Friday, 21 February 2014

:ঋতু আহে.. ঋতু যায়:



বুকুত স্বপ্নৰ আলিংগন
সিক্ত চকুত
ৰৈ
ৰৈ
বৈ যায়
সান্ধ্য ভ্ৰমণৰ
মধুৰ স্মৃতিবোৰ
মনত আছেনে??
আমি  পাৰ কৰা
সময়বোৰ
আকুলতাৰে
চকুত চকু থৈ...

দিনবোৰ গৈ গৈ শেষ হোৱা নাছিল
হয়তো 
পোছাক
সলাইছিল
নজনাকৈয়ে
নতুন  ৰঙেৰে
ৰঙীন হৈ
আৰু
তুমি...??
এৰা,
তু আহে.. ঋতু যায়
এনেকৈয়ে....


-ইন্দ্ৰনীল গায়ন

Thursday, 13 February 2014

গল্প:- একাকীত্ব





সোঁৱৰণীৰ বাটেৰে উভতি যাব পাৰি দূৰ-দূৰণিলৈ,
           
এইয়াও এক কাহিনী নহয় নে বাৰু..??
 ভাল লগা বোৰ কেনেকৈ আৰম্ভ হয়....
    এক মদু ঝংকাৰ..... হৃদয়ৰ প্ৰতিটো কোঠাত
  যেন পলকতে ভালপোৱাৰ  সুবাসৰে ভৰি পৰিব চৌপাশ, আৰু.....
ওহোঁ, থাকক নেকি...
হম্ম... ঠিক আছে বাৰু....
জানানে এটি গীত লিখিছো, সম্পূৰ্ণ হোৱা নাই, অলপ গুণগুনাওঁ, সুৰটো অলপ চাই দিবাচোন..
 অৰম্ভ কৰা..
সৌ আকাশ পোহৰাই যায়....
::::::::::::::::

ৱাহ বৰ ধুনীয়া, তাতোকৈ তোমাৰ কন্ঠ...
দুয়ো দুয়োলৈ চাই নিবদ্ধ হৈ ৰৈছিল আসঃ কি আছে এই চকুযুৰিত.....
মাথো তুমি আৰু তুমি....

::::::::: অলপ ইন্টাৰভেল.........

স্মৃতিৰ মানসপটত
  উৱলি ৰয়
ভঙা ছিঙা মিনিট ঘন্টাৰ বেহিচাপী সময়......

হৃদয়ৰ পৰা হৃদয়লৈ কিমান যোজন বাট
  যিদৰে প্ৰতিটো পল অপেক্ষাৰে গণি গণি.....
       ৱাও, তোমাৰ কবিতা কবিতা লগা কথাবোৰ..... যেন হেৰাই যাম,
 তোমাৰ বুকুত......
ৰৈ গৈছিল দুয়ো.. দুয়োৰে বুকুত আবদ্ধ হৈ...... দিন, মাহ, বছৰ পাৰ হৈ গৈছিল!!

:অলপ ইন্টাৰভেল:-
ক’ত আছা.......  এইফালে আহাচোন.......
চোৱাচোন ই সেই সময়ৰ পৰা ইমানকৈ কান্দি আছে..
তুমি অলপ লোৱাচোন..
মই দিনৰ দিনটো কাম কৰি কৰি ভাগৰি যাওঁ...
আৰু তুমি.....
অফিচৰ পৰা আহি কেৱল সেই অফিচিয়েল কামবোৰ লৈয়ে ব্যস্ত থাকা, আগতেও  বহুবাৰ কৈছো, যে অফিচৰ কাম ঘৰলৈ লৈ নাহিবা... কাৰণ আমাৰ বাবেওতো তুমি কিছু সময় দিব লাগে...
আহাচোন....
ওক ওক... গৈছো ৰ’বা তাৰ কি হ’লনো,
চাও চাও, আহা, আমি এতিয়া খেলিম দেই.....


:অলপ ইন্টাৰভেল:-

কোৱা, মই আৰু কিমান দিন এনেকৈ থাকিব লাগিব.... মোৰোতো নিজৰ এটা লাইফ আছে, পঢ়া শুনা কৰি ঘৰত গেবাৰী খাটাদি খাটিছো দিনে ৰাতিয়ে... একেই কাম, একেই ৰুটিন,
কিয় যে.....
এতিয়া পষ্টাই আছো
তুমি মোক অতি সোনকালেই মুকলি কৰি দিয়া নহ’লে মই আৰু নোৱাৰিছো.......

:অলপ ইন্টাৰভেল:-

দুয়ো.. দুয়োলৈ চাই যেন ৰৈ গৈছিল শেষবাৰৰ বাবে
এৰা.......
অনুৰণননবোৰে বুকুত দহে, চকুযুৰিত সিক্ত হয় ভালপোৱাৰ বেদনাবোৰ.......

সমাপ্ত:-

আমি দেখি থকা কিছুমান জীয়া কাহিনী||

- ইন্দ্ৰনীল গায়ন


Sunday, 9 February 2014

:প্ৰেম ভালপোৱা আৰু কিছু অনুভূতিৰ কথাৰে:



প্ৰস্তাৱনা:-

এই যে বুকুজুৰি বৈ আছা
নৈখনৰ কুলু কুলু শব্দৰ দৰে
সেয়াই  ভালপোৱা

খিৰিকীখনৰে সোমাই অহা বৰষুণৰ টোপালবোৰে তাক স্পৰ্শ কৰিছিল
সি যেন আকৌ অনুভৱ কৰিছে....
সেই শিহৰণ..
বৰষুণজাকৰ সৈতে ফ্লেছ বেক :-
তুমি চিঞৰি চিঞৰি কৈছিলা
“ মই তোমাক ভালপাওঁ”
পাহাৰৰ ইটো-পাৰৰ পৰাও ভাঁহি আহিছিল
সেই একেই কন্ঠস্বৰ: মই................!!

আসঃ
সেইয়া যেন জীৱনৰ এক অনন্য সুখময় সময়
ভালপোৱা.. ভালপোৱা... ভালপোৱা.....

আজি ভালপোৱাৰ দিন..??
হয়তো হ’ব পাৰে,
ভালপোৱা কেৱল এটা দিনৰ বাবে নহয়....
ভালপোৱাৰ সংজ্ঞা :- হৃদয়ৰ পৰা হৃদয়লৈ
অৱধাৰিত এখনি নৈ......
স্পেইনৰ কাটালান ভাষাৰ কবি ছালভাদৰ এছপ্ৰিউয়ে কৈছিল: - " মানুহ ভিন ভিন আৰু ভাষাও ভিন ভিন একোটি অদ্বিতীয় প্ৰেমৰো হব পাৰে ভিন ভিন নাম"
সচাঁকৈয়ে প্ৰেমৰো এক নিদিষ্ট অভিব্যক্তি আছে । যি কেৱল হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰে।



" The Moment you have in your Heart This extraordinary Things Called Love And Fell    The   depth, The Delight, The Ecstasy of it, You will Discover
That For You
The World Is Transformed"

সঁচাকৈয়ে প্ৰেম হৈছে  আকাংক্ষা জীৱনৰ, মিলন হয় দুখন হৃদয় ই চিৰপ্ৰৱাহমান , নতুন অনুভৱ, নতুন সপোনবোৰে  পোখা মেলে, আৰু বাট চাই ৰয় প্ৰাপ্তিৰ আৱেশত।

যদি হীৰু দাৰ কবিতাৰ ভাষাৰে ক’বলৈ যাওঁ তেন্তে:-
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায় ( হীৰেণ ভট্টাচাৰ্য)


উপসংহাৰ:-
মন গ’লেই চুই চাব পাৰা হৃদয়ৰ সমস্ত ৰং 
মাথো অপেক্ষাৰ ক্ষণ গণি গণি ৰৈ যায় সিক্ত সময়

উভতি যাম
অনুভৱৰ বাটত
সপোনটিয়ে পোখা মেলিব
তুমি
আঁকোৱালি ল’বা আলফুলে
হা নপমা
হৃদয়ৰ এটি কোণত ।
                         -ইন্দ্ৰনীল গায়ন ( আমাৰ অসম কাকতত প্ৰকাশিত)


Friday, 7 February 2014

নতুন অসমীয়া বোলছবি ...ৰাগ... The Rhytham Of Love….. ৰ কথাৰে....


ইকবাল:- তুমি কি বিচৰা ৰাধিকা? প্ৰেম, সৌন্দৰ্য, নে সত্য...
ৰাধিকা:- জীৱন বিচাৰো মই



এই সংলাপটি আজি সদ্যমুক্তিপ্ৰাপ্ত ৰাগ.. The Rhytham Of Love….. ৰ এটি অন্তৰংগ মুহূৰ্তৰ।

অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু দিল্লীৰ মান্না ফিল্মছে যুটীয়াভাৱে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ৰজনী বসুমতাৰী, অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমাৰ সকলোৰে পৰিচিত অসমৰ আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী বসুমতাৰী, আৰু কপিল বৰা আদিয়ে।

ছবিখনৰ কাহিনী আৰু বিষয়বস্তু জীৱন ভিত্তিক, প্ৰতিটো চৰিত্ৰৰ অন্তৰালত এক গভীৰ বাস্তৱবোধ সোমাই আছে, সেইবাবেই হয়তো চৰিত্ৰসমূহৰ সংলাপ, অভিনয়ে মনত বাৰুকৈয়ে সাঁচ বহুৱাই থৈ গল। বৰ্তমান সময়ৰ প্ৰেক্ষাপত্ৰত কৰ্পৰেট খণ্ডত চাকৰি কৰা প্ৰতিযোগিতাৰ দৌৰত দৌৰি ফুৰা, এজন উচ্চাকাংক্ষী স্বামী আৰু আনফালে পত্নী শাস্ত্ৰীয় সংগীতৰ শিল্পী| এই দুই চৰিত্ৰৰে প্ৰথমে ছবিখন আৰম্ভ হয়। নগৰীয়া সভ্যাতাৰে সুসজ্জিত ঘৰটোত সকলো ধৰণৰ সুবিধা থকাৰ পিছতো যেন ৰাধিকাক অহৰহ নিঃসগতাৰ আৱৰি থাকে। সেইবাবেই সংগীতক পুনৰবাৰ সংগী হিচাপে লোৱাৰ পিছতেই প্ৰতিবেশী চিত্ৰশীল্পী আৰু সংগীতৰ অনুৰাগী ইকবালৰ সৈতে চিনাকি হয়, সেই ইকবালেই ৰাধিকাৰ জীৱনলৈ যেন নতুন হেঁপাহ আৰু প্ৰেৰণা আনি দিয়ে।


এইয়া ছবিখনৰ কাহিনীৰ কিছু অংশহে মাথো।

চৰিত্ৰসমূহৰ ক্ষেত্ৰত পৰিচালকে অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। বিশেষকৈ আদিল হুছেইন আৰু জেৰিফা ৱাহিদৰ অভিনয়ে সকলো দৰ্শককেই মুগ্ধ কৰিব পাৰিছে। 
সংগীতৰ ক্ষেত্ৰত কন্ঠশিল্পী অনিন্দিতা পাল, মূৰ্ছনা বৰকাকতি, দিক্ষুৰ লগতে গীতিকাৰ শৰৎ বৰকাকতী, ৰাজদ্বীপ আদিকে ধৰি সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছো সুন্দৰ, লঘু শাস্ত্ৰীয় সংগীতসমূহ আমাক উপহাৰ দিয়াৰ বাবে। 
মোৰ মন মগজুত কিয়নো নুবুজা” “এ জোন জিলমিল সন্ধিয়া” “ টোপ টোপ সৰে আন্ধাৰ” “আকৌ এবাৰশীৰ্ষক গীতৰ ধ্বনি এতিয়াও ঝংকাৰিত হৈ আছে। 

তাৰোপৰি বোলছবিখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।


-
ইন্দ্ৰনীল গায়ন
   নগাঁও
৭/২/২০১৪


নতুন অসমীয়া বোলছবি "চিঞৰ" ৰ কথাৰে:-

নতুন অসমীয়া বোলছবি "চিঞৰ" ৰ কথাৰে:-

" A True Story Is based on The Gobin Khaund’s Sayelikar Diary"

ঈষৎ হাঁহি এটাৰে
সুহুৰি মাৰি গুচি গ
তাই হেনো 
বেশ্যা

------------------------------------------

দাপোন এখন প্ৰতিচ্ছবি, যিয়ে অলংকৃত কৰে আপোনাক, মোক, আৰু সকলোকেই, লুকাই থাকে ভাগ্য, দুৰ্ভাগ্যৰ, হাজাৰটা বন্দীত্বৰ প্ৰশ্ন... 

নিশা গভীৰ হৈ পৰাৰ লগে লগেই সকলোবোৰ নীৰৱ হৈ পৰে, জনশূন্য বাট পথত মাথো নিজম হৈ পৰি ৰয় নিয়ন লাইটৰ এচমকা সোণালী পোহৰ| সেই পোহৰতেই কাৰোবাৰ জীৱন যুদ্ধ, উশাহ হেৰুৱাই জীয়াই থকাৰ অবুজ বেদনাৰ সিক্ত আঁচল|

কিমানজন আভিজাত্যই তৃপ্তি লভে গোপন অভিসাৰী নিশাবোৰত, ঠিকনা, পৰিচয়ৰ প্ৰয়োজন নাথাকে মাথো দলিয়াই দিয়ে টকাৰ বান্দোল|


সঁচাকৈয়ে এইয়াও জীৱন|

সেই বাটটোৰে তাইৰ যোৱাৰ কথা নাছিল কাহানিও কিন্তু সময় আৰু দুৰ্ভাগ্যই এনে এটি পৰিস্থিতিত দলিয়াই পেলাই যে তাইৰ নিজৰ শৰীৰটোক ঘৃণ কৰিবলৈ আৰম্ভ কৰে| 

এয়াই হৈছে বোলছবিখনৰ এটি কৰুণ পৰিসমাপ্তি।

সঞ্জীৱ নাৰায়নৰ প্ৰযোজনা আৰু কংকন ৰাজখোৱাৰ পৰিচালনাৰে বৰ্তমান সময়ৰ প্ৰেক্ষাপতক লৈ প্ৰায়ে দেখি থকা কিছুমান বাস্তৱধৰ্মী সমস্যাক ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে অতি সুন্দৰ ভাবে উপস্থাপন কৰিছে।

চৰিত্ৰসমূহৰ ক্ষেত্ৰত পৰিচালকে অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি বোলছবিখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।

এই সুযোগতে সঞ্জীৱ নাৰায়ন, কংকন ৰাজখোৱাৰ লগতে বোলছবিখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ|

-
ইন্দ্ৰনীল গায়ন
১৮/১/২০১৪