কবি নীলমণি ফুকনদেৱে তেওঁৰ ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালেগ্ৰন্থৰ বাবে অসম সাহিত্য সভা পুৰস্কাৰ আৰু কাঁইটগ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল। তেওঁ সংজ্ঞানামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। ১৯৮২ চনত যুগোশ্লেভিয়াৰ ষ্টুটগাত অনু্ষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনীৰ তেৱেঁই আছিল একমাত্ৰ ভাৰতীয় প্ৰতিনিধি। এই বিষয়ে তেওঁ এক ভ্ৰমণ কাহিনীও প্ৰকাশ কৰিছে। তেওঁৰ গদ্য কবিতাৰদৰেই মননধৰ্মী, স্বচ্ছল আৰু ব্যঞ্জনময়।


Thursday, 14 March 2013

এজাক বৰষুণৰ সমীপেষু




অলপ গদ্য:-

# এজাক বৰষুণৰ সমীপেষু#
____________________

প্ৰস্তাৱনা:-
________

দুয়ো নিশ্চুপ হৈ আছিল, হয়তো অনুৰণিত হৈছিল হৃদয়ৰ স্পন্দন !!

ক’ব খোজা কথাবোৰ... ?

প্ৰশ্ন:- বন্ধুত্বৰে গঢ়া সম্পৰ্ক এটাত.. ?

সিহঁতে জনা নাছিল, কেৱল কোৱা শুনিছিল গাঁৱৰ মানুহবোৰে এটা ল’ৰা আৰু এজনী ছোৱালী কেতিয়াও 

বন্ধু হ’ব নোৱাৰে।

কিন্ত 

কিয় নোৱাৰে..? 

ভুল ধাৰণা !!

সিহঁতে কৈছিল বন্ধুত্ব আৰু বিশ্বাস এইয়া আমাৰ মাজত সদায়ে যুগমীয়া হৈ থাকিব, আমি য’তেই 

নাথাকো কিয়.. ?

দিনবোৰ গৈ আছিল, দুয়োৰে সুখ, দুখ, ইচ্ছা, অনিচ্ছা সকলোবোৰ যেন ক্ৰমান্বয়ে নিবদ্ধ হৈ পৰিছিল 

এটা বৃত্তৰ পৰিধিৰ মাজত !!

এইয়া কি...... ?

মানুহবোৰে ভবাৰ দৰেই !!

উপসংহাৰ :-
________

দুয়ো নিশ্চুপ হৈ আছিল, গোমা আকাশখনৰ তলত আন্দোলিত হৈছিল কিছু মৌন হেঁপাহ

হঠাৎ.....

ফাগুনৰ শেষ বৰষুণজাক আহিল

সিহঁত তিতিছিল !!

উত্তৰ:- "ভালপোৱা"

এইয়া হয়তো ভালপোৱা, অনুভৱ হয় হৃদয়ে হৃদয়ে সংগোপনে।

Monday, 11 March 2013

কবিতা



:গাভৰুঘাট:


বুকুৰ সেউজীয়াবোৰ



সাবটিব ধৰি

সি ৰৈ গ’ল !!

তেওঁ যে অহাৰ কথা আছিল...

উন্মাদ হৈ উঠিছিল

সিপাৰৰ নৈখন

সংযমহীন

অসংযত 

গাভৰু ঘাটত সেইদিনা কিৰিলি পাৰিছিল

এজাক যৌৱনউদীপ্ত প্ৰেমিক চৰাইয়ে !!

হয়.... 

তেওঁ

অহাৰ কথা আছিল

দীঘল বাট এটাৰ কেঁকুৰিটোৰে।

Sunday, 10 March 2013

কবিতা


:-ছাঁ:-
ঘৰমুৱা পখীজাকে কৈ থৈ গ’ল

সুখী নে.. ?

মই ক’লো
বিচৰা ধৰণেই সুখী
খিৰিকীখন খুলি দিছিলোঁ
পুৱতি নিশাতেই
বাঁহীৰ সুৰ এটাই
টোপনিবোৰ চেপি ধৰিছিল

নাজানো (?)

আজিকালি প্ৰায়ে এনে হয়
মই মাথো ভাবিছোঁ
আৰু
কিমান দিন... ?
ছাঁটোৱে ক’লে
হেৰুৱা ছবিবোৰ দুনাই নিবিচাৰিবা
বৰ কষ্ট পাবা।