Friday 2 August 2013

কবিতা




: কীট:

সাঁকোখনৰ এটি পাৰত বিশ্বাস আনটো পাৰত অবিশ্বাস 
মাজত 
এটা "কীট"
যি কুৰুকি খায় কলিজাৰ এফাল !!

নিশা হ’লে সি  
প্ৰায়ে সুহুৰিয়ায় 
গভীৰ হৈ পৰে দুখবোৰ।


পৰিশিষ্ট: সি কেতিয়াবা প্ৰতিদ্বন্দ্বী
কেতিয়াবা বন্ধু
কেতিয়াবা ভালপোৱাৰ প্ৰিয়জন হৈ
বুকুৰ ভিতৰে বাহিৰে পিয়াপি দি ঘূৰি ফুৰে!!

( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)

No comments:

Post a Comment