কবিতাৰ শিৰোনামা:
এমুঠি মৰম, এটি সপোন, আৰ্চিছ গেলাৰী ইত্যাদি !!
______________________________ ______
আগকথা:-
এই কবিতাটো ভন্টি ৰাজশ্ৰী বৰগোঁহাই, Rajashree Borgohain), হিৰণ্ময় বৰুৱা Hiranmoy Boruah আৰু মই Indranil Gayan আমাৰ তিনিওটাৰে এটা কবিতাৰ আনটো কবিতাৰ উত্তৰ হিচাপে লিখা হৈছে:- সেইবাবে আপোনালোকলৈ একেলগে তিনিওটা কবিতা আগবঢ়ালো।
(১)
ইন্দ্ৰনীল গায়ন
________________
এই যে সময়বোৰ আলফুলে তোমাৰ দুহাতত গুজি দিয়াৰ কথা আছিল
মৌন হৈ পৰা ৰাতিপুৱাটোত বাউলি হৈছিল এজাক বতাহ !!
দুপৰীয়াৰ ৰ’দজাক চঞ্চল হোৱা নাছিল
জানানে..?
কবিতাবোৰো !!
আবেলিটো
ধুনীয়া হৈ পৰোতেই
ক্ৰমশঃ
হেৰাই গৈছিল
এটা সপোন !!
কবিতাবোৰে (যে) শুই থকাৰ অভিনয়হে কৰিছিল.......
তুমি হয়তো
নাজানা !!
আৰ্চিছ গেলাৰীৰ প্ৰতিটো বস্তুৱেই কৃত্ৰিম।
পুনশ্চঃ
বেৰত ওলমি ৰ’ল মাথো পুৰণি আৰ্চিছৰ কাৰ্ডখন !!
আৰু
দামী বুকেটো.....?
(২)
ৰাজশ্ৰী বৰগোঁহাই Rajashree Borgohain
______________________________ _
এই যে, তুমি মোৰ, মই তোমাৰ হোৱা কবিতাবোৰ;
ৰাতিপুৱা সতেজ হৈ দৌৰি ফুৰিছিল।
দুপৰীয়াৰ ৰ’দকণে চঞ্চল কৰি নিদিয়া হ’লে
এই ধুনীয়া আবেলিটোত কবিতাবোৰ শুই নাথাকিলেহেঁতেন
ভাগৰুৱা হৈ......।
ঠিক..
আৰ্চিছ গেলাৰীৰ দামী বুকেটো অনাৰ পাছত,
সাজিম কাচিম বুলি ৰৈ থকা
চোতালৰ ৰজনীগন্ধাজোপা দিন গনি গনি
শুই যোৱাৰ দৰে.....।
(৩)
হিৰণ্ময় বৰুৱা Hiranmoy Baruah
____________________________
শুনিছো, মৰমৰ হেনো সঘনে সলনি হয় ঠিকনা;
সেয়ে হয়তো (আজি) তেঁওৰ বুকুৰ শূন্যতাই
অনুমান কৰিব নোৱাৰে বৰষুণ জাকৰ চঞ্চলতাক,
তেঁওৰ মৌনতাত জঁয় পৰে
শব্দবোৰৰ নিষ্পাপ ধেমালি,
উকা হৈ পৰি ৰয় চিনাকি দাপোণ ।
এসময়ত...
তেঁওৰেই হাঁহিত চপৰা চপৰে খহি পৰিছিল
আলফুলে সাৱটি ৰখা ডাৱৰৰ টুকুৰা,
উশাহত তেঁওৰ পাখি মেলি নাচিছিল
হেঁপাহৰ ৰঙবোৰ...
ৰাগি লাগি নষ্ট হোৱা হৃদয়খনে সাজিছিল
জোনাকি কাৰেং ,
এতিয়া (যে) সকলো সপোন...।।
পৰিশিষ্টঃ
বেৰত ওলমাই ৰখা আর্চিছৰ কার্ডখনে কি বুজিব
সাজি-কাচি তেঁওৰ বাবেই বাট চাই ৰৈ থকা
পদুলিমুখৰ গোলাপজোপাৰ বিননি...।।
______________________________