Sunday, 24 February 2013
কবিতা
:-উৰুখা পঁজা:-
আজি গোটেই দিনটো
উৰুখা পঁজাটোত
শব্দৰ খিলখিলনি
টোপ...
টোপ...
" আই অ ’
তইনো আৰু কিমান
টুকিবি....
মজিয়াৰ পানী
এইবাৰ ব’হাগ পোৱাৰ আগেয়ে
ঘৰৰ চালখন নতুনকৈ চোৱাব লাগিব !!
চাওঁচোন....
বেৰৰ-চালৰ খুঁটাৰ খোৰোঙত সাঁচতীয়া টকা কেইটামান থাকিব লাগে হ’ব পায় !!
( আমাৰ নগাঁও কাকতৰ সাহিত্য শিতানত প্ৰকাশিত)
( আমাৰ নগাঁও কাকতৰ সাহিত্য শিতানত প্ৰকাশিত)
কবিতা
:হৃদয়:
(১)
এনেকৈয়ে এদিন....
মোৰ দুচকুৱে তোমাক দেখা পাইছিল প্ৰথমবাৰৰ বাবে
হঠাৎ
এজাক বৰষুণ
হৃদয়ৰ এটি কোঠালীৰ পৰা
কেৱল তোমাৰ বাবে......
(২)
এই বাটটিৰে তুমি যেতিয়া অহা
মোৰ হৃদয়ত এজাক বৰষুণ নামে
হয়...
এইজাকেই যে প্ৰথমজাক বৰষুণ হৃদয়ৰ
তিতিছিল আৱৰণ খুলি
কেৱল তোমাৰ বাবেই.....
(৩)
আজি আকৌ এজাক বৰষুণ
বিষাদভৰা হৃদয়ৰ
ভাগৰুৱা দুচকুৱে কান্দো বুলিও
কান্দিব পৰা নাই
কিয় জানো...
অশ্ৰুও যে আজি নিৰ্বাক দুচকুতে
কেৱল তোমাৰ বাবেই
( জনসাধাৰণ কাকতৰ দেওবৰীয়া ইত্যাদিত প্ৰকাশিত, ৭ অক্টোবৰ ২০১২)
কবিতা
:দুটা স্তৱক:
(১)
স্বপ্ন
জীৱনৰ স্বৰ্ণাভ স্বপ্ন
স্বপ্নৰ আলোকিত পথ,
যান্ত্ৰিকতাৰ উশাহহীনতাত
সেমেকি উঠা পথৰ দাঁতিত শাৰী শাৰী
জৰ্জৰিত স্বপ্ন
(২)
তৃপ্তি
নিশা গভীৰ
ঠিকনা পৰিচয়...
প্ৰয়োজন জানো?
নিৰ্জনতাৰ অন্ধকাৰত
এতিয়া
আভিজাত্যৰ নিলৰ্জ্জ
তৃপ্তি।
(আমাৰ নগাঁও কাকতৰ সাহিত্য শিতানত প্ৰকাশিত, ২৬ ডিচেম্বৰ ২০১২)
Saturday, 23 February 2013
কবিতা
:-ভূমিষ্ঠ:-
তুমি পৃথিৱীখন
ভালদৰে দেখা নাই !!
হয়.....
আপুনি ভবাৰ দৰে মই পৃথিৱীখন চিনিবলৈ শিকা নাই !!
যিদিনা মাতৃ গৰ্ভৰ
আমবিলিকেল কৰ্ডৰ পৰা বিচ্ছিন্ন হৈছিলোঁ !!
কেৱল কান্দিছিলোঁ
ভূমিষ্ঠ হোৱাৰ সুখত
হয়.....
আপুনি ভবাৰ দৰে
মই নহয়!!
মোৰ এখন নিজা সৰু পৃথিৱী আছে।
( বিঃদ্ৰ:- আমবিলিকেল কৰ্ড ( Umbilical Cord:- Birth Cord)
Subscribe to:
Posts (Atom)


