Thursday, 12 December 2013

অনুভৱৰ একলম

  


( নতুন বছৰৰ শুভেচ্ছাৰে সকলো বন্ধু-বান্ধৱীৰ হাতত)

প্ৰস্তাৱনা
এৰি অহা সময়বোৰ সন্ধ্যাৰ আকাশখনত
অজান সুৰ এটি হৈ  গুছি গ’ল,
মই মাথো নিৰ্বিকাৰ হৈ চাই ৰ
’লো !!
নিৰ্যাহ বেলিটোলৈ...
এয়া সময়,
মোৰ কাষত বহি লৈ প্ৰায়ে সুখ, দুখৰ,  কথা পাতে, নৈখনৰ পাৰে পাৰে  আমি বহুদূৰ একেলগে খোজ কাঢ়ো, একাত্ম হওঁ জীৱনৰ স’তে.......
চাওতে চাওতেই  দিনবোৰ গুছি যায় দূৰ দিগন্তলৈ আৰু আমিবোৰে মাথো সাক্ষী হৈ  ৰওঁ সোঁৱৰণিৰ সৰাপাতত ৰৈ যোৱা সময়ৰ
ঠিক একোখন কেলেণ্ডাৰৰ দৰেই মাথো সলনি হয়  দিন, সপ্তাহ, মাহ পৃষ্ঠাই পৃষ্ঠাই মূৰ্ত সময়ৰ ছবি যেন এখন উকা কেনভাছত অপেক্ষাৰত এটি ব্যাকুল সপোন তথাপি, কিয় জানো মোৰ মনটোৱে অহৰ্নিশে বিচাৰি ফুৰে এখন মুকলি আকাশ, ত মোৰ কণমানি সপোনবোৰে নিস্বাৰ্থভাবে উশাহ লব পাৰে । সঁচাকৈয়ে  হেঁপাহবোৰেই হৈছে জীৱনৰ এটি এটি ৰং কঢ়িয়াই লৈ ফুৰে আমাৰ আশা আকাংক্ষা আৰু সেউজীয়া সপোনবোৰ !

সময়ৰ এটি পৰিধিত সু্খ দুখ, হাঁহি, কান্দোন 
প্ৰতিবাৰেই দি থৈ যায় ,
 প্ৰাপ্তি অ-প্ৰাপ্তিৰ বেষ্টনিত সাঁচি ৰখা
কিছু মধুৰ স্মৃতি
 জীৱন হৈছে বিভিন্ন ৰঙৰে সমৃদ্ধ, এই ৰংবোৰে মানুহক লৈ যায় কিছুমান বিশেষ মুহূৰ্তৰ সমষ্টিলৈ, ধূলি ধূসৰিত স্মৃতিবোৰ হয়তো এতিয়াও সজীৱ হৈ আছে সকলোৰে। বহুতৰেই  ডায়েৰীৰ পৃষ্ঠাত লিখি ৰখা হৈছে বছৰটোৰ এৰি থৈ অহা বহুৰঙী দিনবোৰৰ কথা !!
উপসংহাৰ:-
জীৱনৰ ব্যাখ্যা  মই এতিয়াও দিব পৰা হোৱা নাই !!
কিয়নো,
জীৱন এখনি বোঁৱতী নদীৰ দৰে, যি বৈ যায় অবিৰত ভাৱে কেৱল দি থৈ যায় সময়ৰ এটি চিনাকি নাম।
তথাপি
জীৱন গঢ়াৰ বাটত লোৱা সংকল্পবোৰ, কিমানদূৰ আগুৱাই লৈ যাব পাৰিম নাজানো, মাথো

চেষ্টা অব্যাহত ৰাখিম।

                                                          -ইন্দ্ৰনীল গায়ন

( আমাৰ অসম কাকতত প্ৰকাশিত)




Monday, 9 December 2013

অৰণ্য


তোমাৰ বুকুৰ সেউজীয়া
নিৰ্জীৱ হৈ পৰি আছে
এন্ধাৰ কুঠৰিত
এইয়া, নিসংগতাৰ অৱগাহন!!
স্পৰ্শাতীত দুটি নয়নৰ তপত চকুলো
বৈ আহে নিৰলে..
দুখ দিয়াৰ কথা নাছিল
আজি ওৰেটো নিশা
জোনাকৰ স’তে কথা পাতিলো
ভুল নুবুজিবা !!
( শাৰদীয় বিশেষ সাহিত্য সম্ভাৰত প্ৰকাশিত)


: মই উভতি আহিছিলো:


দূৰৈৰ পাহাৰৰ টিঙৰপৰা
অচিনাকি বাঁহীৰ
সুৰটোৱে
আহি কাণে কাণে কৈ গ’ল
আকৌ আহিবাছোন
কথা পাতিম
চিনাকি হ’ম!!
এনেকৈয়ে চহৰখনৰ বুকুৱেদি
পাৰ হৈ গৈছিল নীৰৱ গধূলিটো
আৰু
মই উভতি আহিছিলো
জীৱনলৈ!!
( জনসাধাৰণৰ শাৰদ বিশেষ সম্ভাৰত প্ৰকাশিত)


Saturday, 7 December 2013

দুটা কবিতা



(১)
: অতীত:
ধূলিয়ৰী বাটটিত
ধূসৰ হৈ পৰা এচমকা সোণালী ৰং
স্মিত হাঁহিৰে
তেওঁ মোলৈ চাইছিল
মই ক’লো
এয়া,
 আমাৰ অতীত।
   (২)
    :বৰ্তমান:
 সিক্ত হৈ পৰিছিল
  সৰি পৰা কুঁৱলীৰ টোপালবোৰ 
   ঠিক তোমাৰ দৰেই
   আহা !!
  ওভতি যাওঁ
  নিজান নদীয়েদি 
-ইন্দ্ৰনীল গায়ন

Tuesday, 3 December 2013

অনুভৱৰ একলম


:দৈনন্দিন:
(১)
এটি দূৰত্বত প্ৰত্যহ সময় নিষ্ঠুৰতাৰ আৱেষ্টনীত এঙামুৰি দি সাৰপাই উঠিছে পুৱাৰ সূৰুযটো, আৰু মইয়ো সেই সূৰুযটোৰ সৈতে এটা নতুন দিনৰ আৰম্ভণি কৰো, আচলতে ঠিক নতুন নহয় সদায়ে কৰ্মস্থানৰ একেই ৰুটিন, গতানুগতিক জীৱন মই যেন বেৰত ওলমাই ৰখা সেই নিৰ্দিষ্ট ঘড়ীটোৰ মিনিট, ছেকেণ্ডৰ কাঁটাৰ
নিৰ্দেশত চলা ফিৰা কৰা এটা জীৱিত পুতলা
(২)
পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় দৈনন্দিন কৰ্মসূচী, ক্লাছৰোমৰ ভিতৰলৈ সোমোৱাৰ লগে লগেই ছাত্ৰ-ছাত্ৰীসকলে একেলগে চিঞৰি উঠে “ গুড মৰ্ণিং চাৰ”...............

আৰু মই আৰম্ভ কৰো প্ৰতিটা power point শ্লাইদৰ সৈতে ……. Introduction to IT, about , Business model, sQL, c++, c#, Java,vb.net, কিম্বা XML ক্ৰমে মই যেন এটা মেচিন লেভেল লেংগুৱেজলৈ পৰিৱৰ্তন হওঁ, পঢ়াই যাওঁ How to using a querying and Managing Data using, Logic Bulilding , flow charts, structure, network topology.......
(৩)
জিৰণিৰ সময়ত সহকৰ্মীৰ সৈতে বন্ধুসুলভ আদ্দা, কিম্বা আপোনজনৰ সৈতে ফোনত বাৰ্তালাপ....
আৰু কেতিয়াবা অকলশৰে খিৰিকীখনৰ কাষত বহি লৈ আকাশলৈ চাওঁ মন গ’লেই আওঁৰাব নোৱাৰো
পৃথিৱীৰ বুকুতো আছে ভালপোৱা, হৃদয়ৰ সেউজীয়া নিচা...( প্ৰণয় ফুকন) নাইবা – Lord Dewar , Pablo Neruda’ৰ “  Love is an ocean of emotions Entirely surrounded expenses” নাইবা Tonight I can write the saddest lines. দৰে  বিখ্যাত কবিতাৰ পক্তি !!
মন গ’লেই লিখিব নোৱাৰো অনুভূতিৰ শব্দস্বৰ, মন গ’লেই আঁকিব নোৱাৰো ছবি, মন গ’লেই কেমেৰাত বন্দী কৰিব নোৱাৰো ভাল লগা মুহূৰ্তবোৰ

(৪)
পুনৰ ৪ বাজি ১৫ মিনিটৰ লগে লগে ঘড়ীৰৰ সংকেত ধ্বনিত  উচ্চাৰিত হয়  “এটা দিনৰ কৰ্মব্যস্ততাৰ সামৰণি” আৰু মই ওভতি আহো  নিজলৈ
কাৰণ মই যে সেই বিশেষ ঘড়ীটোৰ নিৰ্দেশত চলা ফিৰা কৰা এটা জীৱিত পুতলা

                                           -ইন্দ্ৰনীল গায়ন
( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া সুৰভিত প্ৰকাশিত)

: চকুলো:


বুকুৰ ভিতৰত নিৰ্বাসিত
নিশাবোৰে নিৰ্লজ্জভাবে আত্মসমৰ্পন কৰে
 অন্ততঃ
তেওঁৰ ওচৰত
 আৰু
 গোপনতাত
 নিগৰি আহে দুখৰ চেঁকুৰা


 - ইন্দ্ৰনীল গায়ন

:তেওঁ এখন ছবি আঁকিছিল:


 অপ্ৰত্যাশিতভাবে
তেওঁ এখন ছবি আঁকিছিল
 সংগোপনে, ৰংহীন
 ক্ৰমশঃ
এজাক উচুপনিয়ে
আহি কৈছিল
চোৱা
চোৱা
ৰংবোৰৰ মাজত দুটোপাল
 অশ্ৰু ওলমি ৰৈছে
কাৰ জানো??
আচলতে,
দুখৰ কোনো নিজশ্ব
ৰং নাথাকে
 - ইন্দ্ৰনীল গায়ন

শ্ৰী শ্ৰী আউনি আটী সত্ৰ ( মাজুলী )

  





বিশ্বৰ অন্যতম বৃহৎ নদী-দ্বীপ মাজুলী কেৱল ভৌগিলিক কাৰণতেই নহয় অসমৰ বৈষ্ণৱ ধৰ্ম আৰু প্ৰৱৰ্তকৰ মৌলিক 

উদ্ভাৱক সত্ৰ আৰু ধৰ্ম সংস্কৃতিৰ মিলনতীৰ্থ। নানা জাতি-জনজাতিৰ সমন্বয়ৰ থলীৰ প্ৰাণকেন্দ্ৰস্বৰূপেও সু-বিখ্যাত। 

প্ৰাকৃতিক পৰিৱেশ , ভৌগিলিক অৱস্থিতি, প্ৰত্নতাত্ত্বিক ঐতিহ্যৰ বৈশিষ্টৰাজিয়েও মাজুলীক এক সুকীয়া মৰ্যাদা প্ৰদান 

কৰি আহিছে ।প্ৰকৃতিৰ অপৰূপ সৃষ্টি মাজুলী সাংস্কৃতিক ক্ষেত্ৰৰ লগতে বহু ঐতিহ্য আৰু ঐশ্বৰ্যৰে সমৃদ্ধ। এনে বহু 

বৈশিষ্টৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ উৎসুক পৰ্যটকৰ বাবেও ই এক অনন্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু।অসমৰ বৈষ্ণৱ 

সংস্কৃতিৰ উৎস আৰু বিকাশৰ থলী সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। ভক্তি আন্দোলনৰ প্ৰধান বাহক এই সত্ৰই 

জাতীয় সংহিতলৈ বৰেণ্য অৱদান আগবঢ়াই আহিছে। অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংস্কৃতিৰ 

স্নায়ুকেন্দ্ৰ এই সত্ৰসমূহৰ অন্যতম "শ্ৰী শ্ৰী আউনি আটী সত্ৰ" এই সত্ৰখনি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই 

কুৰুৱাবাহী সত্ৰৰ ভাগৱত পাঠক নিৰঞ্জন দেৱক আনি মাজুলীৰ আউনি আটী নামৰ ঠাইত ১৬৫৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা 

কৰিছিল। আউনি আটী নামৰ ব্যুৎপত্তিলৈ লক্ষ্য কৰিলে আমি দেখো যে, আউনী শব্দাংশটোৱে আউনী পানক বুজাইছে 

আৰু আটী মানে হ’ল ওখ ঠাই, অৰ্থাৎ আউনী পান থকা ওখ ঠাই, ই এই কথা নিশ্চিত কৰে যে, আউনী পানৰ গছ 

থকা ওখ ঠাইত এই সত্ৰ স্থাপন কৰা হৈছিল।সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগহ, ভকতৰ চাৰিহাটী, ধনভঁৰাল, চাউল 

ভঁৰাল, কৰাপাটৰ উপৰিও নিজ বৈশিষ্ট সম্পন্ন কেইবাটাও অংগ আছে, সেই সমূহৰ ভিতৰৰ ৰাঙলী চ’ৰা, পুথিভঁৰাল, 

যাদুঘৰ, আলহীঘৰ, সংস্কত টোল, ছপাশাল, মুকলি ৰংগমঞ্চই প্ৰধান।আউনী আটী সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা 

বৰ্তমানলৈকে ১৬ জনা অধিকাৰ অধিকাৰৰ আসনত অধিষ্ঠিত হৈছে, সেইসকল হ’ল :- 

১) শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী
২) শ্ৰী শ্ৰী কেশৱ দেৱ গোস্বামী
৩) শ্ৰী শ্ৰী ৰামচন্দ্ৰ দেৱ গোস্বামী
৪) শ্ৰী শ্ৰী দামোদৰ দেৱ গোস্বামী
৫) শ্ৰী শ্ৰী হৰি দেৱ গোস্বামী
৬) শ্ৰী শ্ৰী প্ৰাণহৰি দেৱ গোস্বামী
৭) শ্ৰী শ্ৰী লক্ষ্নীনাথ দেৱ গোস্বামী
৮) শ্ৰী শ্ৰী পদ্মপাণি দেৱ গোস্বামী
৯) শ্ৰী শ্ৰী লক্ষ্নীৰাম দেৱ গোস্বামী
১০) শ্ৰী শ্ৰী কুশৰাম দেৱ গোস্বামী
১১) শ্ৰী শ্ৰী দেৱদত্ত দেৱ গোস্বামী
১২) শ্ৰী শ্ৰী কমল চন্দ্ৰ দেৱ গোস্বামী
১৩)শ্ৰী শ্ৰী লীলা কান্ত দেৱ গোস্বামী
১৪) শ্ৰী শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী
১৫) শ্ৰী শ্ৰী বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী

বৰ্তমানৰ সত্ৰাধিকাৰ ডঃ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী, তেওঁৱে সত্ৰখনৰ মূৰব্বী, তেখেতৰ তত্বাৱাধানতেই সত্ৰৰ 

সকলো কাৰ্য পৰিচালনা কৰা হয়।

(তথ্য :- মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক পুতুল মহন্তৰ সৌজন্যত)


 - ইন্দ্ৰনীল গায়ন

Monday, 2 December 2013

:দুখন নাটকৰ কথাৰে:

                   


 (১)


" বিশিষ্ট সাহিত্যিক ঔপন্যাসিকা ৰীতা চৌধুৰীৰ উপন্যাস " পপীয়া তৰাৰ সাধু" ৰ নাট্যৰূপ
_________________________________________________________

উপন্যাসখন বহু বছৰ আগেয়ে এবাৰ নহয় দুবাৰকৈ পঢ়িছিলো, কাৰণ এই উপন্যাসখনৰ বৈশিষ্টই এনেকুৱা যে কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ মাজত প্ৰতিটো চৰিত্ৰৰ গভীৰতাই পাঠকৰ মনটোক প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে নিবদ্ধ কৰি ৰাখে বিষয়বস্তুৰ ওপৰত। কাৰণ এই কিতাপখনে সাহিত্য আৰু সংবাদ জগতৰ এক নিৰ্মম আৰু অন্ধকাৰ সত্যৰ দিশ উন্মোচিত কৰিছিল। 
 ব্যৰ্থ  ব্যৰ্থ বুলিয়ে ক’ব লাগিব !!
 উজ্জ্বল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্ৰাণচঞ্চলা ছোৱালীৰ এই পৰিসমাপ্তিক ব্যৰ্থতা বুলি নকৈ কি কোৱা হয়..... 
 তাইতো -
 এই কথাখিনি যশস্বী ঔপন্যাসিকা ৰীতা চৌধুৰীৰ " পপীয়া তৰাৰ সাধু" নামৰ উপন্যাসখনৰ। 
 যোৱা ৪ জুন ’ৰ সন্ধিয়া ৬-৩০ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা গুৱাহাটীৰ অন্যতম নাট্যগোষ্ঠী পূৰ্বৰংগ আৰু সেই উপন্যাসখনৰ আধাৰত মৃদুল তালুকদাৰৰ দ্বাৰা নাট্যৰূপ লগতে নাটখনৰ পৰিকল্পনা, পৰিচালনা যশস্বী নাট্যকাৰ গুণাকৰ দেৱগোস্বামী আৰু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট "পপীয়া তৰাৰ সাধু" উপভোগ কৰিলো। 
 নাটখনত উপন্যাসখনৰ দৰেই হুবহু প্ৰতিটো চৰিত্ৰ উপস্থাপন কৰা হৈছে। 
 ছোৱালীজনী ডাঙৰ লেখিকা আৰু প্ৰখ্যাত সাংবাদিক হোৱাৰ সপোন এটা লৈ গাঁওৰ পৰা চহৰলৈ আহিছিল, কিন্তু সেই সপোনবোৰৰ পিছত তাই দৌৰোতে নিজৰ লগতে পৰিয়ালৰ সকলোকে হেৰুৱাই পেলাইছিল, সাহিত্য আৰু সংবাদ জগতৰ প্ৰতিষ্ঠিত আৰু যশস্যাৰ উচ্চ আসনত বহি থকা মানুহৰ সৈতে একেলগে থিয় হৈ থকাৰ এক প্ৰবল হেঁপাহ আছিল। কিন্তু তাই নোৱাৰিলে। যিসকলৰ ব্যক্তিত্বক তাই সন্মান কৰিছিল, নিজৰ বাবে ভগৱান বুলি ভাবিছিল সেইসকলেই তাইক নিৰ্মমভাৱে শৰীৰ ব্যৱহাৰ কৰি দলিয়াই পেলাই দিছিল। যেতিয়া তাই নিজক বিচাৰি পাইছিল সকলোবোৰ যেন শেষ হৈ গৈছিল। আকাশৰ উজ্জ্বল নক্ষত্ৰ হ’ব নোৱাৰি অৱশেষত তাই এটা পপীয়া তৰা হৈ খহি পৰিছিল। 
 এয়াই হৈছে নাটখনৰ এটি কৰুণ পৰিসমাপ্তি।
 অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি নাটকখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
 এই সুযোগতে ৰীতা চৌধুৰী, মৃদুল তালুকদাৰ, গুণাকৰ দেৱগোস্বামী আৰু লগতে নাটকখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ

(২)


বিশিষ্ট নাট্যকাৰ নিৰঞ্জন  ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে "অৰ্ধ-সত্য: দ্য হাফ ট্ৰুথ"
___________________________________________________________ 

যোৱা ৭ মে’ৰ সন্ধিয়া ৬-৩০ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা অসমৰ অন্যতম অপেছাদাৰী নাট্যদল গুৱাহাটীৰ অসম ৰংগ কথাৰ শেহতীয়া নাটক বিশিষ্ট নাট্যকাৰ নিৰঞ্জন ভূঞাৰ ৰচনা, পৰিচালনা আৰু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ’অৰ্ধ-সত্য: দ্য হাফ ট্ৰুথ উপভোগ কৰিলো। 
 তেওঁ নাটকখনৰ জৰিয়তে বৰ্তমান সময়ৰ আমাৰ দৈনন্দিন সমাজ জীৱনত প্ৰায়ে দেখি থকা কিছুমান সমস্যাক ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে অতি সুন্দৰ ভাবে উপস্থাপন কৰিছে। প্ৰতিদিনেই মানুহৰ অৱচেতন মনটোৰ লগত হোৱা মানসিক দন্দ্ব আৰু চেতন মনটোৰ লগত হৈ থকা কিছুমান অভিজ্ঞতাৰ জটিল ৰূপটোক লৈ ৰচনা কৰা হৈছে নাটকখনৰ মূল বিষয়বস্তু। নাট্যকাৰে নাটকখনৰ চৰিত্ৰসমূহ অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি নাটকখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
 এই সুযোগতে নিৰঞ্জন ভূঞাৰ লগতে নাটকখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ। 
  - ইন্দ্ৰনীল গায়ন

Sunday, 1 December 2013

ভুল নুবুজিব



In Three words I can sum up everything, I’ve learned about Life
  “ IT GOES ON"
                        -       Robert Frost.

সময়, বৰ নিষ্ঠুৰ, মানুহৰ জীৱনটো ক’ৰ পৰা ক’লৈ যে লৈ যায় ভাবিবই নোৱাৰি।
অনাকাংক্ষিতভাৱে চকুৰ আগেয়ে পাৰ হৈ যায়!!
       কৈফিয়ৎ ..?
কৈফিয়ৎ দিলৈতো একোৱেই নাছিল হাতত......।

    সলনি হয় মিনিট, ঘন্টা, দিন, বছৰ......।
   নিৰ্জনতাৰ মুহূৰ্তবোৰ প্ৰায়ে প্ৰশ্ন কৰে-
      নিশ্চয়তা, অনিশ্চয়তাৰ সংজ্ঞা কি বাৰু..?

আচলতে, এই পৃথিৱীত সংজ্ঞাৰ কোনো নিৰ্দিষ্ট সমাধান সূত্ৰ নাই..
মূলতঃ সকলোবোৰেই আপেক্ষিক......।

এই যে গৈ আছো..
বাট বুলিছো
সুখ দুখৰ কথা পাতিছো
এয়া নেকি জীৱন?
এৰা,
জীৱনৰ কথা কৈ শেশষ কৰিব নোৱাৰি, কেতিয়াবা এনেদৰে গৈ থাকিয়ে ভাল লাগে.....
  :::::::
হঠাতে তেওঁ চিঞৰি উঠিল !!
  নাই নাই....
   প্ৰচ্ছায়া

এয়া মাথোঁ এক প্ৰচ্ছায়া।
  তোমাৰ আৰু মোৰ মাজৰ
ইমান সময়ে কোঠাটোত থকা  তেওঁৰ সংগী মিনাৰখনৰ সৈতে বাৰ্তালাপ কৰি আছিল...
 আৰু কোন আছেনো তেওঁৰ নিজৰ বুলিবলৈ..।

সেই ঘটনাটোৱে ক্ৰমে তেওঁক নিঃশেষ কৰি পেলাইছিল।
দুখৰ ভৰ সহিব নোৱাৰি
 মানসিকভাৱে..?


 ভুল নুবুজিব পাঠকসকল তেওঁ পাগল নহয়

(জনসাধাৰণ কাকতে আয়োজন কৰা গল্প প্ৰতিযোগিতাৰ নিৰ্বাচিত গল্প)