বহুবছৰৰ
আগেয়ে তেওঁ মোৰ চহৰলৈ আহিছিল গ্ৰেগৰ ছামচা৷ কাফকাৰ মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰটো৷
প্ৰাগ
চহৰৰ কফী হাউচৰ সমুখখিনি সেইদিনা বৰফৰে ভৰি পৰিছিল৷
হঠাতে
তেওঁ কৈছিল ” আপুনি বৰফৰঙী”
মোৰ
উত্তৰ আছিল আইম নট’
আমি
কিছু সময় ইটো সিটো কথাৰে আড্ডাটো জমাই ল’লো৷
আড্ডা
জমাব পৰাটোও এটা কলা…
কোনে
ক’লে??
ক’ৰপৰা
জানো উফৰি আহিছিল
হেই
হিয়েৰ আইম কাফকা
লগ
পাই গ’লো
এশবছৰৰ
পিছত!!
মই
কাফকাক দেখি শিল পৰা কপৌৰ দৰে হৈ পৰিলোঁ৷ কি আচৰিত সেইজন মানুহেই এইজন৷ এতিয়া বয়সৰ
চাপ পৰিছে৷ অভাৰকোটটোৰ ভিতৰত এটা জীৰ্ণ দুৰ্বল শৰীৰ৷
মই
তেওঁক সুধিলোঁ আপোনাৰ মুখখনত অসুখৰ ছাঁ পৰিছে৷ তেওঁ ক’লে হয় মই যক্ষ্মা ৰোগী৷
চিকিৎসা
কৰোৱা নাই??
কৰাইছো৷ এতিয়া বহুত পলম হ’ল৷ বিকল্প একো নাই মৃত্যুৰ বাহিৰে৷
কৰাইছো৷ এতিয়া বহুত পলম হ’ল৷ বিকল্প একো নাই মৃত্যুৰ বাহিৰে৷
আপুনি
অকলশৰীয়া??
হয়
বৰ্তমান মোৰ কোনো নাই৷ আজিৰ পৰা বহু বছৰৰ আগতে ফেলিচ নামৰ এগৰাকী প্ৰেয়সী আছিল৷
এতিয়া
নাই৷
মৃত্যু হৈছে৷
মৃত্যু হৈছে৷
অহ্
আই এম ছৰী৷৷
আই এম ছৰী৷৷
ইটছ
ওকে৷ এইখন পৃথিৱীত কোনো মানুহ জীয়াই নাথাকে৷ এদিন আগত আৰু এদিন পিছত, শাশ্বত ৷
হয়,
আপুনি ঠিকেই কৈছে৷৷ কফী খাব?? আপোনাৰ নামতেই আছে কফী হাউচটো ‘কেফে কাফকা”
ভাল
লাগিব যদি মোৰ অনুৰোধটো ৰক্ষা কৰে৷
নিশ্চয়৷
মোৰ পিয়াহ লাগিছে৷ আনিবলৈ দিব পাৰে৷
এনেদৰেই
কথা চলি থাকে৷ মাজে মাজে তেওঁ টেবুলৰ পৰা উঠি যায়৷ মই জানো তাৰ কাৰণ৷ তেওঁৰ হাতত
বেছি সময় নাই৷
” A
great mouthful of water”
তেওঁৰ
পিয়াহ লাগিছে৷ মাত্ৰ ৪২ টা বছৰ৷ ৰৈ গ’ল তেওঁৰ আধৰুৱা উপন্যাসখন দী ক্যাছল৷
হঠাতে
মোৰ সমুখৰ পৰা চহৰখন নোহোৱা হৈ গ’ল৷ আৰু সম্বিত ঘূৰাই মই নিজক আৱিষ্কাৰ কৰিছিলোঁ
সৰু কোঠাটোৰ ভিতৰত৷
আঃ
কাফকা….
কাফকা….
(টোকা:
কাফকা হৈছে কুৰি শতিকাৰ এজন অতিকৈ প্ৰখ্যাত লেখক৷ মেটামৰফ’চিছ হৈছে তেওঁৰ সাহিত্য
জীৱনৰ অন্যতম কৃতি, প্ৰাগ হৈছে তেওঁৰ জন্মস্থান৷ গ্ৰেগৰ ছামচা হৈছে মেটামৰফ’চিছৰ
মূখ্য চৰিত্ৰ৷)