Thursday, 28 November 2013
Saturday, 23 November 2013
চিঠিৰ কথাৰে.......
(১)
:প্ৰিয়
বন্ধু সমীপেষু:
মৰমৰ
অৰুন্ধতী
তোমাৰ
চিঠিখন পাই সঁচাই ভাল লাগিল, তোমাক সেই
আনন্দৰ কথা মই কিদৰে ব্যক্ত কৰিম এই চিঠিখনৰ জৰিয়তে
ভাবিব পৰা নাই, এককথাত
কওঁ বৰ্তমানৰ যুগত তুমি ই-মেইল, ফোন,
নাইবা, ফেচবুকৰ পৰিৱৰ্তে
মোলৈ বুলি এখন চিঠি লিখিছা,
জানানে? আজিকালি
আমাৰ গাঁওবোৰতো আগৰ দৰে চিঠিৰ প্ৰচলন নোহোৱাৰ দৰে হৈ পৰিছে।
চিনাকি ডাকোৱালজনক
লগ পালে
প্ৰায়ে সুধোঁ.... দাদা চিঠি আছে নেকি
মোৰ নামত? কিয় সুধোঁ
জানানে, অলপ
হ’লেও আশা আছিল মই
তোমালৈ বুলি লিখা চিঠিখনৰ উত্তৰ পাম বুলি।
চিনাকি ডাকোৱালজনে প্ৰায়ে কয়, ভাইটি
আজিকালি চাকৰিৰ নিযুক্তি পত্ৰ, প্ৰৱেশ পত্ৰ, চৰকাৰী নথি পত্ৰৰ, লগতে
বিভিন্ন ধৰণৰ কাগজ পাতিহে আমি কঢ়িয়াই আনো, আগৰ দিন নাই... সেইবোৰ এতিয়া অতীত হ’ল, আজিকালি
মানুহবোৰ যিহে ব্যস্ত ঘৰৰ কাষতে থাকিও মাত এষাৰ নোপোৱাৰ দৰে , ক’ত চিঠি লিখাৰ
সময়।
হয়তো, ডাকোৱালজনে
ঠিকেই কৈছিল, তথাপিও মই
বাট চাই ৰৈছিলো!! কিন্তু আজি তুমি মোলৈ পঠোৱা চিঠিখনে সেই কথাবোৰ যেন পাহৰাই
পেলালে, অতীত
হৈ পৰা বুলি কোৱা চিঠিখনৰ সেই লেফাফাটোৰ প্ৰতি যেন মই এক তীব্ৰ
আকষৰ্ণ অনুভৱ কৰিছিলো !!
বাৰু, এতিয়া চিঠিৰ
মূল কথালৈ
আহোঁ........
প্ৰথমে, তোমাক
অভিনন্দন জনাইছো, এতিয়া তুমি
অৰুন্ধতীৰ পৰা ডঃ অৰুন্ধতী নামেৰে পৰিচিত হ’লা !!
সঁচাকৈয়ে মই
খুবেই সুখী অনুভৱ কৰিছো, মই সকলোকে ক’ব পাৰিম, মোৰ লগত
একেলগে পঢ়া অৰুন্ধতী এতিয়া ডঃ অৰুন্ধতী হ’ল !! বেয়া পাইছা নেকি.... এনেকৈ কৈ
থকাৰ বাবে, মই
জানো তুমি এইবোৰ বৰ এটা ভাল নোপোৱা, তথাপি, মই যে তোমাৰ
বিশেষ বন্ধুজন.... মোৰ হয়তো সেইখিনি অধিকাৰ আছে...?
কি ভাবিছা
অসমলৈ অহাৰ কথা!! নে..
বাংগালোৰতে ?
মইয়ো জানো ইয়াত আমি এতিয়াও
বাহিৰৰ ৰাজ্যবোৰৰ তুলনাত অলপ হ’লেও যেন ক’ৰবাত পিছ পৰি ৰৈছো,
কিন্তু কিয়..? আমি জানো
জানিবৰ ইচ্ছা
কৰিছো ইয়াৰ কাৰণ প্ৰতিবছৰেই হাজাৰ হাজাৰ শিক্ষাৰ্থী ইয়াৰ পৰা উচ্চ শিক্ষাৰ বাবে বাহিৰৰ
ৰাজ্যসমূহলৈ ঢাপলি মেলে !! তুমিও হয়তো ইয়াৰ বিপৰীত নাছিলা !! এৰা, সকলোৱে নিজৰ
কেৰিয়াৰটোৰ বাবে, জীৱনটোত
কিবা এটা কৰিবৰ বাবে চেষ্টা কৰিবই !! নাইবা, মাক দেউতাকৰ উচ্চাকাংক্ষাৰ সপোনবোৰৰ
প্ৰতি সন্মান জনাই নিজৰ সপোনবোৰ চেপি খুন্দি নিজৰ মাজতেই
আবদ্ধ কৰি ৰাখে, কাৰণ, প্ৰথমে যে
মা’ দেউতাৰ
সপোন, তাৰ
পিছত হে নিজৰ...
আমনি লাগিছে চাগৈ নহয় !!
মোৰ এই
দীঘলীয়া বেছি
বেছি যেন লগা কথাবোৰ
পঢ়ি !!
ৰ’বা কিবা এটা থাকি গ’ল, তুমি আগৰ চিঠিখনত
সুধিছিলা? তুমি
আগৰদৰে এতিয়াও লিখানে তোমাৰ অনুভৱবোৰ.....
সেইবাবেই আজি বহুদিনৰ মূৰত তোমাৰ বাবে
কিবা এটা লিখিলো......
!!এৰাঁসূতিৰ সিপাৰেদি উকি মাৰি পাৰ হৈ যায় এমুঠি সান্নিধ্যৰ স্মৃতি
!!
...... কেতিয়াবা নিৰ্লিপ্ত হৈ পৰো, সেই দৃষ্টিত, যেন অৰ্থহীন, উদ্দেশ্যহীনভাবে
হ’লেও
পুনৰ আকৌ
ঘূৰি চাওঁ.......
কোনোবা এটা প্ৰান্ততঃ
এটি
গভীৰ সন্ধিয়া.....
অন্ততঃ
এবাৰলৈ হ’লেও কথা পাতিম.............
তোমাৰ
বেছি সময় নলওঁ দেই, হয়তো তোমাৰ
দৰকাৰী কামৰ বাবে উলাই যাবলগীয়াও থাকিব পাৰে।
আজিলৈ আহিছো.......
তোমাৰ
চিঠি পোৱাৰ আশাৰে.....
প্ৰান্ততঃ
তোমাৰ
মৰমৰ বন্ধু
অনিৰ্বাণ
৫/১/২০১২
-ইন্দ্ৰনীল গায়ন
(২)
মৰমৰ
অৰুন্ধতী,
আশাকৰো কুশলে আছা, আজি বহুদিনৰ মূৰত তোমালৈ বুলি চিঠিখন লিখিলোঁ।
তুমি আহিবা বুলি তোমাৰ
ঘৰৰ পদূলিমুখেৰে অহা যোৱা কৰিয়েই পাৰ হৈ গ’ল পূজাৰ দিনকেইটা, আগৰ চিঠিখনত তুমি পূজাত আহিম বুলি কৈছিলা গভীৰ আস্থা, আৰু বিশ্বাসেৰে। সেই আস্থা, আৰু বিশ্বাসেৰেই ময়ো
অপেক্ষাৰত ????
কিন্তু, তুমি নাহিলা, চিঠি এখনো নিলিখিলা।
জানাই দেখোন মই তোমাক….???
তথাপি, কিয় জানো কেতিয়াবা এনে লাগে তুমি যেন মোৰ পৰা লাহে লাহে দূৰলৈ গৈ আছা, বেয়া নাপাবা, মই অনুভৱ কৰা কথাটোহে ক’লোঁ,
হয়তো তুমি নহাৰ বাবেই মোৰ অভিমানবোৰ ক্ৰমে বাঢ়ি গৈছে।
কি হ’ল কি ভাবিছা ……
ধেৎ ময়ো যে ইমান দিনৰ
মূৰত তোমালৈ চিঠিখন লিখিছোঁ, তোমাৰ মনটোত দুখ দিবৰ
বাবেহে ভাবিবও পাৰা ইমান খং ,অভিমানেৰে লিখা চিঠি
নপঢ়োঁ যা !!!
হয়তো?
ধূলি ধূসৰিত স্মৃতিৰ
পেৰাটোৰ পৰা দুখবোৰ নিগৰি আহিছিল !!
গোপনে উচুপি উঠিছা চাগৈ
তুমি…
মই ..??
মইতো দেখা নাই……
মই যে তোমাক বহুদিন দেখা
নাই, সেইবাবেই এই অভিমান, তুমি কেৱল ভুল নুবুজিবা!!
কেতিয়াবা কিয় জানো এনে
লাগে মই যেন মাথোঁ অন্তহীন অপেক্ষাৰ শীৰ্ষস্থানত ৰৈ থকা এজন বাট হেৰুওৱা পথিকৰ দৰেই…..
বুকুৰ পৰা বুকুলৈ সীমাহীন
যন্ত্ৰণা,
তুমি অনুভৱ কৰানে মোৰ দৰেই।
ভবাটো নহয় কেতিয়াও, কেৱল হৈ যায়.. নহয় নে…???
সেইদিনা হঠাতে
খিড়িকীখনৰে সোমাই অহা বৰষুণৰ টোপালবোৰে মোক স্পৰ্শ কৰিছিল।
আস..
মই যেন আকৌ অনুভৱ
কৰিছিলো সেই দিনটো জানানে??
তুমি য়ে চিঞৰি চিঞৰি
কৈছিলা,
“ মই তোমাক ভালপাওঁ”
পাহাৰৰ ইটো-পাৰৰ পৰাও
ভাঁহি আহিছিল
সেই একেই কন্ঠস্বৰ: মই…………….!!
সেয়া যেন জীৱনৰ এক অনন্য
সুখময় সময় আছিল..
ভালপোৱা.. ভালপোৱা… ভালপোৱা…..
ময়ো বুজি পাওঁ বাংগালোৰ
আমাৰ অসমৰ দৰে নহয় !! প্ৰতিটো মুহূৰ্ততেই যেন একো একোটা নতুন প্ৰত্যাহ্বান !!
পৰিৱৰ্তনশীল সময়ৰ সৈতে আগবাঢ়ে আমাৰ জীৱনৰ পথ, ঠিক সেইদৰে আমিও
আগবাঢ়োঁ!!
কিয়নো….
আশাৰ পৰিধিৰেই আৰম্ভ হয়
জীৱন।
আজিলৈ আহিছোঁ
তোমাৰ চিঠি পোৱাৰ
আশাৰে!!
ইতি,
তোমাৰ
অনিৰ্বাণ
২৮/১০/২০১৩
-ইন্দ্ৰনীল
গায়ন
(৩)
মৰমৰ
অৰুন্ধতী
আশাকৰো তুমি কুশলে আছা !! আজি প্ৰায় এমাহৰ পিছত তোমাৰ
চিঠিখন পালো !! চিঠিখন পঢ়ি মোৰ মনলৈ অহা ভাবখিনি তোমালৈ বুলি পুনৰাই লিখি পেলালো
!!
তুমি কৈছিলা-
ভগা সপোনৰ টুকুৰাবোৰত উজ্জ্বলি উঠা নাছিল সেই ৰংৰ প্ৰতিচ্ছবি..
কিয় বাৰু??
আমাৰ মাজৰ নীৰৱতাবোৰ অসহজ হৈ পৰিছিল
যেন
বিষণ্ণ চকুত প্ৰতিনিয়ত ভালপোৱাৰ ঠিকনা !!মইতো কেতিয়াও
কোৱা নাছিলো জোনাকবোৰ ছটিয়াই দিম তোমাৰ গালে মুখে, জনা নাছিলো একান্ত ব্যক্তিগত কথাবোৰ।
হয়তো....
মোৰ ভুল..?
উহু নহয় !!
সন্ধ্যাৰ আকাশখনত অজান সুৰ এটি হৈ নীড়হাৰা পখীজাক গুছি
গ’ল..
মই মাথো নিৰ্বিকাৰ হৈ চাই ৰ’লো !! নিৰ্যাহ বেলিটোলৈ......
ঠিক সেই সময়খিনিতে কোনে জানো কাণে কাণে কৈ গ’ল.. কি
আছে এই বিশ্বাস অবিশ্বাসৰ মাজৰ প্ৰত্যয়টোত..??
সঁচাকৈয়ে
নীৰৱতাৰো হেনো থাকে বহু গোপন কথা !!
বাট চাম, তুমি আহিবা .... !!
কথা পাতিম ।
চিঠিৰ উত্তৰ পোৱাৰ আশাৰে..........
প্ৰান্তত
তোমাৰ
অনিৰ্বাণ
২১/১১/২০১৩
-
ইন্দ্ৰনীল গায়ন
:গল্প:
:গল্প:
:২৪ ঘন্টাৰ কাহিনী:
মৰমবোৰ আজুৰি অনাৰ কথা নাছিল, সকলোবোৰ যেন হঠাতেই হৈ গৈছিল
কিয় জানো কেইদিনমানৰ পৰা নিজৰ মনটোক
বুজাব পৰা নাই,
সদায়ে কেৱল মইয়ে কিয়..??
এই যে “মই” চৰিত্ৰটো বৰ
জটিল!! কি ভাবত জানো বিভোৰ হৈ থাকে, গল্পটোৰ ঠিক নায়ক বুলিও ক’ব নোৱাৰি...
বাৰু.. থাককচোন....
হিচাপ নিকাচবোৰ পিছতো কৰিব পাৰিম। মানে গল্পটোত “ মই” চৰিত্ৰটোৰ ভূমিকা কিমান।
“এভিৰিথিং ইজ ফেয়াৰ
এন লাভ এন ৱাৰ”
ৱাহ.... কি হ’ল অ’ বেলেগ দেখোন।
ধেই.. কি বেলেগ দেখিলি তই....
(গল্পটোত সিহঁতৰ আড্ডা দিয়া ঠাইৰ চৰিত্ৰ “ মই” আৰু “তই” ৰ মাজত হোৱা কথোপকথনৰ
কিছু অংশ)
আৰে বেতা তোৰ লাভ ষ্টৰী কিমানদূৰ পালেগৈ
অ’ আমাকো ক’চোন অলপ
ঐ.. এইবোৰ কথা সুধি থাকি মোৰ মূৰটো গৰম
কৰি নল’বি কিন্তু কৈ দিছো।
হ্ম্ম... মানে তোৰ মূৰত এতিয়া ৱাৰ চলি আছে......
( চৰিত্ৰ “ তই” য়ে “মই” চৰিত্ৰটোক
অলপমান ইতিকিং সুৰত কৈছে এই কথাখিনি)
বাৰু হ’ব হ’ব,
মোক ইতিকিং কৰি লাজ দিব নালাগে, চাম নহয়
তহঁতৰ ষ্টৰীবোৰো !!
গল্পটোৰ বিষয়বস্তু গভীৰ নহয়, আজিকালি অ’ত ত’ত আড্ডা দি থকা পাতলীয়া বয়সৰ
ল’ৰাবোৰৰ মাজতেই কেতিয়াবা প্লট বিচাৰি পোৱা
যায়।
পাঠক সকলে চাগৈ ভাবিছে এইটো কিবা গল্প নেকি.. হাঃ হাঃ সঁচাকৈ কওঁ মোৰো হাঁহিবৰ
মন গৈছে গল্পটোৰ নক্সা দেখি.....
তথাপি এপাক ঘূৰি যাওঁ গল্পটোৰ মাজলৈ...
ঐ তহঁত যাবি নে এতিয়া?? আমি যাওঁ
( ব্ৰেকগ্ৰাউণ্ডত বাজি আছে বাবা
খোৱা উৰি যোৱা, .... !!!....)
চালাঃ উৰি গৈছো বেঃ
( এইবোৰ ল’ৰাক দেখিলে পাঠকে বাৰু কি ভাবে....???)
সঁচাকৈ জীৱনৰ অতিকৈ মূল্যবান সময়বোৰ এনেদৰে অপব্যায় কৰি আছে, দেখিব এটা সময়ত
এইবোৰ কথা ভাবিয়েই জীৱনটোক পুনৰাই আৰম্ভ কৰিম বুলি ভাবিলেও আৰম্ভ কৰিব নোৱাৰিব । কাৰণ সময় যে তেনেই তাকৰ)
চৰিত্ৰ “ মই” সিহঁতৰ একেবাৰে বিপৰীত, কিন্তু একেলগে একেখন কলেজতে পঢ়ে বাবে
টিউচন আদিলৈ যাওঁতে কেতিয়াবা “ তই” নামৰ চৰিত্ৰবোৰৰ লগতো যাব লগা হয়, তাৰ বাইক
নাই, আৰু ঘৰৰ পৰা টিউচনলৈও বহুত দূৰ, সেইবাবে যাবলগীয়াত পৰে!!
:::::::::::::::::::::::
সদায়ে কেৱল “ মই” য়ে কিয়......?????
উত্তৰ:- মাজে মাজে..কথাবোৰ নভবাকৈয়ে হৈ যায়, কাৰণবোৰ অহেতুকো বিশ্লেষণ কৰাৰ
প্ৰয়োজনবোধ কোনেও নকৰিলে.... চৰিত্ৰ “মই” যেন দুখত ভাগি পৰিছে..... (বেকগ্ৰাউণ্ডত
বাজি আছিল.... তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে।
:::::::::::::::
কি হৈছিল ,কিয় হৈছিল....... কথাবোৰ আজিলৈ কোনেও নাজানিলে.....
তাৰ মৃত্যুৰ কাৰণ আপোনালোকে জানে নেকি???
-
-ইন্দ্ৰনীল গায়ন
Subscribe to:
Posts (Atom)





























